ETV Bharat / entertainment

অনন্যাৰ গাত আজি তৎ নাই, পৰিয়ালত বাঢ়িল সদস্যৰ সংখ্যা - Ananya Panday nephew

Ananya Panday nephew: ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ আলান্না পাণ্ডেৰ পৰিয়াল দুজনীয়াৰ পৰা তিনিজনীয়া হ’ল ৷ তাকে দেখি গাত তৰণি নাইকিয়া হৈছে অনন্যা পাণ্ডেৰ ৷ নিজৰ এই সুখ ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে-

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 4:26 PM IST

Ananya Panday Welcomes 'Beautiful Baby Boy Nephew' after Cousin Alanna Panday Shares Video of Newborn Son
আলনা পাণ্ডে-অনন্যা পাণ্ডে (Alanna Panday Instagram handle)

চিটাৰা ডেস্ক, 8 জুলাই : অনন্যা পাণ্ডে আজি কিমান সুখী সেয়া অনন্যাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী চাইয়ে অনুমান কৰিব পাৰি ৷ অনন্যাৰ ভগ্নী আলান্না পাণ্ডেৰ জীৱনলৈ আহিল এটি কণমানি ল’ৰা সন্তান ৷ সেই খবৰ পাইয়ে গাত তৎ নাইকিয়া হৈ পৰিছে অনন্যা পাণ্ডেৰ ৷ আলান্না আৰু তেওঁৰ স্বামী আইভৰে এটি পুত্ৰ সন্তানক জীৱনলৈ আদৰণি জনাইছে, যিটো খবৰ আজি ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰা হয় ।

Ananya Panday Welcomes 'Beautiful Baby Boy Nephew' after Cousin Alanna Panday Shares Video of Newborn Son
অনন্যা পাণ্ডেৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Ananya Panday instagram story)

বলীউড অভিনেত্ৰী অনন্যা পাণ্ডেৰ সম্বন্ধীয় ভগ্নী তথা ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰলী আলান্না পাণ্ডেৰ জন্ম হয় এটি সন্তান । সোমবাৰে ইনষ্টাগ্ৰামত আলান্না আৰু তেওঁৰ সংগী আইভৰ মেকক্ৰেই ভিডিঅ’ৰ জৰিয়তে পুত্ৰ জন্ম হোৱাৰ কথা ঘোষণা কৰে । অনন্যাই তেওঁৰ ষ্ট’ৰীত এই ভিডিঅ’টো শ্বেয়াৰ কৰি মৰমলগা কেপশ্যনৰ সৈতে ভতিজাকক মধুৰভাৱে আদৰণি জনাইছে ।

লগতে পঢ়ক : সম্পৰ্কত থকা সময়ৰ তিক্ত অভিজ্ঞতাই আজিও সম্পৰ্কৰ পৰা আঁতৰাই ৰাখিছে মণীষাক - Manisha Koirala about Relationships

ভিডিঅ’টো শ্বেয়াৰ কৰি দম্পতীটোৱে লিখিছে, “আমাৰ সৰু দেৱদূত ইয়াতেই আছে ।” আইভৰ আহি কেমেৰাৰ সন্মুখত থকা বিচনা এখনত বহাৰ পৰা এই ভিডিঅ’টো আৰম্ভ হয় ৷ আইভৰে আলান্নাক নিজৰ কাষত বহিবলৈ বিচনালৈ মাতে ৷ আলান্নাই কোলাত সন্তানটি লৈ আহি তেওঁৰ কাষতে বহে আৰু দুয়োৱে আলান্নাৰ কোলাত থকা সন্তানটিলৈ একেলগে দৃষ্টি নিক্ষেপ কৰে ৷ অৱশেষত স্বামী-স্ত্ৰীৰ মৰমৰ চুমাৰে ভিডিঅ’টোৰ অন্ত পৰে ৷

গোটেই পৰিয়ালটোৱে একেলগে নীলা ৰঙৰ সাজ পৰিধান কৰে । আলান্নাই পাতল নীলা ৰঙৰ এটা মিনি ড্ৰেছ বাছি লয়, আনহাতে আইভৰে জিন্স আৰু পাউদাৰ ব্লু ৰঙৰ টি-চাৰ্ট বাছি লৈছিল । সন্তানটিকো তেওঁলোতে নীলা ৰঙৰ সাজ পিন্ধোৱাই দিয়ে ৷ ভিডিঅ’টো দেখি অনন্যাই নিজকে এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পৰা ৰখাব নোৱাৰিলে ৷ অনন্যাই ভিডিঅ’টো শ্বেয়াৰ কৰি কেপশ্যন দিছে, “মাই বিউটিফুল বেবী বয় নেফিউ ইজ হিয়েৰ ।”

আলান্না পাণ্ডে হৈছে সামাজিক মাধ্যমৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি, যিয়ে 1.6 নিযুত ইনষ্টাগ্ৰাম অনুসৰণকাৰীৰ উপস্থিতি উপভোগ কৰে । তেওঁৰ বেবী শ্বাৱাৰ আৰু অন্যান্য প্ৰসূতিৰ ফটো শ্বুটে সামাজিক মাধ্যমত যথেষ্ট মনোযোগ আকৰ্ষণ কৰিছিল । তেওঁ শীঘ্ৰেই প্ৰাইম ভিডিঅ' ইণ্ডিয়াৰ এক ৰিয়েলিটী শ্ব' দ্য ট্ৰাইবত অভিনয় কৰিব যি ভাৰতৰ বিশিষ্ট ছ'চিয়েল মিডিয়া প্ৰভাৱশালীসকলৰ জীৱনৰ ওপৰত আলোকপাত কৰে । কৰণ জোহৰৰ নেতৃত্বত ধৰ্মাটিক এণ্টাৰটেইনমেণ্টে এই প্ৰকল্পটো সমৰ্থন কৰিছে ।

লগতে পঢ়ক : বেঙুনীয়া শাৰীত বেবী বাম্প প্ৰদৰ্শন দীপিকা পাডুকনৰ; ৰণবীৰে ক’লে-‘মোৰ জন্মদিনৰ ধুনীয়া উপহাৰ’ - Deepika Padukone

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.