ETV Bharat / entertainment

শীঘ্ৰেই দৰ্শকৰ মাজলৈ আহিব বৰলুইত প্ৰডাকচনৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি - ASSAMESE FILM DIFOLU

author img

By ETV Bharat Entertainment Team

Published : Aug 14, 2024, 5:46 PM IST

Assamese film Difolu: ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন বঁটাপ্ৰাপ্ত চুটি ছবি নিৰ্মাণৰ বাবে সুপৰিচিত বৰলুইত প্ৰডাকচনে এইবাৰ নিৰ্মাণ কৰিব এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া বোলছবি । বুধবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰথমখন অসমীয়া কথাছবি ‘ডিফলু’ৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে বৰলুইত প্ৰডাকচনে ।

Assames film Difolu
শীঘ্ৰেই দৰ্শকৰ মাজলৈ আহিব বৰলুইত প্ৰডাকচনৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি... (ETV Bharat)

গুৱাহাটী, 14 আগষ্ট: চুটি ছবি নিৰ্মাণৰ বাবে সুপৰিচিত তথা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন বঁটাপ্ৰাপ্ত বৰলুইত প্ৰডাকচনৰ বেনাৰত শীঘ্ৰেই নিৰ্মাণ হ'ব এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি । বুধবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰথমখন অসমীয়া কথাছবি ‘ডিফলু’ৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে বৰলুইত প্ৰডাকচনে । হাস্যৰস আৰু আৱেগৰ ৰহণ সানি নিৰ্মাণ কৰিবলগীয়া এই নতুন অসমীয়া কথাছবিখন প্ৰডাকচন কোম্পানীটোৰ বিৱৰ্তনৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ।

উল্লেখ্য যে, ছবিপ্ৰেমী আৰু সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত চুটি ছবি ‘আকাশ বিচাৰি- ইনটু দ্য স্কাই’ আৰু ‘ৰং- দ্য কালাৰ’ৰ অভূতপূৰ্ব সফলতাৰ পিছত ‘ডিফলু’ হৈছে বৰলুইত প্ৰডাকচনৰ দ্বাৰা নিৰ্মিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি । প্ৰডাকচন কোম্পানীটোৰ পূৰ্বৰ প্ৰকল্পসমূহৰ কলাত্মক দৃষ্টিভংগী আৰু কাহিনীৰ শক্তিশালী উপস্থাপনশৈলীৰ প্ৰবাহ অক্ষুণ্ণ ৰাখি এই নতুন ছবিখনে দৰ্শকৰ বাবে এক আকৰ্ষণীয় আৰু স্মৰণীয় চিনেমাৰ অভিজ্ঞতা প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰিছে ।

‘ডিফলু’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমৃতা গগৈ আৰু সুব্ৰত দেউৰীয়ে । ইয়াৰোপৰি অৰুণ নাথ, চেতনা দাস, মৃদুলা বৰুৱা, জয়ন্ত ভাগৱতী আৰু অৰুণ হাজৰিকাৰ দৰে অসমীয়া বোলছবিৰ প্ৰবীণ অভিনেতা-অভিনেত্ৰীৰ অভিনয়ে ছবিখনৰ কাহিনী অধিক মনোগ্ৰাহী কৰি তুলিব । ছবিখনত অভিনয় কৰা আন আন প্ৰতিভাৱান অভিনেতা-অভিনেত্ৰীসকলৰ ভিতৰত আছে ড° হিতেশ বৰুৱা, সীমাশ্ৰী বৰা, ৰাজীব দুৱৰী, অনিৰ্বাণ কলিতা, অংকুৰ বৈদ্য, প্ৰিয়াংশী কাশ্যপ, দিব্য প্ৰতিম ভাগৱতী, কণিকা নাথ, প্ৰবাল বৰা, নিলোফাৰ নাজবিন, আৰু নাচিম বেগম ।

"কুঁহি "নামৰ এগৰাকী যুৱতীৰ কাহিনীৰ আধাৰত নিৰ্মাণ হ'ব ছবিখন । চিকিৎসা প্ৰশিক্ষণৰ অংশ হিচাপে গুৱাহাটীৰ যুৱতী কুঁহিক ডিফলু নদীৰ পাৰৰ এখন দুৰ্গম গাঁৱত নিযুক্তি দিয়া হয় । গাঁৱৰ কঠিন পৰিস্থিতি আৰু জৰাজীৰ্ণ স্বাস্থ্য সুবিধাৰ সৈতে কুঁহিয়ে সংগ্ৰাম কৰি থকাৰ সময়তে তেওঁৰ পৰিচয় ঘটে নীল নামৰ এগৰাকী বিদ্যালয় শিক্ষকৰ সৈতে । দুয়োৰে প্ৰাৰম্ভিক সাক্ষাৎ লাহে লাহে এক হৃদয়স্পৰ্শী যাত্ৰালৈ বিকশিত হৈ পৰে । ছবিখনত হাস্যৰস আৰু আৱেগিক পৰিঘটনাৰ মাজেৰে কুঁহিয়ে নিজৰ বস্তুবাদী চহৰকেন্দ্ৰিক সপোনৰ পৰা ওলাই আহি এগৰাকী দয়ালু আৰু নিষ্ঠাবান যুৱতী হৈ পৰাৰ পৰিৱৰ্তনশীল যাত্ৰাক চিত্ৰিত কৰা হৈছে ছবিখনৰ কাহিনীভাগত ।

ছবিখনৰ কাহিনী, পৰিচালনা আৰু সম্পাদনা কৰিছে নেকিবে, আনহাতে চিত্ৰনাট্য আৰু সংলাপ হৈছে দেৱজিৎ বৰাৰ । ছবিখনৰ চিনেমেট’গ্ৰাফীৰ দায়িত্বত আছে উত্তম কলিতা আৰু কলা পৰিচালনাৰ দায়িত্ব আছে নাৰায়ণ মেধি । ছবিখনৰ প্ৰযোজক তথা সংগীত আৰু আৱহ সংগীতৰ দায়িত্বত আছে জেকিব আহমেদ । ‘ডিফলু’ৰ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে জিতুল ৰাজবংশী লগতে সহ পৰিচালক হিচাপে আছে দেৱাশীষ ডেকা আৰু আফিৰন নিচা ।

লগতে পঢ়ক: সকলোতে বলিছে বিদুৰভাইৰ বতাহ: বিশেষভাৱে সক্ষম সকলেও উপভোগ কৰিলে ছবিখন - Bidurbhai

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.