ETV Bharat / entertainment

ফুৰিবলৈহে গৈছিল নেকি জীয়া ডেকা ! বিভ্ৰান্ত সকলো - Actor jiya Deka kidnap

author img

By ETV Bharat Entertainment Team

Published : 3 hours ago

Guwahati Actor kidnapping case: মহানগৰীৰ অভিনেত্ৰী অপহৰণৰ ঘটনাই লৈছে নতুন মোৰ ৷ থানাত গোচৰ ৰুজু হোৱাৰ পাছত অপহৰণৰ ঘটনা এতিয়া গৈ ফুৰিবলৈ যোৱা বুলিহে শুনিবলৈ পোৱা গৈছে !

assamese actor jiya deka kidnapping incident takes new turn
অপহৰণৰ ঘটনাই লৈছে নতুন মোৰ (ETV Bharat Assam)

গুৱাহাটী, 1 অক্টোবৰ : মহানগৰীৰ অভিনেত্ৰী অপহৰণৰ ঘটনাই লৈছে নতুন মোৰ । যোৱানিশা প্ৰকৃততে হৈছিল কি ? সময় বাগৰাৰ লগে লগে ওলাই পৰিছে বহু কথা । এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি সেই ঘটনা অপহৰণৰ ঘটনা নাছিল ৷ বৰঞ্চ বন্ধুৰ সৈতেহে ফুৰিবলৈ গৈছিল অভিনেত্ৰী জীয়া ডেকা । অভিনেত্ৰীগৰাকীৰ অপহৰণৰ বাতৰি সংবাদ মাধ্যমত বিয়পি পৰাৰ লগে লগে সেই খবৰ নিজৰ মোবাইলত লাভ কৰে অভিনেত্ৰীগৰাকীয়ে ।

বাতৰি প্ৰকাশৰ বিষয়ে অৱগত হোৱাৰ পিছতে নিশা বশিষ্ঠ থানত নিজে হাজিৰ হয় অভিনেত্ৰী জীয়া ডেকা । পিছে যিহেতু সমগ্ৰ ঘটনাটো গোশালা আৰক্ষীয়ে অনুসন্ধান কৰি আছিল সেয়েহে নিশাই বশিষ্ঠ আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক গোশালা আৰক্ষীক গতাই দিয়ে । পৰৱৰ্তী পৰ্যায়ত নিশাই জালুকবাৰী ষ্টেট হোমলৈ অহা হয় তেওঁক ।

ইফালে এই খবৰ লাভ কৰাৰ পিছত অভিনেত্ৰীগৰাকীৰ স্বামীক আৰক্ষী থানাত তৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ কোৱা হয় যদিও বৰ্তমানলৈ গোচৰ প্ৰত্যাহাৰ কৰা হোৱা নাই । সেয়েহে এতিয়া অভিনেত্ৰীগৰাকী আৰু স্বামীৰ মাজত ব্যক্তিগত কিবা কথাত মতানৈক্য ঘটিছে বুলি অনুমান কৰা হৈছে ৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য ।

উল্লেখ্য যে, যোৱানিশা ধাৰাবাহিকত অভিনয় কৰা অভিনেত্ৰী জীয়া ডেকাক কামৰ পৰা সন্ধিয়াৰ ভাগত ঘৰলৈ ওভতাৰ পথত 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেডিছন ব্লু হোটেলৰ সমীপৰ পৰা দুৰ্বত্তই অপহৰণ কৰিছিল বুলি খবৰ ওলাইছিল । AS 22 Y 9596 নম্বৰৰ এখন চাৰিচকীয়া ছুইফ্ট বাহনত দুৰ্বৃত্তই তেওঁক লৈ গৈছিল বুলি অভিনেত্ৰীগৰাকীৰ স্বামীয়ে জানিবলৈ দিছিল ।

লগতে পঢ়ক : স্বামীৰ সন্মুখতেই অভিনেত্ৰী পত্নীক অপহৰণ গুৱাহাটীত - Actor Jiya Deka kidnapping incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.