ETV Bharat / entertainment

ৰাজ্যজুৰি প্ৰদৰ্শন হ’ব তথ্যচিত্ৰ বৰুৱাৰ সংসাৰ

Documentary Baruar Xongxar: ঐতিহ্যমণ্ডিত ঘৰ, আদৰ্শবান পৰিয়াল আৰু বৰুৱা ব্ৰাডাৰ্ছক লৈ নিৰ্মাণ কৰা এখন তথ্যচিত্ৰ ‘‘বৰুৱাৰ সংসাৰ’’ । এতিয়া ৰাজ্যজুৰি প্ৰদৰ্শনৰ বাবে সাজু হৈছে এই তথ্যচিত্ৰখন ।

Assamese Documentary Baruar Xongxar to be screened across the Assam
তথ্যচিত্ৰ বৰুৱাৰ সংসাৰ
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 7:32 PM IST

চিটাৰা ডেস্ক, ২৬ ফেব্ৰুৱাৰী: লতাশিল খেলপথাৰৰ সমীপত থকা এটা ১০০ বছৰ পুৰণি বাসগৃহ । ১৯২৩ চনত নিৰ্মিত এই ঘৰটো সাক্ষী অসমৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ । এই ঘৰটোৰ পৰাই অসমৰ সামাজিক সাংস্কৃতিক দিশত বিভিন্ন অৱদান আগবঢ়াইছে ‘বৰুৱা ব্ৰাডাৰ্ছ’য়ে । পুৰণিকলীয়া ঘৰটোৱে সেইফালেৰে পাৰ হৈ যোৱা প্ৰায় প্ৰতিগৰাকী মানুহৰ দৃষ্টি আকৰ্ষণ কৰে ।

কিন্তু এই ঘৰটোৰ গৰাকী কোন ?

ঘৰটো হৈছে দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, দ্বিবন বৰুৱা, গিৰীণ বৰুৱা, ৰমেন বৰুৱা, নিৰেণ বৰুৱা আৰু দ্বিপেন বৰুৱাৰ । এই ৯ গৰাকী ব্যক্তিয়ে অসমৰ শিক্ষা, সংস্কৃতি, সাহিত্য, খেল তথা ৰাজনীতিৰ দিশৰ সৈতে জড়িত হৈ অসমৰ ৰাইজক যথেষ্টখিনি দিছে ।

এতিয়া এই আদৰ্শবান পৰিয়ালটো আৰু ঐতিহ্যমণ্ডিত ঘৰটোকে লৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী উৎপল বৰপূজাৰীয়ে নিৰ্মাণ কৰিছে "বৰুৱাৰ সংসাৰ" শীৰ্ষক এখনি তথ্যচিত্ৰ । বিগত বর্ষৰ নৱেম্বৰ মাহত গোৱাত অনুষ্ঠিত হোৱা ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতৰ ইণ্ডিয়ান পেনেৰোমা শাখাত বিশ্ব প্ৰিমিয়াৰত প্ৰদৰ্শিত হোৱা এই তথ্যচিত্ৰখন এতিয়া প্ৰদৰ্শন হ’ব অসমৰ ভিন্ন ঠাইত ।

উল্লেখযোগ্য যে, ৭১ মিনিট দৈৰ্ঘৰ এই তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে নয়ন প্ৰসাদ, জেমিনী ফুকন আৰু দিব্যজ্যোতি চহৰীয়াই । এই তথ্যচিত্ৰখনৰ সহযোগী পৰিচালক ভাস্কৰ জ্যোতি দাস, আনহাতে সম্পাদনা কৰিছে ঝুলন কৃষ্ণ মহন্তই । সহকাৰী পৰিচালিকা হিচাপে আছিল মনস্বিনী মহন্ত ।

অসমৰ ৰাইজে যাতে এই তথ্যচিত্ৰখনৰ জৰিয়তে এই আদৰ্শবান পৰিয়ালটো আৰু ঐতিহ্যমণ্ডিত ঘৰটোৰ বিষয়ে অৱগত হ’ব পাৰে তাৰ বাবে এই প্ৰচেষ্টা হাতত লৈছে পৰিচালক তথা প্ৰযোজকে । এতিয়া অসমৰ দল-সংগঠনসমূহৰ সহযোগত, প্ৰযোজকে টিকটযুক্ত স্ক্ৰীণিং আয়োজন কৰাৰ পৰিকল্পনা হাতত লৈছে । স্ক্ৰীণিং আয়োজন কৰিবলৈ আগ্ৰহী সংগঠন আৰু শিক্ষানুষ্ঠানবোৰক mama.nayan@gmail.com আৰু utpalb21@gmail.comৰ জৰিয়তে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: Indian Panorama 2023: ভাৰতীয় পেনোৰামাৰ ন’ন ফিচাৰ ফিল্ম শিতানত অসমৰ তিনিখনকৈ তথ্যচিত্ৰ নিৰ্বাচিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.