ETV Bharat / entertainment

মুক্তিৰ তাৰিখ পিছুৱালে বড়ে মিয়া ছোটে মিয়াৰ - Bade Miyan Chote Miyan

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 11:33 AM IST

Release date of Bade Miyan Chote Miyan : চিনেমাপ্ৰেমীসকলৰ বাবে দুঃখবৰ ৷ অহা 10 এপ্ৰলিত মুক্তি পাবলগীয়া অক্ষয় কুমাৰ-টাইগাৰ শ্ৰফৰ ছবি 'বড়ে মিয়া ছোটে মিয়া'ৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে । 11 এপ্ৰিলত মুক্তি লাভ কৰিব ছবিখনে ৷

Release date of Bade Miyan Chote Miyan
মুক্তিৰ তাৰিখ পিছুৱালে বড়ে মিয়া ছোটে মিয়াৰ

চিটাৰা ডেস্ক, 9 এপ্ৰিল : বহু প্ৰতীক্ষিত বলীউডৰ ছবি 'বড়ে মিয়া চোটে মিয়া' মুক্তিৰ তাৰিখ পিছুৱালে নিৰ্মাতাসকলে ৷ অহা 10 এপ্ৰিলত ছবিখন মুক্তি দিয়াৰ কথা আছিলে যদিও পিছুৱাই দিয়া ছবিখনৰ মুক্তিৰ তাৰিখ ৷ ছবিখনৰ মুখ্য অভিনেতা অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফে প্ৰচাৰৰ বাবে মাজতেই ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰি এই কথা অনুৰাগীসকলক জানিবলৈ দিয়ে ৷

পোষ্টটোত উল্লেখ কৰে যে বড়ে মিয়া ছোটে মিয়া দলটোৰ হৈ আপোনালোক সকলোকে আগতীয়াকৈ ঈদ মুবাৰক। এই ঈদত আপোনালোকে সপৰিয়ালে ছবিগৃহলৈ গৈ 'বড়ে মিয়া চোটে মিয়া' উপভোগ কৰক ৷ 10 এপ্ৰিলত নহয় এতিয়া 11 এপ্ৰিলত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে ৷

ভিডিঅ’টোত উল্লেখ কৰা অনুসৰি ঈদৰ বাবে এই সিদ্ধান্ত লৈছে ছবিখনৰ নিৰ্মাতাসকলে ৷ যিহেতু 11 এপ্ৰিলত ঈদ সেইবাবে দৰ্শকক পূৰ্বে কথা দিয়া অনুসৰি ঈদৰ দিনাই ছবিখনে মুক্তি লাভ কৰিব ৷

ইয়াৰ মাজতে অজয় দেৱগনেও তেওঁৰ ছবি 'মেইদান' সম্পৰ্কে এক আপডেট শ্বেয়াৰ কৰি ছ'চিয়েল মিডিয়াত এটা পোষ্ট আপলোড কৰিছে । ছবিখনৰ এখন পোষ্টাৰ শ্বেয়াৰ কৰি অভিনেতাজনে লিখে যে 10 এপ্ৰিল তাৰিখটো কেলেণ্ডাৰত চিহ্নিত কৰি থওক ৷ মেইদান ভাৰতৰ চিনেমাগৃহত 10 এপ্ৰিলত মুক্তি পাব ৷ সন্ধিয়া 6 বজাৰ পৰা ছবিখনৰ বিশেষ দৰ্শনী আৰম্ভ হ'ব । ছবিখনৰ দৰ্শনীৰ তালিকা ঈদৰ বন্ধত ১১ এপ্ৰিলত মুক্তি পাব ৷

আৰম্ভণিতে, দুয়োখন ছবি 10 এপ্ৰিলত মুক্তি পোৱাৰ কথা আছিল । আলি আব্বাছ জাফৰৰ দ্বাৰা পৰিচালিত, 'বড়ে মিয়া চোটে মিয়া' ২০২৪ চনৰ ঈদ উপলক্ষে ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে । মুম্বাই, লণ্ডন, আবু ধাবি, স্কটলেণ্ড আৰু জৰ্ডানৰ দৰে স্থানত দৃশ্যগ্ৰহণ কৰা এই ছবিকনে ভাৰতক হলীউড শৈলীৰ চলচ্চিত্ৰৰ এক আভাষ দিব বুলি চিনেমাপ্ৰেমীসকলে আশা প্ৰকাশ কৰিছে ৷ ছবিখন প্ৰযোজনা কৰিছে বাসু ভাগনানী, দীপশিখা দেশমুখ, জেকি ভাগনানি, হিমাংশু কিষাণ মেহৰা আৰু আলী আব্বাছ জাফৰে ।

লগতে পঢ়ক: সঁচাকৈয়ে ৰাজনীতিলৈ আহিবনে অভিনেতা সঞ্জয় দত্ত... - Sanjay Dutt

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.