ETV Bharat / entertainment

ৰূপালী পৰ্দাক বিদায় জনাব নেকি নৱমাতৃ দীপিকাই ? - Deepika Padukone continue acting

author img

By ETV Bharat Entertainment Team

Published : Sep 14, 2024, 6:46 PM IST

Deepika Padukone: শেহতীয়াকৈ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰা বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনে সকলো ফালৰে পৰা অভিনন্দন লাভ কৰি আছে । তাৰ মাজতে খবৰ আহিছে যে তেওঁ সন্তানৰ বাবে কোনো চোৱাচিতা কৰা ব্যক্তি নিয়োগ নকৰে বৰঞ্চ তেওঁ নিজেই ডাঙৰ-দীঘল কৰিব । ইয়াৰ বাবেই দীপিকাই অভিনয় জীৱনৰ পৰা বিৰতি ল’ব নেকি সেই বিষয়ত আলোচনা তীব্ৰতৰ হৈ পৰিছে ? সত্যটো কি জানো আহক-

Deepika Padekone to take a break from career as she become a mother of a baby girl, follows Anushka Sharma Path
দীপিকা পাডুকন-অনুষ্কা শৰ্মা (ANI)

চিটাৰা ডেস্ক, 14 ছেপ্টেম্বৰ : দীপিকা পাডুকনে অলপতে তেওঁৰ প্ৰথম সন্তান জন্ম দিয়ে । তেতিয়াৰে পৰা সমগ্ৰ দেশৰ জনতাই তেওঁলৈ শুভকামনা প্ৰেৰণ কৰি আছে । অনুৰাগীসকলে দীপিকাক সামাজিক মাধ্যমত মাতৃ হোৱাৰ বাবে অভিনন্দন জনাইছে । এতিয়া খবৰ আহিছে যে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ কন্যা সন্তানৰ বাবে কোনো চোৱাচিতা কৰা ব্যক্তি নিয়োগ নকৰে ৷ প্ৰতিবেদন অনুসৰি, দীপিকাই ঐশ্বৰ্য ৰায় বচ্চনৰ দৰে জীয়েকক ডাঙৰ-দীঘল কৰাৰ পথ অনুসৰণ কৰিব পাৰে, চোৱাচিতা কৰা ব্যক্তিৰ পৰিৱৰ্তে তেওঁ নিজেই শিশুটিৰ যত্ন ল’ব বিচাৰিছে ৷ সন্তানক তেওঁ সম্পূৰ্ণ সময় দিব । অৱশ্যে অভিনয় ত্যাগ কৰাৰ বিষয়ে তেওঁৰ পিনৰ পৰা একো আনুষ্ঠানিক বাৰ্তা অহা নাই ৷ দীপিকাই মাতৃত্বকালীন ছুটীৰ পিছত কামলৈ উভতি আহিব পাৰে বা সন্তানক ডাঙৰ-দীঘল কৰিবলৈ অভিনয়ৰ পৰা দীঘলীয়া বিৰতি ল’ব পাৰে বুলি অনুমান কৰিছে সকলোৰে ।

আলিয়া-অনুষ্কাৰ দৰে ন’-ফটো নীতি মানি চলিব দীপবীৰে

কেৱল এয়াই নহয়, দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে নিজৰ কন্যাৰ বাবে ৰণবীৰ কাপুৰ-আলিয়া ভাট আৰু অনুষ্কা শৰ্মা-বিৰাট-কোহলীৰ দৰে ন’-ফটো নীতি মানি চলিব পাৰে । খবৰ অনুসৰি তেওঁলোকে নিজৰ কন্যাক এতিয়াৰ বাবে সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰাখিব আৰু উপযুক্ত সময় আহিলে হয়তো সকলোৰে লগত চিনাকি কৰাই দিব পাৰে । যদিও এতিয়ালৈকে এই কথা অফিচিয়েল হোৱা নাই, কিন্তু খবৰ অনুসৰি দীপিকাই অনুষ্কা শৰ্মাক অনুসৰণ কৰি কন্যাক ডাঙৰ-দীঘল কৰিব পাৰে ।

চলচ্চিত্ৰ জগতৰ অভিনন্দন বাৰ্তা

দীপিকা আৰু ৰণবীৰ সিঙৰ জীৱনলৈ 8 ছেপ্টেম্বৰত এটি কন্যা সন্তানৰ আগমন ঘটে । তেওঁ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি লিখে, ‘ৱেলকাম বেবী গাৰ্ল ।’ বলীউডৰ বহু চেলেব্ৰিটীয়ে পাৱাৰ কাপল আৰু তেওঁলোকৰ কণমানিক শুভেচ্ছা জনায় । আলিয়া ভাট, প্ৰিয়ংকা চোপ্ৰা-নিক জোনাছেও দম্পতীটোক অভিনন্দন জনায় । কেটৰিণা কাইফ, ছাৰা আলী খান, অৰ্জুন কাপুৰকে ধৰি বহু তাৰকাই তেওঁলোকক অভিনন্দন জনায় । কৰীণা কাপুৰে লিখিছে, ‘ছাইফু আৰু বেবোৰ হৈ মা আৰু দেউতাক অভিনন্দন, সৰু দেৱদূতক ভগৱানে আশীৰ্বাদ কৰক ।’

লগতে পঢ়ক : গোপনীয়তা ! বাহিৰত পৰ্দাৰে গাড়ী ঢাকি থৈ শ্বাহৰুখ হাস্পতালত কিয় ? - SRK visits Ranveer Deepika

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.