ETV Bharat / entertainment

চাৰিদিনত তিনি কোটি টকাও উপাৰ্জন কৰিব নোৱাৰিলে অদা শৰ্মাৰ বস্তৰে

Bastar Box Office Collection Day 4: অদা শৰ্মা অভিনীত ছবি ‘বস্তৰ’ৰ উপাৰ্জন ক্ৰমাগতভাৱে হ্ৰাস পাইছে । সুদীপ্ত সেনে পৰিচালনা কৰা ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অদা শৰ্মাই । ছবিখনে দৰ্শকৰ পৰা নাপালে ভাল সঁহাৰি । ছবিখন মুক্তি পোৱাৰ চাৰিদিন পাৰ হৈ গ’ল । কিন্তু এতিয়ালৈকে ৩ কোটি টকাও সংগ্ৰহ কৰিব পৰা নাই ।

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 12:43 PM IST

Bastar-The Naxal Story Collection Day 4; Adah Sharma's film earn even 3 crore in four days
বস্তৰ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ১৯ মাৰ্চ: ১৫ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰিছে ‘দ্য কেৰালা ষ্ট’ৰী’ খ্যাত অভিনেত্ৰী অদা শৰ্মাৰ ছবি ‘বস্তৰ: দ্য নক্সাল ষ্ট’ৰী’ । কিন্তু ছবিখনে মুক্তিৰ পাচত দৰ্শকৰ পৰা নাপালে সঁহাৰি । মুক্তিৰ প্ৰথম দিনাৰ পৰাই বক্স অফিচত সংগ্ৰাম কৰিবলগীয়া হৈছে ছবিখনে ৷ ছবিখনে মুক্তিৰ ৪ দিনৰ পিচত ৪ কোটি টকাও উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাই ।

SACNILC ৰ প্ৰতিবেদন অনুসৰি ‘বস্তৰ: দ্য নক্সাল ষ্ট’ৰী’এ প্ৰথম দিনাই ৪০ লাখ টকা উপাৰ্জন কৰিছিল । দ্বিতীয় দিনা ছবিখনে ৭৫ লাখ টকা উপাৰ্জন কৰিছিল আৰু তৃতীয় দিনা ছবিখনৰ সংগ্ৰহ আছিল ৮৫ লাখ টকা । এতিয়া চতুৰ্থ দিনৰ উপাৰ্জনৰ সংখ্যা পোহৰলৈ আহিছে, যাৰ মতে ‘বস্তৰ’এ মুঠ ২৪ লাখ টকা উপাৰ্জন কৰিছে । ইয়াৰ লগে লগে ছবিখনৰ মুঠ সংগ্ৰহ ২.২৪ কোটি টকা হৈছে ।

‘যোদ্ধা’ৰ পৰা পিচ পৰি আছে ‘বস্তৰ: দ্য নক্সাল ষ্ট’ৰী’

অদা শৰ্মাৰ ‘বস্তৰ: দ্য নক্সাল ষ্ট’ৰী’ৰ সৈতে ছবিগৃহত সংঘৰ্ষ হৈছে সিদ্ধাৰ্থ মালহোত্ৰাৰ একশ্যন-থ্ৰিলাৰ ছবি ‘যোদ্ধা’ৰ । ‘যোদ্ধা’ই ধাৰাবাহিকভাৱে ‘বস্তৰ’ক পৰাস্ত কৰি আহিছে আৰু এই সংঘৰ্ষৰ প্ৰভাৱ অদা শৰ্মাৰ ছবিখনত দেখা গৈছে । আনহাতে 'যোদ্ধা'ই ছবিগৃহত ভাল ব্যৱসায় কৰি আছে । সিদ্ধাৰ্থ মালহোত্ৰাৰ এই ছবিখনে চাৰিদিনত মুঠ ১৯.০০ কোটি টকা উপাৰ্জন কৰিছে ।

‘বস্তৰ: দ্য নক্সাল ষ্ট’ৰী’ৰ কাহিনী কি ?

ছত্তীশগড়ৰ বস্তৰ জিলাৰ নক্সালবাদী বিদ্ৰোহৰ আধাৰত ৰচনা কৰা হৈছে ‘বস্তৰঃ দ্য নক্সাল ষ্ট’ৰী ’ । ছবিখনত অদা শৰ্মাক আই পি এছ বিষয়া নীৰজা মাধৱনৰ চৰিত্ৰত দেখা গৈছে । ছানশ্বাইন পিকচাৰ্ছৰ বেনাৰত পৰিচালক সুদীপ্ত সেনে পৰিচালনা কৰিছে ছবিখন । অদা শৰ্মাৰ উপৰিও ইন্দিৰা তিৱাৰী, বিজয় কৃষ্ণ, শিল্প শুক্লা আৰু যশপাল শৰ্মাইও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক: এয়াৰ হোষ্টেছ হৈ সোণৰ বিস্কুট লাভ টাবু-কৃতি-কৰীণাৰ, চাওক ক্ৰুৰ মনোৰঞ্জনমূলক ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.