চিটাৰা ডেস্ক, 25 ফেব্ৰুৱাৰী: ইটালীৰ মিলান চহৰত ব্যতিক্ৰমী প্ৰয়াসেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ পাট-মুগাৰ বস্ত্ৰ সম্ভাৰৰ এক অনন্য প্ৰদৰ্শনী ‘কঁহুৱা কোমল’। সংযুক্তা দত্তৰ ‘কঁহুৱা কোমল’ শীৰ্ষক অসমৰ পাট-মুগাৰ বস্ত্ৰ সম্ভাৰৰ প্ৰদৰ্শনৰে মন্ত্ৰমুগ্ধ কৰিলে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ ফেশ্বন অনুৰাগী-বিশেষজ্ঞক ।

অসমৰ ৰেচম শিল্প বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অৰ্থে ডিজাইনাৰ সংযুক্তা দত্তই পূৰ্বেও বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে । অসমীয়া পাট-মুগাৰ সাজৰ নতুনত্বৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিব পৰাকৈ সংযুক্তা দত্তই প্ৰস্তুত কৰি উলিওৱা বস্ত্ৰ সম্ভাৰৰ ফেশ্বন শ্ব’টোৱে মিলান ফেশ্বন উইকত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।


মিলানত থকা ভাৰতৰ কনছুল জেনেৰেল টি অজুংলা জামিৰ আৰু ভাৰতীয় মহাসচিব লুচিয়ানো পেট্টোৱেলো মাণ্টোভানিকে ধৰি অনুষ্ঠানটোত উপস্থিত থকা বিশেষ অতিথিসকলক সংযুক্তা দত্তৰ অসমীয়া পাট-মুগা বস্ত্ৰ সম্ভাৰে মন্ত্ৰমুগ্ধ কৰি তোলে ৷ লগতে ইটালীৰ চেম্বাৰ অৱ কমাৰ্চৰ আৰু টি অ’ ডিৰ গ্ৰুপৰ বিশেষ প্ৰকল্প পৰিচালক তথা ভাৰত বিপণন পৰিচালক দিব্যা সিং আৰু ভাৰতীয় মূলৰ অন্যান্য বিশিষ্ট প্ৰবাসী লোকসকলে 'কঁহুৱা কোমল’ শ্ব’টোত প্ৰদৰ্শিত পাট-মুগাৰ বাছকবনীয়া বস্ত্ৰ সম্ভাৰৰ শিল্পকৰ্মৰ কাৰুকাৰ্য প্ৰত্যক্ষ কৰি আনন্দিত হৈ পৰে ।

এনেদৰেই মিলানৰ ৰেম্পত বৰ্ণিল ৰূপত প্ৰাণ পাই উঠা অসমীয়া পাট-মুগাৰ ভাঁজে ভাঁজে যেন সপোনহে ৰচিলে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতৰ এটি চিনাকী নাম হৈ পৰা সংযুক্তা দত্তই । ইয়াৰ পূৰ্বে FDCI, লেকমে ফেশ্বন উইক, লণ্ডন ফেশ্বন শ্ব’, নিউয়ৰ্ক- পেৰিছৰ ফেশ্বন উইক আদিৰ দৰে বিশ্বৰ আগশাৰীৰ ফেশ্বন শ্ব’ সমূহতো অংশগ্ৰহণ কৰি নিজৰ সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে সংযুক্তা দত্তই ৷
লগতে পঢ়ক: নিউয়ৰ্ক-পেৰিছৰ পাচত মিলান ফেশ্বন উইকত উজলিব সংযুক্তা দত্ত