চিটাৰা ডেস্ক, 22 এপ্ৰিল : "দ্বাপৰ যুগৰ পৰা মই এই ক্ষণলৈ অপেক্ষা কৰিছিলো ৷ মই দ্ৰোণাচাৰ্যৰ পুত্ৰ... মই অশ্বত্থমা ৷" এটা 21 ছেকেণ্ডৰ টীজাৰে খলকনি লগাইছে সামাজিক মাধ্য়মত ৷
অচিৰেই আহি আছে বহুপ্ৰত্যাশিত ছবি কল্কি ২৮৯৮ এডি ৷ ছবিখনৰ চৰ্চা চলি থকাৰ মাজতে এইবাৰ পোহৰলৈ আহিছে বিগ বি অমিতাভ বচ্চনৰ ফাৰ্ষ্ট লুক ৷ অশ্বত্থমাৰ চৰিত্ৰত দেখা গৈছে অভিনেতাগৰাকীক ৷ মেগাষ্টাৰগৰাকীৰ ফাৰ্ষ্ট লুকে দৰ্শকক ছবিখনৰ বাবে অধিক উৎসাহিত কৰি তুলিছে ৷
এই 21 ছেকেণ্ডৰ প্ৰম’ ভিডিঅ'টোত এটা গুহাৰ ভিতৰত মলিয়ন পোছাক পিন্ধি অমিতাভ বচ্চনে শিৱৰ লিংগত পূজা কৰি থাকে ৷ তেনেতে এটা এটা শিশুৰ কণ্ঠই তেওঁক প্ৰশ্ন কৰা শুনা যায়, ‘‘আপুনি মৰিব নোৱাৰে নেকি ? আপুনি ঐশ্বৰিক নেকি ? আপুনি কোন ?’’ প্ৰত্যুত্তৰত বিগ বিয়ে কয়, ‘‘মই দ্বাপৰ যুগৰ পৰা এই অৱতাৰৰ আগমনৰ বাবে অপেক্ষা কৰি আছো ৷ মই গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ ৷ মই অশ্বত্থামা ৷’’
এই টীজাৰটোৰ পূৰ্বে কল্কি ২৮৯৮ এডিৰ দলটোৱে বিগ বিৰ অশ্বত্থমা চৰিত্ৰটোৰ এখন পোষ্টাৰ শ্বেয়াৰ কৰিছিল আৰু লিখিছিল, ‘‘তেওঁ কোন সেয়া জনাৰ সময় আহি পালে ৷’’
কল্কি 2898 এডিক বছৰটোৰ আটাইতকৈ বহু প্ৰত্যাশিত ছবিৰ ভিতৰত অন্যতন । এই চলচ্চিত্ৰখন মহাভাৰতৰ পৰা আৰম্ভ হৈ 2898 চনত শেষ হয় । সেইবাবেই ছবিখন কল্কি 2898 নামেৰে নামকৰণ হৈছে ৷ এই ছবিখনত 6000 বছৰলৈকে জীৱন বৃত্তান্ত দেখুওৱা হৈছে ৷
এই ছবিখনে এতিয়া দৰ্শকক এতিয়া অধিক উৎসুক কৰি তুলিছে ৷ ছবিখন মুক্তিৰ বাবে দৰ্শকে এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ৷
লগতে পঢ়ক : মুক্তিৰ পূৰ্বেই 200 কোটি টকা কেনেকৈ উপাৰ্জন কৰিলে এইখন ছবিয়ে ? - Pushpa 2 The Rule