ETV Bharat / entertainment

বিগ বছ ১৭ৰ পিচত আয়েশা খানে লাভ কৰিলে ডাঙৰ অফাৰ - ছলমান খান

Ayesha Khan: ছলমান খানৰ শ্ব’ৰ পৰা ওলাই অহাৰ পিচত আয়েশা খানে বহু প্ৰজেক্ট লাভ কৰিছে । শ্ব’টোৰ পৰা ওলাই অহাৰ পিচত জিৰণি লোৱাৰ সুযোগ পোৱা নাই বুলিও কয় অভিনেত্ৰীগৰাকীয়ে ।

Bigg Boss 17 fame Ayesha Khan will be seen in the Telugu film
আয়েশা খানে লাভ কৰিলে ডাঙৰ অফাৰ
author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 6:50 PM IST

চিটাৰা ডেস্ক, ২৯ ফেব্ৰুৱাৰী: বিগ বছ ১৭ ত ৱাইল্ড কাৰ্ড এণ্ট্ৰি লৈ লাইমলাইটলৈ আহিছিল আয়েশা খান । এই শ্ব’টোলৈ আহি তেওঁ মুনাৱাৰ ফাৰুকীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল । অৱশ্যে কিছুদিন থকাৰ পিচত তেওঁ শ্ব’টোৰ পৰা বাহিৰ হৈ যায় । কিন্তু অতি কম সময়তে শ্ব’টোৰ পৰা যথেষ্ট লাইমলাইট পাই আয়েশাই ৷

বিগ বছ ১৭ৰ পিচত আয়েশাই লাভ কৰিলে ডাঙৰ অফাৰ

ছলমান খানৰ শ্ব’ৰ পৰা ওলাই অহাৰ পিচত আয়েশা খানে বহু প্ৰজেক্টৰ অফাৰ লাভ কৰিছে । এই সন্দৰ্ভত কথা পাতি অভিনেত্ৰীগৰাকীয়ে কয় যে শ্ব’টোৰ পৰা ওলাই অহাৰ পিচত জিৰণি লোৱাৰ সুযোগ একেবাৰেই পোৱা নাই । আয়েশাই কয় যে তেওঁ বহু কামৰ অফাৰ লাভ কৰিছে, যাৰ বাবে তেওঁ অতি সুখী ।

তেলুগু ছবিত কাম কৰিব

সাক্ষাৎকাৰত কথা পাতি আয়েশা খানে কয় যে বিগ বছ হাউচৰ পৰা ওলাই অহাৰ পিচত তেওঁৰ জীৱনত বহুত ভাল হৈছে । বিগ বছৰ ঘৰত থকাটো বৰ কষ্টকৰ, মানুহবোৰ কেনেকৈ থাকে নাজানো । এই শ্ব’টোত বহু উত্থান-পতন দেখিছোঁ । কিন্তু কম সময়ৰ ভিতৰতে অনুৰাগীৰ পৰা যথেষ্ট সমৰ্থন আৰু মৰম পাইছো ।

উল্লেখ্য যে, আয়েশা খানক অতি সোনকালে তেলুগু ছবিত দেখা যাব । এই বিষয়ে তেওঁ কয় যে যেতিয়া তেওঁ তেলুগু প্ৰজেক্টৰ অফাৰ লাভ কৰিছিল, তেতিয়া তেওঁ অনুভৱ কৰিছিল যে এয়া ভুৱা । কিন্তু তাৰ পিচত গ’ম পাইছিল যে এয়া ভুৱা নহয় ৷ তেলুগু উদ্যোগৰ কথা কওঁতে আয়েশাই কয়, ‘‘তেলুগু ভাষা মোৰ বাবে সম্পূৰ্ণ নতুন আছিল, যেতিয়া মই ছবিখনৰ শ্বুটিং কৰিছিলো তেতিয়া মই ভাবিছিলো যে এই চৰিত্ৰটো মই হিন্দীত ভালকৈ কৰিব পাৰিলোহেঁতেন ।’’

কামৰ বিষয়ে কওঁতে আয়েশা খানে কয়, ‘‘মই এই প্ৰজেক্টটোক প্ৰত্যাহ্বান হিচাপে লৈছিলো আৰু লগতে বহুত অনুশীলন কৰিছিলো । যদিও আৰম্ভণিতে কথাবোৰ যথেষ্ট কঠিন আছিল, তথাপিও মই এই ভাষাটো সোনকালে শিকিলো ।’’

লগতে পঢ়ক: বিবাহ বচাবলৈ ছলমান খানে অংকিতাক কি পৰামৰ্শ দিছিল ? প্ৰকাশ কৰিলে অভিনেত্ৰীগৰাকীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.