ETV Bharat / entertainment

ৰতন টাটাৰ মৃত্যুত পোষ্ট দি সমালোচনাৰ সন্মুখীন বিগ বি

Amitabh Bachchan Ratan Tata : ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অমিতাভ বচ্চনে । ৰতন টাটাৰ সৈতে শ্বেয়াৰ কৰিছে এখন ফটো বিগ বিয়ে ।

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

'An era has just passed away' Amitabh Bachchan mourns Ratan Tata Demise Big B Shares Post after trolling
শোকস্তব্ধ বিগ বি (Photo: IANS)

চিটাৰা ডেস্ক, 10 অক্টোবৰ : বুধবাৰে 86 বছৰ বয়সত ৰতন টাটাৰ মৃত্যু ঘটে । ৰতন টাটাৰ মৃত্যুত শোকাকুল বিশ্ববাসী । ভাৰতীয় চলচ্চিত্ৰ জগতৰ সকলো তাৰকাই ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । বলীউডৰ ছলমান খানৰ পৰা আৰম্ভ কৰি ৰাজামৌলীলৈকে বহু তাৰকাই ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । শেহতীয়াকৈ শতিকাটোৰ কিংবদন্তী অভিনেতা অমিতাভ বচ্চনে ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । অমিতাভ বচ্চনে ৰতন টাটাৰ সৈতে এখন ফটোও শ্বেয়াৰ কৰিছে । মন কৰিবলগীয়া যে অমিতাভ বচ্চনে পোষ্ট কৰাৰ আগতে তেওঁক ট্ৰ’ল কৰা হৈছিল আৰু এতিয়া তেওঁৰ পোষ্টটো মন্তব্যৰে ভৰি পৰিছে ।

শোকস্তব্ধ অমিতাভ বচ্চন

অমিতাভ বচ্চনে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত ৰতন টাটাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে । এই ছবিখন শ্বেয়াৰ কৰি অমিতাভ বচ্চনে লিখিছে, “এতিয়া এটা যুগৰ সমাপ্তি ঘটিছে, তেওঁৰ দয়া, তেওঁৰ মহানতা, তেওঁৰ দৃষ্টিভঙ্গী আৰু ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ দৃঢ়তা কল্পনাতীত, সদায় গৌৰৱান্বিত হৈ থাকিম, মই তেওঁৰ সৈতে কাম কৰি অত্যন্ত সন্মানিত হৈছো, অতি দুখৰ দিন, মোৰ প্ৰাৰ্থনা ।”

অমিতাভাৰ পোষ্টটোৰ পিছত এতিয়া তেওঁৰ অনুৰাগীসকলেও ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “আজি প্ৰতিজন ভাৰতীয়ই হৃদয়ৰ পৰা কান্দিছে ।” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “আমি আমাৰ ৰত্ন হেৰুৱাই পেলাইছো ।” আন এজনে লিখিছে, “আজি প্ৰতিজন ভাৰতীয়ই নিজৰ ৰত্ন হেৰুৱালে ।” ইয়াৰ সমান্তৰালকৈ কিছুমান ইউজাৰ আছে যিয়ে বিগ বিক দেৰিকৈ পোষ্ট কৰাৰ বাবে ট্ৰ’ল কৰি আছে ৷ এজনে লিখিছে, “কি হৈছে ছাৰ, আপোনাৰ এতিয়া মনত পৰিল ।”

অমিতাভ বচ্চনক 2004 চনত মুক্তিপ্ৰাপ্ত এটবাৰ চলচ্চিত্ৰখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছিল, যিখন ছবি ৰতন টাটাই প্ৰযোজনা কৰিছিল । জন আব্ৰাহাম আৰু বিপাশা বসুৱে এই চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । এটবাৰ বোলছবিখন ৰতন টাটাৰ প্ৰথম আৰু অন্তিমখন ছবি আছিল ।

লগতে পঢ়ক : ৰতন টাটাৰ মৃত্যুত বলীউডত শোকৰ বন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.