ETV Bharat / entertainment

এতিয়া অ’টিটিত চাওক দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক স্বৰাজ

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 3:59 PM IST

Swaraj on amazon prime: কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে আজি OTT প্লেটফৰ্ম Amazon Prime ত স্বৰাজৰ প্ৰথম ছিজন মুকলি কৰিছে ।

Anurag Thakur launches serial 'Swaraj', Story of freedom struggle, on Amazon Prime
OTT প্লেটফৰ্ম Amazon Prime ত স্বৰাজৰ প্ৰথম ছিজন মুকলি

চিটাৰা ডেস্ক, ১৩ মাৰ্চ: স্বাধীনতা সংগ্ৰামী নায়কসকলৰ আধাৰত নিৰ্মিত দূৰদৰ্শনৰ শ্ব’ ‘স্বৰাজ’ এতিয়া আপুনি অ’টিটি প্লেটফৰ্মত চাব পাৰিব । বুধবাৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে মুম্বাইত এক অনুষ্ঠানত আমাজন প্ৰাইম ভিডিঅ’ত মুকলি কৰে এই শ্ব’টো ।

অনুষ্ঠানটোত অনুৰাগ ঠাকুৰে কয় যে আজি আমাৰ বাবে গৌৰৱৰ মুহূৰ্ত আৰু দেশৰ বাবে সকলো ত্যাগ কৰা আমাৰ স্বাধীনতাৰ সেই মহান বীৰসকলৰ প্ৰতি ই এক প্ৰকৃত শ্ৰদ্ধাঞ্জলি । ইয়াৰ লগতে তেওঁ কয় যে এই ধাৰাবাহিকখন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা আজাদী কা অমৃত মহোৎসৱৰ পৰা অনুপ্ৰাণিত।

অনুৰাগ ঠাকুৰে লগতে কয় যে এই ধাৰাবাহিকখন ৭৫টা খণ্ডৰ, য’ত দেশৰ প্ৰতিটো কোণৰ পৰা স্বাধীনতা সংগ্ৰামৰ অজ্ঞাত নায়কসকলক সামৰি লোৱা হ’ব ।

তেওঁ আৰু কয়, বিগত সময়ত ভাৰতৰ ইতিহাস বিদেশী আগ্ৰাসী আৰু শাসকে নিজৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বাৰ্থ অনুযায়ী ৰচনা কৰিছিল । এই ঐতিহাসিক ধাৰাবাহিকখনত ঐতিহাসিক ঘটনাৰ জৰিয়তে প্ৰসংগ উপস্থাপন কৰা হৈছে যাতে ‘স্বৰাজ’ৰ ধাৰণাটো দৰ্শকৰ সন্মুখত উপস্থাপন কৰিব পৰা যায় । ই দেশ-বিদেশৰ দৰ্শকক দেশৰ মনোভাৱ আৰু স্বাধীনতা লাভৰ বাবে আমাৰ ৫০০ বছৰীয়া অবিৰত সংগ্ৰাম বুজিবলৈ সহায়ক হ’ব।

উল্লেখ্য যে, ২০২২ চনৰ ১৪ আগষ্টৰ পৰা ডি ডি নেশ্যনেলত হিন্দী ভাষাত টেলিকাষ্ট আৰম্ভ হয় ‘স্বৰাজ’ ধাৰাবাহিকখন । পিচলৈ ইয়াক দূৰদৰ্শনৰ আঞ্চলিক নেটৱৰ্কত নটা আঞ্চলিক ভাষাত (তামিল, তেলুগু, কানাড়া, মালয়ালম, মাৰাঠী, গুজৰাটী, বাংলা, উড়িয়া আৰু অসমীয়া)ত সম্প্ৰচাৰ কৰা হয় । পেছাদাৰী গৱেষণাৰ বাবে পৰিচিত আৰু উচ্চমানৰ কন্টেন্টৰ বাবে জনপ্ৰিয় প্ৰডাকশ্যন হাউচ কনটিলো পিকচাৰ্ছক “স্বৰাজ”ৰ কাৰ্যসূচী অৰ্পণ কৰা হয়, যিটো অ’টিটি প্লেটফৰ্মৰ বাবেও উপযোগী ।

"স্বৰাজ" শ্ব’টো এতিয়া Amazon Prime Video ত উপলব্ধ । প্ৰথম ছিজনটো ১০টা খণ্ডৰে গঠিত হ’ব আৰু ইয়াৰ উপৰিও ৭টা আঞ্চলিক ভাষাত উপলব্ধ হ’ব – মাৰাঠী, তামিল, তেলুগু, মালয়ালম, কানাড়া, বাংলা আৰু গুজৰাটী । দৰ্শকৰ সুবিধাৰ্থে ইয়াক হিন্দী আৰু ইংৰাজী ভাষাতো উপলব্ধ কৰা হৈছে ।

লগতে পঢ়ক: টকা উপাৰ্জনৰ বাবে কেৰিয়াৰৰ আৰম্ভণিত ছুইপাৰৰ কাম কৰিছিল স্মৃতি ইৰাণীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.