ETV Bharat / entertainment

আম্বানী-মাৰ্চেণ্টৰ বিয়াৰ বিতং তথ্য : সকলো জানক মাত্ৰ এটা ক্লিকতে - ambani marchent wedding cost

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 4:03 PM IST

Anant Radhika Wedding: ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়া ৷ অৱশ্যেই চৰ্চাত থকাৰে কথা বিয়াখন ৷ মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হৈছে এইখন বিয়া । অনুষ্ঠান, স্থান, পোচাকৰ পৰা আনুমানিক ব্যয়লৈকে বিয়াৰ সকলো বিৱৰণ জানিবলৈ আগলৈ পঢ়ক-

Anant-Radhika Wedding: From Events, Venue, Dress Code to Estimated Cost- Everything You Need to Know about the Ambani Extravaganza
আম্বানী পৰিয়াল (IANS)

চিটাৰা ডেস্ক, 12 জুলাই : অৱশেষত আহি পালেহি আম্বানীৰ বংশধৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ দিনটো । ভাৰতৰ ধনী ব্যক্তি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী সাজু হৈছে শৈলা আৰু বীৰেণ মাৰ্চেণ্টৰ কন্যা তথা দীৰ্ঘদিনীয়া প্ৰেমিকা ৰাধিকাৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ । বিয়াৰ পূৰ্বে ধাৰাবাহিকভাৱে অনুষ্ঠিত হোৱা কেইবাটাও আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ পিচত আজিৰ এই বিয়াখনতে সকলোৰে দৃষ্টি নিহিত হৈ আছে ।

Anant-Radhika Wedding: From Events, Venue, Dress Code to Estimated Cost- Everything You Need to Know about the Ambani Extravaganza
বিয়াৰ নিমন্ত্ৰণী পত্ৰ (ANI X handle)

বিবাহৰ স্থান:

১২ জুলাইৰ পৰা শুভ বিবাহৰ সৈতে আৰম্ভ হোৱা তিনিদিনীয়া বিবাহ উৎসৱৰ ১৩ জুলাইত হ’ব শুভ আশীৰ্বাদ অনুষ্ঠান আৰু ১৪ জুলাইত মংগল উৎসৱৰ সৈতে এই বিবাহৰ সমাপ্তি ঘটিব । মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত হৈছে এই বিবাহ । মুম্বাইস্থিত ১৮.৫ একৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰ নিউয়ৰ্কৰ এম্পায়াৰ ষ্টেট বিল্ডিঙৰ তুলনাত ১০.৩ গুণ আৰু ফিফাৰ ফুটবল খেলপথাৰতকৈ প্ৰায় ১২ গুণ ডাঙৰ । ১,১০৮,৮১২ বৰ্গ ফুটৰ মজিয়াৰ এই চেণ্টাৰত এটা বলৰুম, ২৫টা সভাকক্ষ আৰু পাঁচটা মডিউলাৰ হল আছে ।

বিবাহৰ অতিথি:

আম্বানী বিবাহৰ বাবে প্ৰত্যাশিত অতিথিসকলৰ ভিতৰত আছে বলীউড, কৰ্প’ৰেট খণ্ড আৰু আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ বিশিষ্ট লোকসকল । আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন বিদেশ সচিব জন কেৰী, কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ষ্টিফেন হাৰ্পাৰ, ছুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কাৰ্ল বিল্ড আৰু ইউকেৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ আৰু বৰিছ জনছনৰ দৰে ৰাজনীতিবিদসকল উপস্থিত থাকিব বুলি আশা কৰা হৈছে । দেশৰো ৰাজনীতিৰ সৈতে জড়িত বিশিষ্ট লোকসকলক আমন্ত্ৰণ জনোৱা হৈছে, যাৰ ভিতৰত আছে কেইবাজনো মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী ।

লগতে পঢ়ক : দিৱানগী দিৱানগী গানটোত কঁকাল ঘূৰালে আম্বানী পৰিয়ালে - ambani family dance at wedding

