ETV Bharat / entertainment

মই আকৌ আহিম দেশৰ বাবে, আহিম আকৌ দহৰ বাবে... - JAYANTA HAZARIKA DEATH REASON

প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাৰ আজি 47 সংখ্যক মৃত্যু বাৰ্ষিকী । ৰাজ্যজুৰি স্মৰণ কৰা হৈছে শিল্পীগৰাকীক ।

assamese music icon Jayanta Hazarika Death anniversary observed in guwahati
হেৰাই যোৱা দিনটোত জয়ন্ত হাজৰিকাক স্মৰণ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Oct 15, 2024, 5:52 PM IST

গুৱাহাটী, 15 অক্টোবৰ : আকাশৰ তৰা হ'বলৈ আজিৰ দিনটোতে গুছি গৈছিল মানুহজন ৷ অসমীয়া সংগীতৰ ক্ষেত্ৰখনত এক স্বকীয় ধাৰা সৃষ্টি কৰি নক্ষত্ৰৰ দৰে জিলিকি উঠাৰ সময়খিনিতে যেন তেওঁ প্ৰিয় হৈ পৰিছিল ঈশ্বৰৰ ! আকাশৰ তৰা হ'বলৈ হাতবাউলি মাতি ঈশ্বৰে তেওঁক লৈ গৈছিল নিজৰ কাষলৈ ৷ আজি দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু দিন । ৰাণা দাবিহীনকৈ অসমীয়াই পাৰ কৰিলে 47 টাকৈ বছৰ ৷ 34 বছৰ বয়সতে বহুকেইটা কালজয়ী গীত উপহাৰ দিয়া শিল্পীগৰাকীৰ 1977 চনৰ আজিৰ দিনটোতেই মৃত্যু ঘটিছিল । আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাৰ 47 সংখ্যক মৃত্যু বাৰ্ষিকী ।

1977 চনৰ আজিৰ দিনটোতেই কলিকতাত মাত্ৰ 34 বছৰতে সকলোকে কন্দুৱাই নিয়তিৰ কোলাত চিৰদিনৰ বাবে শুই পৰিছিল শিল্পীগৰাকী । 34 বছৰীয়া জীৱনকালত বহুকেইটা কালজয়ী গীত উপহাৰ হিচাপে দি থৈ গৈছে শিল্পীগৰাকীয়ে ।

হেৰাই যোৱা দিনটোত জয়ন্ত হাজৰিকাক স্মৰণ (ETV Bharat Assam)

যশস্বী শিল্পীগৰাকীক সুঁৱৰি গুৱাহাটী মহানগৰীৰ চান্দমাৰীৰ জয়ন্ত হাজৰিকা উদ্যানত আজি অনুষ্ঠিত কৰা হয় সোঁৱৰণি অনুষ্ঠান । উক্ত অনুষ্ঠানত উপস্থিত থাকে মনীষা হাজৰিকা, কণ্ঠশিল্পী জে পি দাস প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি । উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন, বেদপাঠ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শিল্পীগৰাকীক স্মৰণ কৰে শিল্পীগৰাকীৰ গুণমুগ্ধসকলে ।

অনুষ্ঠানৰ লগতে আজিৰ এই দিনটো সন্দৰ্ভত প্ৰয়াত শিল্পীগৰাকীক সুঁৱৰি তেওঁৰ পত্নী মনীষা হাজৰিকাই সংবাদ মাধ্যমৰ সন্মুখত কয়, “আজি 47 সংখ্যক প্ৰয়াণ দিৱস । আজিৰ দিনটোত আমি ইয়াত সকলোৱে একগোট হৈ শ্ৰদ্ধাঞ্জলি জনাও আৰু বেদ পাঠ কৰোৱা হয় । গুণমুগ্ধসকলেও নিজে আহি আজিৰ দিনটোত ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আজিৰ দিনটোত ৰাজ্যৰ ভিন্ন স্থানত শিল্পীগৰাকীক স্মৰণ কৰা হৈছে । লগতে মই জনাবলৈ পাই সুখী হৈছো যে চৰকাৰে এটা ‘লিজেণ্ড নাইট’ পতাৰ দিহা কৰিছে । এই বৰ্ষৰ অক্টোবৰ মাহৰ পৰা হোৱাৰ কথা আছিল যদিও ভিন্ন কাৰণত অহা বছৰৰ পৰা এই অনুষ্ঠানভাগ অনুষ্ঠিত হ’ব ।”

উক্ত সোঁৱৰণি অনুষ্ঠানত উপস্থিত থাকি জে পি দাসে মন্তব্য কৰে, “47 বছৰ জয়ন্ত হাজৰিকাক দেখা নাই । আজিৰ দিনটো তেওঁৰ মৃত্যু দিন । যিমানে দিন গৈ আছে সিমানেই দুখবোৰ বাঢ়ি গৈ আছে । তথাপিও মনৰ বলৰে, তেখেতৰ গীতৰ সুৰবোৰৰ মাজেৰে তেখেত জীয়াই আছে ।”

লগতে পঢ়ক : সত্ৰীয়া সংস্কৃতিৰ সম্পদ সময়োপযোগী কৰি আগবঢ়াই নিলেহে জীয়াই থাকিব : নৃত্যাচাৰ্য যতীন গোস্বামী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.