ETV Bharat / entertainment

আনক আমনি কৰি ভালপোৱা মণিকা ইকেৰ সৈতে পৰিচয় হওঁ আহক - Specially Abled Girl Manika Eke

author img

By ETV Bharat Entertainment Team

Published : Sep 17, 2024, 12:38 PM IST

Manika Eke Interview: কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী বিশেষ ছাত্ৰী । দুচকুৰে পৃথিৱীৰ ৰং নেদেখা যুৱতীগৰাকীয়ে নিজৰ প্ৰতিভাৰে আকৰ্ষিত কৰিছে সকলোকে ।

Manika eke
প্ৰতিভাৰ আকৰ মণিকা ইকে (ETV Bharat Assam)

গুৱাহাটী, 17 ছেপ্টেম্বৰ : সপোনৰ পম খেদা এগৰাকী যুৱতী । দুচকুৰে পৃথিৱীৰ পোহৰ নেদেখে যদিও মনৰ পোহৰৰে উজ্জ্বলি থাকে যুৱতীগৰাকী । অৰুণাচলৰ আপাৰ চিয়াং জিলাৰ টুটিং নামৰ এখন দুৰ্গম গাঁৱৰ পৰা আহি গুৱাহাটী মহানগৰীত চলাই গৈছে সংগ্ৰাম । বৰ্তমান কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত এই বিশেষ ছাত্ৰীগৰাকীৰ নাম মণিকা ইকে ।

বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

মণিকা বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ তৃতীয় ষান্মাষিকৰ ছাত্ৰী । মণিকা আন দহগৰাকী ছাত্র-ছাত্ৰীৰ দৰে নহয়, আনতকৈ পৃথক অসাধাৰণ মণিকা । নিজৰ প্রতিভাৰে সকলোকে আকৰ্ষণ কৰিব পাৰে মণিকাই ।

জীৱ-জন্তুৰ ‘মিমিক্ৰী’ কৰাত পাৰ্গত মণিকা । কুকুৰ, মেকুৰী আদিকে ধৰি সকলো জীৱ-জন্তুৰ মাত হুবহু নকল কৰিব পাৰে মণিকাই । সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ মাণিকাই খুব সুন্দৰকৈ গান গাব পাৰে । কেইবাগৰাকী কণ্ঠশিল্পীৰ গীত হুবহু ‘মিমিক্ৰী’ কৰিব পাৰে যুৱতীগৰাকীয়ে । ইটিভি ভাৰতৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত মণিকা ইকেই জনালে তেওঁৰ বিষয়ে বহু কথা ।

  • বিশেষভাৱে সক্ষম মণিকাই কি দৰে গুৱাহাটীত চলাই গৈছে জীৱন সংগ্ৰাম ?

এই সন্দৰ্ভত মণিকাই জনাই, ‘‘কষ্টটো বহুত হয়, কষ্টৰ মাজতে মই এনেদৰে জীৱন সংগ্ৰাম চলাই গৈছো । কেতিয়াবা কিছুমান মানুহৰ সহায়ৰো প্ৰয়োজন হয় । বিশেষকৈ যেতিয়া কলেজলৈ যাও কেতিয়াবা মানুহ নাথাকিলে হোষ্টেলৰ গেটৰ পৰাও উভতি আহিবলগীয়া হয় ।’’

  • ক্লাছত কেতিয়াবা অসুবিধা হয় নেকি ?

এই সন্দৰ্ভত মণিকাই কয়, ‘‘ক্লাছত অসুবিধা হয়, কাৰণ যিহেতু আমি নোটৰ ওপৰত নিৰ্ভৰ কৰিব লাগে আৰু ইয়াত যিহেতু এতিয়ালৈ ব্ৰেইল পাঠ্যক্ৰমৰ ব্যৱস্থা নাই সেয়ে মই ক্লাছত পঢ়োৱাখিনি মোৰ ডিভাইছেৰে ৰেকৰ্ডিং কৰি শুনি শুনি তেনেকৈ পঢ়োঁ ।’’

  • অসমলৈ কেনেকৈ আহিল মণিকা ?

অৰুণাচলৰ পৰা 14 বছৰ পূৰ্বে অসমলৈ আহি শিক্ষা গ্ৰহণ কৰা মণিকাই তেওঁ অসমলৈ কেনেদৰে আহিল বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কয়, ‘‘আমি খ্ৰীষ্টানধৰ্মৰ মানুহ । মই সৰু থাকোতে এজন পুৰোহিত আমাৰ ঘৰলৈ গৈছিল আৰু তেওঁ মোৰ ঘৰৰ মানুহক মোক তেওঁৰ লগত গুৱাহাটীলৈ অনাৰ প্ৰস্তাৱ দিছিল । তেনেদৰে মই গুৱাহাটীলৈ আহিলো ।’’

মণিকা আজি তেওঁৰ এই অসাধাৰণ প্ৰতিভাৰ বাবে বহুলভাৱে চৰ্চিত ৷ ইটিভি ভাৰতৰ পৰিয়ালৰ তৰফৰ পৰা মণিকালৈ আগন্তুক জীৱনৰ অফুৰন্ত শুভেচ্ছা ৷

লগতে পঢ়ক : নাটকৰ লগত জড়িত হৈছিল স্কুলীয়া দিনতে; আজি এজন প্ৰতিষ্ঠিত নাট্যকাৰ - PRABHAT GOSWAMI INTERVIEW

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.