বিয়াৰ পূৰ্বে মুম্বাই বিমানবন্দৰত কেইবাগৰাকীও চেলেব্ৰিটীক দেখা গৈছে । তাজ কোলাবা হোটেলৰ কৰ্মচাৰীয়ে কিম আৰু ক্ল’ কাৰ্দাছিয়ানক পৰম্পৰাগত দেশী পদ্ধতিৰে সম্ভাষণ জনোৱাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে । হোটেলৰ কৰ্মচাৰীয়ে তেওঁলোকক মালা পিন্ধাই কপালত ফোঁট আঁকি দিয়ে । খবৰ অনুসৰি কিম আৰু ক্ল’ই তেওঁলোকৰ হুলু ৰিয়েলিটী ছিৰিজ দ্য কাৰ্দাছিয়ানছৰ বাবে অনন্ত আৰু ৰাধিকাৰ বিয়াত চিত্ৰগ্ৰহণৰ পৰিকল্পনা কৰিছে ।

প্ৰদৰ্শন:

ৰিহানা, দিলজিৎ দোচাঞ্জ আৰু কেটি পেৰীৰ বিবাহৰ পূৰ্বৰ প্ৰদৰ্শনৰ পিচত এতিয়া সকলোৰে চকু আজিৰ দিনটোৰ ওপৰত ৷ এডেল, ড্ৰেক, লানা ডেল ৰে, আৰু প্ৰখ্যাত ভাৰতীয় সংগীতশিল্পী চনু নিগম আৰু শ্ৰেয়া ঘোষাল বিয়াখনত অনুষ্ঠান পৰিবেশন কৰিবলগীয়া নিৰ্ধাৰিত ব্যক্তিসকলৰ ভিতৰত আছে ।

ড্ৰেছ কোড:

অতিথিসকলক অনুষ্ঠানসমূহলৈ পৰম্পৰাগত ভাৰতীয় সাজ-পোচাক পৰিধান কৰিব আহিবলৈ অনুৰোধ জনোৱা হৈছে । এক্সত এটা নিউজ এজেন্সীয়ে শ্বেয়াৰ কৰা বিয়াৰ নিমন্ত্ৰণী পত্ৰ অনুসৰি অতিথিসকলক ভাৰতীয় ড্ৰেছ কোড মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে । ১২ জুলাই অৰ্থাৎ শুভ বিবাহৰ দিনটোত অতিথিসকলক ভাৰতীয় পৰম্পৰাগত সাজ পিন্ধিবলৈ অনুৰোধ জনোৱা হৈছে, তাৰ পিচত শনিবাৰে ফৰ্মেল ড্ৰেছত আশীৰ্বাদৰ কাৰ্যসূচীত অংশ ল’বলৈ কোৱা হৈছে ৷ দেওবাৰে অনুষ্ঠিত হ’বলগীয়া বিয়াৰ অভ্যৰ্থনাত অতিথিসকলক ভাৰতীয় ছিক ড্ৰেছ কোড মানি চলিবলৈ কোৱা হৈছে ।

বিবাহৰ ব্যয়:

অনন্তৰ বিয়াত উপস্থিত থকা অতিথিসকলৰ বাবে আম্বানী পৰিয়ালে তিনিখন ফালকন-২০০০ বিমান বুক কৰিছে । ক্লাব ওৱান এয়াৰৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজেন মেহৰাই এখন আগশাৰীৰ বাতৰিকাকতক কয় যে তেওঁ অনুষ্ঠানটোৰ বাবে ১০০ তকৈয়ো অধিক ব্যক্তিগত জেট ব্যৱহাৰ কৰাৰ আশা কৰিছে । এটা প্ৰবন্ধ অনুসৰি, বিবাহৰ মুঠ প্ৰত্যাশিত ব্যয় 320 নিযুত ডলাৰ (2500 কোটি টকা) অতিক্ৰম কৰাৰ সম্ভাৱনা আছে, যাৰ ভিতৰত আছে বিবাহৰ পূৰ্বে কৰা উদযাপনৰ ব্যয় (ৰিহানাই তেওঁৰ জামনগৰ প্ৰদৰ্শনৰ বাবে 5 নিযুত ডলাৰ আদায় কৰিছিল বুলি কোৱা হৈছে, আনহাতে জাষ্টিন বিবাৰে 10 নিযুত ডলাৰ আদায় কৰিছে বুলি কোৱা হৈছে), লগতে অন্যান্য লজিষ্টিক যেনে সুৰক্ষা, ব্যক্তিগত জেট আৰু ক্ৰুজ জাহাজ এখন ইত্যাদি ।

লগতে পঢ়ক : অনন্ত-ৰাধিকাৰ হালধি অনুষ্ঠানত বলীউডো হ’ল হালধীয়া - Anant Radhika haldi ceremony

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.