ETV Bharat / entertainment

বিজেপিৰ টিকটত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি অক্ষয় কুমাৰে ?

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 7:17 PM IST

Akshay Kumar: ৰাজনীতিত যোগদান কৰিব নেকি বলীউডৰ অভিনেতা অক্ষয় কুমাৰে ? আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা অক্ষয় কুমাৰৰ ।

Akshay Kumar is likely to join politics,Know the truth
ৰাজনীতিত যোগদান কৰিব পাৰে অক্ষয় কুমাৰে !

চিটাৰা ডেস্ক, ১ মাৰ্চ: বলীউডৰ মিষ্টাৰ খিলাড়ি কুমাৰ অৰ্থাৎ অক্ষয় কুমাৰে ৰাজনীতিত যোগদান কৰিব পাৰে । আচলতে অক্ষয় কুমাৰে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি খবৰ পোৱা গৈছে । দৰাচলতে লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দল প্ৰস্তুতিত লাগিছে । প্ৰতিটো দলে আগন্তুক নিৰ্বাচনৰ বাবেও কৌশল ৰচনা কৰিবলৈ আৰম্ভ কৰিছে । ইফালে দেশৰ ৰাজধানী দিল্লীত আম আদমী পাৰ্টি আৰু কংগ্ৰেছে মিত্ৰতা কৰি লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

আনহাতে দিল্লীত আপ দলে ৪ খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হ’ব, কংগ্ৰেছে ৩ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব । এতিয়া বিজেপিয়েও নতুন মুখৰ আধাৰত দিল্লীত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত ল’ব পাৰে । এনে পৰিস্থিতিত বিজেপিয়ে বলীউডৰ অভিনেতা অক্ষয় কুমাৰক প্ৰতিদ্বন্দ্বীৰ ৰূপত থিয় কৰাব পাৰে ।

অক্ষয় কুমাৰে ৰাজনীতিত যোগদান কৰিব নে ?

নৱভাৰত টাইমছৰ প্ৰতিবেদন অনুসৰি বলিউডৰ খিলাড়ি কুমাৰ অৰ্থাৎ অক্ষয় কুমাৰক বিজেপিয়ে দিল্লীৰ চান্দনী চক আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ ক’ব পাৰে । কোৱা হৈছে যে অভিনেতাজনৰ সংস্পৰ্শত আছে দলৰ একাংশ নেতা । অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ।

উল্লেখ্য যে, বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ড৹ হৰ্ষ বৰ্ধনে ২০১৪ আৰু ২০১৯ চনত দুবাৰকৈ আসনখন দখল কৰিছিল । এই আসন ২০০৪ আৰু ২০০৯ চনত কংগ্ৰেছৰ প্ৰাক্তন নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবালে দখল কৰিছিল ।

অক্ষয় কুমাৰৰ বিজেপিৰ সৈতে সম্পৰ্ক কেনেকুৱা ?

বিজেপিৰ সৈতে অক্ষয় কুমাৰৰ সম্পৰ্ক ভাল । বৰ্তমান অভিনেতাগৰাকীৰ কেৰিয়াৰৰ গ্ৰাফো বহু তললৈ নামি আহিছে, তেওঁৰ পূৰ্বৰ বহু ছবি বক্স অফিচত ফ্লপ হৈছে । সম্প্ৰতি অক্ষয় কুমাৰ তেওঁৰ আগন্তুক ছবি ‘বাড়ে মিঞা ছোটে মিঞা’ত ব্যস্ত হৈ আছে । এই ছবিখনত তেওঁক টাইগাৰ শ্ৰফৰ সৈতে দেখা যাব । একশ্যন ভৰ্তি এই ছবিখনৰ পৰা অক্ষয়ৰ যথেষ্ট আশা আছে । অহা ৯ এপ্ৰিলত ছবিগৃহত মুক্তি পাব এই ছবিখন । এতিয়া এই ছবিখন হিট হ’ব নে ফ্লপ হ’ব ছবিখন মুকলি হোৱাৰ পাচত হে গ’ম পোৱা যাব ৷

লগতে পঢ়ক: আকৌ ৰজনীকান্তৰ সৰলতাই জিনিলে অনুৰাগীৰ হৃদয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.