ETV Bharat / entertainment

পত্নী জয়াৰে সৈতে ৰোমাণ্টিক ফটো শ্বেয়াৰ বিগ বিৰ - Amitabh Bachchan social media

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 6:18 PM IST

Amitabh Bachchan X: মুম্বাইৰ বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ প্ৰতি উদ্বেগ প্ৰকাশ অমিতাভ বচ্চনৰ ৷ পত্নী জয়া বচ্চনৰ সৈতে ছাতিৰ তলত থকা এখন ফটো শ্বেয়াৰ কৰিছে তেওঁ ৷

Amitabh Bachchan Shows Concern about those who affected by mumbai rain, shares a picture with wife Jaya Bachchan
পত্নী জয়া বচ্চনৰ সৈতে বিগ বি (ANI)

চিটাৰা ডেস্ক, 17 জুলাই : বলীউড অভিনেতা অমিতাভ বচ্চন আৰু তেওঁৰ পত্নী জয়া বচ্চনে একেলগে এটা প্ৰকল্পৰ দৃশ্যগ্ৰহণ কৰি আছে । দৃশ্যগ্ৰহণৰ ছেটৰ পৰা ওলাই আহি বিগ বিয়ে জয়া বচ্চনৰ বাবে ছাতি ধৰি থকা এখন ফটো শ্বেয়াৰ কৰিছে । আচলতে বৰ্তমান মুম্বাইত প্ৰচণ্ড বৰষুণ হৈ আছে যাৰ বাবে বহু লোক চিন্তিত হৈ পৰিছে । এই মুষলধাৰ বৰষুণৰ মাজতে বিগ বিয়ে সকলোকে যত্ন সহকাৰে থাকিবলৈ কৈছে আৰু মুম্বাইত বাৰিষা ঋতুত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে ৷

পত্নী জয়াৰ সৈতে ফটো শ্বেয়াৰ কৰিলে অমিতাভ বচ্চনে

বিগ বিয়ে পত্নী জয়াৰ সৈতে নিজৰ এখন ৰোমান্টিক ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে, য’ত তেওঁ পত্নী জয়াৰ বাবে ছাতি ধৰি আছে । ফটোখনৰ লগত তেওঁ কেপশ্যনত লিখিছে, ‘আৰু প্ৰতিদিনে বৰষুণ হয়.. আনকি কৰ্মস্থলীতো ।’ তেওঁ নিজৰ ব্লগত আৰু লিখে, ‘আৰু গোটেই দিনটো বৰষুণ দিয়ে থাকিল... আনকি কৰ্মক্ষেত্ৰতো... যেতিয়া সকলো শিল্পী পানীৰ মাজেৰে পাৰ হৈ গৈ আছিল, তেতিয়া তেওঁলোকৰ মাজত কেৱল ছাতিহে দেখা গৈছিল আৰু বেছিভাগেই কাম উপভোগ কৰি আছিল ।’ তেওঁ আৰু লগতে লিখিছে, ‘বৰষুণে গ্ৰীষ্মকালৰ পৰা সকাহ দিয়ে যদিও ই ধ্বংসলীলাৰো সৃষ্টি কৰে ।’

বৰষুণ সন্দৰ্ভত বচ্চনে কয়, ‘এয়া গ্ৰীষ্মৰ মাহৰ পিচত আশীৰ্বাদ...কিন্তু কিছু উপকাৰৰ বাহিৰে ই ধ্বংস আৰু বানপানী কঢ়িয়াই আনে । আমি প্ৰাৰ্থনা কৰো যাতে সকলোৰে ভাল হয় আৰু সকলোৰে মংগলৰ বাবে.. আৰু মৰম, যত্ন আৰু শান্তিৰ বাবে প্ৰাৰ্থনা কৰো ।’

বৰ্তমান অমিতাভ বচ্চনে তেওঁৰ ছবি কল্কি ২৮৯৮ এডিৰ সফলতা উপভোগ কৰি আছে । ছবিখনত অমিতাভ বচ্চনৰ সৈতে দীপিকা পাডুকন, কমল হাছানৰ দৰে অভিনেতাইয়ো বিশেষ চৰিত্ৰত অভিনয় কৰিছে । ভেট্টাইয়ান ছবিৰ জৰিয়তে তেওঁ তামিল চলচ্চিত্ৰ জগতত অভিষেক ঘটাবলৈ সাজু হৈছে ।

লগতে পঢ়ক : চৌদিশে প্ৰশংসিত হৈছে কল্কি ২৮৯৮ এ ডিত বিগ বিৰ অভিনয় তথা অৱতাৰ, আঁৰত কোন ? - Amitabh Bachchan look in kalki

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.