চিটাৰা ডেস্ক, ১৫ ফেব্ৰুৱাৰী: বলীউডৰ অভিনেতা অক্ষয় কুমাৰ বৰ্তমান চৰ্চাত তেওঁৰ আগন্তুক ছবি ‘বাড়ে মিঞা ছোটে মিঞা’ৰ বাবে । ছবিখনত তেওঁক অভিনেতা টাইগাৰ শ্ৰফৰ সৈতে প্ৰচণ্ড একশ্যন কৰা দেখা যাব । ইফালে অভিনেতাগৰাকীৰ এটা ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । যিটো আবুধাবিৰ । আচলতে মন্দিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আবুধাবিত উপস্থিত হৈছিল অভিনেতাগৰাকী ।
আবুধাবিত অক্ষয় কুমাৰ
দৰাচলতে ১৪ ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আবুধাবিত উদ্বোধন কৰে BAPS হিন্দু মন্দিৰ । অক্ষয় কুমাৰেও এই অনুষ্ঠানত অংশ লৈছিল । ইয়াৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত অক্ষয় কুমাৰক পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা দেখা গৈছে ।
ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এই ভিডিঅ’টোত অক্ষয় কুমাৰক অফ-হোৱাইট প্ৰিণ্টেড কুৰ্তা পিন্ধা দেখা গৈছে । কটকটীয়া নিৰাপত্তাৰ মাজত মন্দিৰত প্ৰৱেশ কৰা দেখা গ’ল অভিনেতাগৰাকীক । প্ৰৱেশৰ সময়ত তেওঁক হাঁহি থকা দেখা গৈছিল । উদ্বোধনী অনুষ্ঠানত অক্ষয় কুমাৰ উপস্থিত আছিল ।
উল্লেখ্য যে, ২০১৫ চনত প্ৰধানমন্ত্ৰী মোদীৰ ইউ এ ই ভ্ৰমণৰ সময়ত আবুধাবিত হিন্দু মন্দিৰৰ প্ৰস্তাৱ দিয়া হৈছিল । ইয়াৰ পিচত তাৰ চৰকাৰে মন্দিৰ নিৰ্মাণৰ বাবে মাটি আবণ্টন দিছিল । অৱশেষত এতিয়া উদ্বোধন হ’ল এই মন্দিৰ ৷
ইফালে, অক্ষয় কুমাৰৰ কামৰ কথা ক’বলৈ গ’লে শেষবাৰৰ বাবে তেওঁক দেখা গৈছিল ‘মিছন ৰাণীগঞ্জ’ ছবিখনত । য’ত তেওঁৰ সৈতে দেখা গৈছিল অভিনেত্ৰী পৰিণীতি চোপ্ৰাক । এতিয়া ২০২৪ চনত অক্ষয় কুমাৰৰ তিনিখন ডাঙৰ ছবি ছবিগৃহত মুক্তি লাভ কৰিব । য’ত আছে ‘ৱেলকাম টু দ্য জংগল’, ‘বাড়ে মিঞা ছোটে মিঞা’ আৰু ‘হেৰা ফেৰী ৩’ ।
লগতে পঢ়ক: মোদীৰ প্ৰশংসাত পঞ্চমুখ শিল্পা শ্বেট্টী, ৰাম মন্দিৰৰ বিষয়ে কি ক’লে শিল্পাই !