ETV Bharat / entertainment

চন্দু চেম্পিয়ন চাই আৱেগিক হৈ পৰিল প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ - virender sehwag on chandu champion

Virender Sehwag on chandu champion: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগে কাৰ্তিক আৰিয়ান অভিনীত ছবি 'চন্দু চেম্পিয়ন'ৰ উচ্চ প্ৰশংসা কৰে ৷ যিখন ছবি ১৪ জুনত ছবিগৃহত মুক্তি লাভ কৰিছে । ছবিখনে দৰ্শক আৰু অনুৰাগীসকলৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছে ।

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 10:43 AM IST

cricketer virender sehwag praises kartik aaryan starrer chandu champion
আৱেগিক হৈ পৰিল বীৰেন্দ্ৰ ছেহৱাগ (ETV Bharat)

চিটাৰা ডেস্ক, 26 জুন : কবীৰ খানৰ দ্বাৰা পৰিচালিত কাৰ্তিক আৰিয়ানৰ ছবি চন্দু চেম্পিয়নে 14 জুনত ছবিগৃহত মুক্তি লাভ কৰে । ছবিখন বক্স অফিচ কালেকচন একপ্ৰকাৰ হিট বুলিয়ে ক’ব পৰা যায় । কাৰ্তিকেও তেওঁৰ অভিনয়ৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰিছে দৰ্শকৰ পৰা । শেহতীয়াকৈ ছবিখন উপভোগ কৰি সমগ্ৰ টীমটোৰ লগতে কাৰ্তিকৰ অভিনয়ৰ উচ্চ প্ৰশংসা কৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বেটছমেন বীৰেন্দ্ৰ ছেহৱাগে ৷

এক সাক্ষাৎকাৰত ছবিখনক লৈ মতামত প্ৰকাশ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে । এই ছবিখন চাই অতিশয় আপ্লুত হোৱা বুলি মত ব্যক্ত কৰে ছেহৱাগে । চন্দু চেম্পিয়ন ছবিখন দৰ্শকক আবেগিক কৰি তুলিব পৰা এখন ছবি বুলি অভিহিত কৰে তেওঁ । ছবিখন চায়েই তেওঁ উপলব্ধি কৰে যে, মুৰলীকান্ত পেটকাৰৰ বাবে সোণৰ পদক লাভ কৰাটো কিমান কঠিন আছিল ।

লগতে পঢ়ক : দৰ্শকৰ দৃষ্টিত চন্দুৱে সঁচাকৈয়ে ধৰা দিলে চেম্পিয়ন হিচাপে - Chandu Champion Review

"মই কালি এখন চিনেমা চাইছিলো, নাম আছিল চন্দু চেম্পিয়ন । অসাধাৰণ ছবি । ছবিখনত এইটো দেখুওৱা হৈছে যে আমাৰ যিসকল পেৰা অলিম্পিক খেলুৱৈ আছিল, তেওঁলোক কিমান সমস্যা পাৰ কৰিব লগা হৈছিল" ৷

ইয়াৰ মাজতে সাক্ষাৎকাৰ লোৱা আয়োজক গৌৰৱ কাপুৰেও ছবিখনৰ সন্দৰ্ভত নিজৰ আৱেগ পুনৰ ব্যক্ত কৰে । তেওঁ কয় যে, দৰ্শকে কেৱল ক্ৰিকেটেই চাব নালাগে, আন ক্ৰীড়া আৰু ক্ৰীড়া ব্যক্তিত্বৰ কাহিনীও জানিব লাগে ৷ আন বহু চেলেব্ৰিটীয়েও কাৰ্তিকৰ অভিনয়ৰ উচ্চ প্ৰশংসা কৰে ।

চন্দু চেম্পিয়ন ছবিখন পৰিচালনা কৰিছে কবীৰ খানে । আনহাতে, প্ৰযোজনা কৰিছে সাজিদ নাদিয়াদৱালাই ৷ এই ছবিখনত পেৰা অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী মুৰলীকান্ত পেটকাৰৰ চৰিত্ৰত অভিনয় কৰিছে কাৰ্তিক আৰিয়ানে । তেওঁৰ লগতে বিজয় ৰাজ, ভূৱন অৰোৰা, ৰাজপাল যাদৱ, যশপাল শৰ্মা, শ্ৰেয়স তালপাড়ে, সোণালী কুলকাৰ্ণীকে ধৰি বহু তাৰকাই ছবিখনত অভিনয় কৰিছে ৷

লগতে পঢ়ক : চন্দু চেম্পিয়ন স্ক্ৰীণিঙত তাৰকাৰ পয়োভৰ: অনন্যাক দেখি চকু থৰ লাগিল সকলোৰে - Chandu Champion Screening

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.