চিটাৰা ডেস্ক, 28 এপ্ৰিল : বি টাউনৰ এটা জনপ্ৰিয় যুটি বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰ ৷ আজি তথা 28 এপ্ৰিল তাৰিখে বিপাশা আৰু কৰণে দাম্পত্য জীৱনৰ 8 টা বসন্ত গৰকিছে ৷
27 এপ্ৰিলৰ মাজনিশা অভিনেত্ৰী বিপাশা বসুৱে তেওঁৰ স্বামী তথা অভিনেতা কৰণক তেওঁলোকৰ 8 তম বিবাহ বাৰ্ষিকী উপলক্ষে অভিনন্দন জনাইছে । বিপাশা বসুৱে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰামত স্বামী কৰণৰ সৈতে কেইখনমান ৰোমান্টিক ফটো পোষ্ট কৰি শিৰোনামটোত লিখিছিল, ' মোৰ সকলো । আজিৰ পৰা 8 বছৰৰ পূৰ্বে আমি আনুষ্ঠানিকভাৱে স্বামী আৰু পত্নীৰূপে স্বীকৃতি লাভ কৰিছিলো । সময় দ্ৰুতগতিৰে পাৰ হৈছে । মোক সদায় এনেদৰে মৰম কৰাৰ বাবে ধন্যবাদ ।"
বিপাশা আৰু কৰণৰ ৰোমাণ্টিক ফটোকেইখনত সুখ আৰু সন্তুষ্টি স্পষ্টভাৱে পৰিলক্ষিত হৈছে । বিপাশাক ৰঙা চ্যুটত ধুনীয়া দেখাইছে, কৰণক বগা শ্বেৰৱানীত যথেষ্ট হেণ্ডছাম দেখাইছে ।
পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগী আৰু বন্ধুবৰ্গই মন্তব্য শাখাত দুয়োকে শুভেচ্ছা কৰাৰ লগতে ইমোটিকনেৰে মন্তব্য প্ৰকাশ কৰে ৷ সকলোৱে দম্পতীটোৰ প্ৰতি তেওঁলোকৰ মৰম প্ৰকাশ কৰে । শেহতীয়াকৈ বিগ বছৰ প্ৰতিযোগী আৰতি সিঙে তেওঁৰ মন্তব্য শাখাত হৃদয়ৰ ইমোটিকন পোষ্ট কৰে ৷ আন বহুতে দম্পতীহালক অভিনন্দন জনাইছে ।
বিপাশা আৰু কৰণৰ প্ৰেমৰ যাত্ৰা 2015 চনত ভূষণ পেটেলৰ ছবি 'এল’ন'ৰ ছেটত আৰম্ভ হৈছিল ৷ য'ত তেওঁলোকে প্ৰথমবাৰ লগ পাইছিল ৷ প্ৰায় এবছৰৰ ডেটিঙৰ পিচত 2016 চনৰ এপ্ৰিলত কৰণ আৰু বিপাশাই বিবাহপাশত আৱদ্ধ হৈছিল । দম্পতীটোৱে 2022 চনৰ 12 নৱেম্বৰত তেওঁলোকৰ কন্যা দেৱী বসু সিং গ্ৰোভাৰক আদৰণি জনায় ।
লগতে পঢ়ক: ইৰফান খানৰ মৃত্যু বাৰ্ষিকী: ইখনৰ পাচত সিখনকৈ ব্লকব্লাষ্টাৰ ছবি - Irrfan Khan death anniversary