চিটাৰা ডেস্ক, ১২ ফেব্ৰুৱাৰী: অভিনেত্ৰী আলিয়া ভাটৰ ছবিৰ বাবে প্ৰায়ে অনুৰাগীয়ে অপেক্ষা কৰে ৷ এতিয়া অভিনেত্ৰীগৰাকীক আগন্তুক সময়ত বাস্তৱ ঘটনাৰ আধাৰত নিৰ্মিত ‘পোচাৰ’ ৱেব ছিৰিজত দেখা যাব ৷ বাস্তৱ ঘটনাৰ আধাৰত আলিয়া ভাটে লৈ আহিছে এক তদন্তমূলক অপৰাধৰ ধাৰাবাহিক, য’ত বাস্তৱ পৰিঘটনা দেখুওৱা হ’ব । ‘পোচাৰ’ ৱেব ছিৰিজৰ কাহিনী ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ হাতীদাঁত চোৰাংচিকাৰী দলৰ ওপৰত আধাৰিত ।
আজি পোচাৰৰ প্ৰথম লুক ভিডিঅ’ মুকলি হৈছে ৷ 'পোচাৰ'ৰ প্ৰথম লুকত আলিয়া ভাটক এখন হাবিত থিয় হৈ কাহিনী বৰ্ণনা কৰা দেখা যায় । উল্লেখ্য যে, এই ধাৰাবাহিকখনত আলিয়া ভাটে কেৱল অভিনয় কৰাই নহয়, ধাৰাবাহিকখনৰ সৈতে আলিয়া ভাট এগৰাকী কাৰ্যবাহী প্ৰযোজক হিচাপেও জড়িত ।
‘পোচাৰ’ বাস্তৱ পৰিঘটনাৰ ওপৰত আধাৰিত !
‘পোচাৰ’ৰ প্ৰথম লুকৰ ১২০ ছেকেণ্ডৰ ভিডিঅ’টো আৰম্ভ হয় এখন অৰণ্যৰ পৰা, য’ত আলিয়া ভাটৰ সৈতে কেইবাজনো বন বিষয়াক দেখা যায় । তাৰ পিচত আলিয়া ভাটৰ মুখত চিন্তা স্পষ্টকৈ দেখা যায় আৰু পটভূমিৰ পৰা অভিনেত্ৰীগৰাকীৰ কণ্ঠস্বৰ শুনা যায় ৷
অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘অশোকৰ হত্যাকাণ্ডৰ খবৰ আজি পুৱা ৯ বজাত আহিছে । চলিত মাহৰ তৃতীয়টো ঘটনা । তাৰ শৰীৰটো নিৰ্জীৱ আছিল...বেছি বেয়া অৱস্থাত । অশোকৰ বয়স আছিল মাত্ৰ ১০ বছৰ । অশোকে নিজৰ হত্যাকাৰীকো দেখা নাপালে । ’’
এগৰাকী মহিলা বিষয়া হিচাপে দেখা আলিয়া ভাটে প্ৰমাণ সংগ্ৰহ কৰি থাকোঁতে কয় , ‘‘তেওঁলোকে ভাবিছে যে তেওঁ বাচি যাব, কিন্তু নহয় । অশোক আমাৰ মাজৰ এজন নাছিল বুলিয়েই অপৰাধটো সৰু আছিল বুলি ক’ব নোৱাৰি । কাৰণ মাৰ্ডাৰ ইজ মাৰ্ডাৰ ৷ ’’
হাতীৰ চোৰাং চিকাৰৰ তদন্তত আছে আলিয়া ভাট !
‘পোচাৰ’ৰ প্ৰথম আভাসত আলিয়া ভাটৰ কণ্ঠৰ লগতে মাটিত হাতীৰ মৃতদেহৰ চিন আৰু তেজৰ দাগ দেখা পোৱা যায় । ‘পোচাৰ’ৰ প্ৰথম আভাস শ্বেয়াৰ কৰাৰ সমান্তৰালভাৱে আলিয়াই ইনষ্টাগ্ৰামত কেপচনত লিখিছে, ‘‘সজাগতা ভিডিঅ’টোৰ বাবে মই হাবিত এদিনতকৈও কম সময় কটাইছো, কিন্তু মোৰ গাৰ নোম শিয়ৰি উঠিল। Murder is Murder...আৰু আপোনালোকে ৰিচি মেহতা আৰু আন অভিনেতা-অভিনেত্ৰীৰ চকুৰে গোটেই কাহিনীটো চাবলৈ মই অপেক্ষা কৰিব পৰা নাই ।’’
উল্লেখ্য যে, 'Poacher' ধাৰাবাহিকখন ২৩ ফেব্ৰুৱাৰীত Amazon Prime Video ত মুক্তি পাব ৷
লগতে পঢ়ক: শ্বাহিদ-কৃতিৰ ৰোমান্টিক ছবিখনে বক্স অফিচত কিমান উপাৰ্জন কৰিছে ?