ETV Bharat / entertainment

অচিৰেই আহি আছে APSC scam 2013-The Pal Story শীৰ্ষক ৱেবছিৰিজ - APSC scam 2013

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 11:21 AM IST

APSC scam 2013-The Pal Story : প্ৰকৃততে কি হৈছিল APSC scam 20213 ত ৷ সাধাৰণতে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰা APSC scam এতিয়াৰ পৰা চাব পাৰিব ৱেবছিৰিজ আকাৰে ৷ পঢ়ক এই প্ৰতিবেদন ...

PSC scam 2013 - The Pal Story title web series is coming soon
অচিৰেই আহি আছে APSC scam 2013-The Pal Story শীৰ্ষক ৱেবছিৰিজ

গুৱাহাটী, ১০ এপ্ৰিল : লোকসেৱা আয়োগৰ কেলেংকাৰীৰ তদন্ত অব‌্যাহত থকাৰ সময়তে এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাৰ এক ব্যতিক্ৰমী পদক্ষেপ । অভিজিত শৰ্মাই নিৰ্মাণ কৰিব APSC scam 2013--The Pal Story শীৰ্ষক ৱেবছিৰিজ ।

কৰ কেলেংকাৰী কোনে কৰি কাক কাক বচাই দিলে, কি হৈছিল কেনেকৈ হৈছিল এতিয়া কি হৈ আছে সকলো সামৰি নিৰ্মান কৰা হ'ব নতুন ৱেবচিৰিজ "APSC scam 2013--The Pal Story"। এই ৱেবচিৰিজখনত মূখ্য চৰিত্ৰৰ বাবে জনপ্ৰিয় অভিনেতা আশীষ বিদ্যাৰ্থীৰ সৈতে কথা চলি আছে বুলি তেওঁ জনায়। তেওঁ লগতে কয় যে কোনো লোকে যদি এই কেলেংকাৰীৰ তথ্য দিব খোজে তেন্তে তেওঁ তথ্য দিব পাৰে । নিৰ্বাচন শেষ হোৱাৰ পিচৰ পৰা এই নতুন ৱেবছিৰিজখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হ’ব।

অসমে সততে চৰ্চাত থকা এটা বিষয় হৈছে লোকসেৱা আয়োগৰ কেলেংকাৰী ৷ দুৰ্নীতিৰ সদাগৰ ৰাকেশ কুমাৰ পালৰ আমোলত সংঘটিত হৈছিল অসম লোকসেৱা আয়োগৰ বিয়াগোম কেলেংকাৰী । এই কেলেংকাৰীক লৈ ৰাজ্যখনত বহুতো বিষয়া-আমোলাক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰখা হৈছে ৷

২০১৩ চনতেই সংঘটিত হোৱা এই ভয়ংকৰ দুর্নীতি আৰু কেলেংকাৰীৰ গোচৰৰ তদন্তত বৰ্তমান অব্যাহত আছে । এই ভয়ংকৰ দুর্নীতি আৰু কেলেংকাৰীৰ গোচৰৰ তদন্তত পূর্বে ৰৈ যোৱা আসোঁৱাহ দূৰ কৰি তদন্ত আগবঢ়াই নিয়াৰ-বাবে ৰাজ্য চৰকাৰে বিশেষ তদন্ত গোট (এছ আই টি) গঠন কৰিছে ৷

আনহাতে NRC Scam 2019 ৰ ৱেবছিৰিজখন নিৰ্মাণৰ কাম একদম শেষ পৰ্যায়ত আছে বুলি জানিব পৰা গৈছে । IPL আৰু নিৰ্বাচনী ধামখুমীয়া শেষ হ’লেই ৱেবচিৰিজখন মুক্তি দিয়া হ'ব বুলি জানিব পৰা হৈছে ৷ NRC Scam 2019 ৱেবছিৰিজখনত মূল চৰিত্ৰত অভিনয় কৰিছে যতীন বৰাই ।

লগতে পঢ়ক: APSC কেলেংকাৰী: ধ্ৰুৱজ্যোতি হাতীবৰুৱা-অনলজ্যোতি দাসলৈ SITৰ চমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.