ETV Bharat / entertainment

দিলজিৎ দোছাঞ্জৰ কনচাৰ্টৰ পিছত খং উঠিল এজন খেলুৱৈৰ - DILJIT DOSANJH DIL LUMINATI TOUR

দিলজিৎ দোছাঞ্জৰ কনচাৰ্টৰ পিছত জে এল এন ষ্টেডিয়াম পৰিণত হয় আৱৰ্জনাস্থলীলৈ ৷ ভঙা চকীৰ লগতে সুৰাৰ বটল উদ্ধাৰ ৷

diljit dosanjhs concert left jln staduim dirty audience damages equipment found alcohol bottles
দিলজিৎ দোছাঞ্জ (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : Oct 29, 2024, 2:08 PM IST

মুম্বাই : যোৱা শনিবাৰে দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত পাঞ্জাবী তাৰকা দিলজিৎ দোছাঞ্জৰ কনচাৰ্ট আছিল । ইয়াত প্ৰায় 35 হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল । দিলজিতৰ অনুৰাগীসকলে হেঁপাহ পলুৱাই উপভোগ কৰে এই অনুষ্ঠান । দিলজিতৰ কনচাৰ্টৰ শব্দ ষ্টেডিয়ামৰ বাহিৰত বহু দূৰলৈকে শুনা গৈছিল । পিছে এতিয়া চৰ্চালৈ আহিছে জে এল এন ষ্টেডিয়ামৰ চৌপাশৰ পৰিৱেশ ৷

সংগীতানুষ্ঠানৰ পিছত জে এল এন ষ্টেডিয়াম চাব নোৱাৰা হৈ পৰিছে ৷ দিলজিতৰ কনচাৰ্টৰ পিছত ষ্টেডিয়ামৰ অৱস্থা একেবাৰে বেয়া হৈ পৰিছে । বিভিন্ন স্থানত সুৰাৰ বটল উদ্ধাৰ হৈছে । এজন খেলুৱৈয়ে জে এল এন ষ্টেডিয়ামৰ ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ পাছতেই চাৰিওফালৰ পৰা সমালোচনা জোৱাৰ উঠিছে ।

খেলুৱৈসকলে জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ঘাম উলিয়াই দৈনিক অনুশীলন কৰে, কিন্তু সংগীতানুষ্ঠানৰ পিছত, খেলুৱৈসকলৰ বাবে ইয়াত অনুশীলন কৰাটো কঠিন হৈ পৰিছে । এজন খেলুৱৈয়ে ভিডিঅ’ কৰি জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ প্ৰতিটো কোণ দেখুৱাইছে, য’ত আৱৰ্জনাৰ থূপ দেখা গৈছে । এতিয়া এই খেলুৱৈগৰাকীৰ সমান্তৰালকৈ জনতায়ো ক্ষোভ প্ৰকাশ কৰিছে ।

মন কৰিবলগীয়া কথা যে, জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ ৰান ট্ৰেক সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । য’তে-ত’তে জাবৰৰ থূপ । ভঙা চকী, পচি যোৱা খাদ্য আৰু পানীৰ বাবে ইয়াৰ পৰিস্থিতি বোকাময় হৈ পৰিছে । এই সকলোবোৰ মিলি জৱাহৰলাল নেহৰু ষ্টেডিয়ামত বেয়া গোন্ধ ওলাইছে, যাৰ বাবে খেলুৱৈয়ে অনুশীলন কৰিব পৰা নাই । উল্লেখ্য যে, দৌৰবিদ বেয়ন্ত সিঙে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে, য’ত এই ব্যৱস্থাটোক লৈ নিজৰ ক্ষোভ প্ৰকাশ কৰিছে ।

দিলজিতৰ কনচাৰ্টৰ বাবে মিউজিক লেবেল সাৰেগামা আৰু স্প’ৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ মাজত চুক্তি কৰা হৈছিল । এই জৱাহৰলাল নেহৰু ষ্টেডিয়াম দিলজিতৰ কনচাৰ্টৰ বাবে 1 নৱেম্বৰলৈ বুকিং কৰা হৈছে । জৱাহৰলাল নেহৰু ষ্টেডিয়াম এতিয়া সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰা হ’ব ।

বেয়ন্ত সিঙে কি কয় ?

ভিডিঅ’টোত বেয়ন্ত সিঙে কয়, “এয়া হৈছে ভাৰতত ক্ৰীড়া আৰু ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিৰ স্থান । য’ত শিশুৱে অনুশীলন কৰে তাত মানুহে মদ খাই নাচি গান গায় । 10-10 দিন ধৰি ষ্টেডিয়াম বন্ধ হৈ থাকে । শিশুৱে অনুশীলন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবোৰ ভাঙি পেলাই দিয়া হয় । 4 বছৰৰ পাছত ছ’চিয়েল মিডিয়াত সকলোৱে মনত পেলাব যে অলিম্পিক বুলিও কিবা এটা আছে । ভাৰতলৈ পদক কিয় নাহে ? এইবাবেই পদক নাহে, কিয়নো ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিয়ে লাভ কৰিবলগীয়া সন্মান আৰু সমৰ্থন নাপায় । কোনোবাই ভাগ্যৰ বলত পদক পাই যদিও তেওঁকে সন্মুখত লৈ ছ’চিয়েল মিডিয়াত তেওঁৰ সৈতে ফটো পোষ্ট কৰিবলৈ, তেওঁক লগ কৰিবলৈ আৰু সকলো খ্যাতি তেওঁৰ নামত লুট কৰি দিয়া হয় । যি সমৰ্থন দিব লাগে সেয়া দিয়া নহয় ।”

লগতে পঢ়ক : দিলজিৎ দোছাঞ্জলৈ অনুৰাগীয়ে প্ৰেৰণ কৰিলে আইনী জাননী - Diljit Dosanjh Dil Luminati tour

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.