ETV Bharat / entertainment

কাৰাগাৰত বন্দী এলভিছ, কান্দি কান্দি অৱস্থা বেয়া মাতৃৰ, সমৰ্থনত নামিল এইসমূহ অভিনেতা

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 9:56 AM IST

Elvish Yadav Snake Venom Case : সাপৰ বিষ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে এলভিছ যাদৱ । ইফালে পুত্ৰ জেইলত থকাৰ সময়ত মাতৃৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ য’ত তেওঁ কান্দি থকা পৰিলক্ষিত হৈছে ৷

Elvish Yadav First Night In Jail, Mother Crying video viral, Ex Kirti Mehra Aly Goni Supported Him
এলভিছ যাদৱৰ সাপৰ বিষৰ গোচৰ

চিটাৰা ডেস্ক, ১৯ মাৰ্চ: ইউটিউবাৰ তথা বিগ বছ অ’টিটি ২ বিজয়ী এলভিছ যাদৱ বৰ্তমান কাৰাগাৰত আৱদ্ধ । সাপৰ বিষ সৰবৰাহৰ অভিযোগত এলভিছক গ্ৰেপ্তাৰ কৰি ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । ১৭ মাৰ্চত নিশাটো এলভিছে জেইলৰ ভিতৰতে কটায় । ইফালে পুত্ৰ জেইলত থকাৰ সময়তে মাকৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷

পুত্ৰৰ বাবে কান্দিছে মাতৃয়ে

উল্লেখ্য যে, এলভিছ যাদৱক নয়ডাৰ লাক্সাৰ জেইলত ৰখা হৈছে । প্ৰতিবেদন অনুসৰি এলভিছে প্ৰথমটো নিশা জেইলত ইকাতি সিকাতি কৰি পাৰ কৰিলে । আনহাতে পুত্ৰৰ অস্থিৰতাৰ কথা গ’ম পাই বাহিৰত মাকৰ কান্দি কান্দি অৱস্থা বেয়া । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত এলভিছ যাদৱৰ মাতৃক পুত্ৰৰ বাবে কান্দি থকা দেখা গৈছে ।

একে সময়তে এলভিছৰ মাকক বন্ধু কাটাৰিয়াই যত্ন লোৱা দেখা যায় । ইফালে এলভিছৰ মাতৃৰ এনে অৱস্থা দেখি অনুৰাগীয়েও দুখ প্ৰকাশ কৰিছে ।ইফালে এলভিছৰ মাকক দেখি আবেগিক হৈ পৰিল অভিনেতা আলী গনি ৷ অভিনেতাগৰাকীয়ে টুইট কৰি দুখ প্ৰকাশ কৰিছে ।

অভিনেতাজনে পোষ্টত লিখিছে, ‘‘এলভিছৰ মাতৃক এটা ভিডিঅ’ত কান্দি থকা দেখি মোৰ হৃদয় ভাঙি গ’ল । আশা কৰো তেওঁ তেওঁৰ পুত্ৰক অতি সোনকালে লগ পাওক আৰু ভৱিষ্যতে এই সকলোবোৰ বিতৰ্কৰ পৰা সি যাতে আঁতৰি থাকক তাৰেই কামনা কৰো ।’’

এলভিছৰ সমৰ্থনত প্ৰাক্তন প্ৰেমিকা কীৰ্তি

আলী গনিৰ উপৰিও এলভিছৰ প্ৰাক্তন প্ৰেমিকা তথা ইউটিউবাৰ কীৰ্তি মেহৰাইও এলভিছক সমৰ্থন কৰিছে । কীৰ্তিয়েও টুইট কৰিছে । এই টুইটত তেওঁ লিখিছে – আপোনাৰ সময় দুৰ্বল, আপুনি নহয় । ইয়াৰ লগতে তেওঁ JusticeForElvish ৰ হেচটেগো শ্বেয়াৰ কৰিছে ।

এলভিছ যাদৱে স্বীকাৰ কৰিলে নেকি অভিযোগ ?

উল্লেখ্য যে, এলভিছ যাদৱৰ বিৰুদ্ধে সাপৰ বিষ সৰবৰাহৰ অভিযোগ আছিল । কিন্তু জেইললৈ যোৱাৰ পিচত জেৰাৰ সময়ত পোহৰলৈ আহিছে যে এলভিছে সত্য স্বীকাৰ কৰিছে । সূত্ৰ অনুসৰি এলভিছে স্বীকাৰ কৰিছে যে সাপ সৰবৰাহৰ ক্ষেত্ৰত তেওঁৰ হাত আছিল । অৱশ্যে এলভিছে সত্য স্বীকাৰ কৰাক লৈ কোনো আনুষ্ঠানিক বিবৃতি অহা নাই ৷ যাৰ বাবে বৰ্তমানো একো ক’ব নোৱাৰি ।

লগতে পঢ়ক : হালোৱা পুৰি খাই কৰিলে ইকাতি-সিকাতি...কাৰাগাৰত এনেদৰে এলভিছে পাৰ কৰিলে এটা ৰাতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.