ETV Bharat / entertainment

অগ্ৰিম বুকিঙত মুক্তিৰ পূৰ্বে কিমান উপাৰ্জন কৰিলে চয়তানে ? - Shaitaan Advance Booking

Shaitaan Advance Booking: এই শুকুৰবাৰে মুক্তি পাব ‘চয়তান’। অজয় দেৱগনৰ ছবিখনৰ এতিয়া অগ্ৰিম বুকিং আৰম্ভ হৈছে ।

Ajay Devgn R Madhavan Film Shaitaan box office Day 1 advance booking report
অজয় দেৱগনৰ অগ্ৰিম বুকিং
author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 2:21 PM IST

চিটাৰা ডেস্ক, ৪ মাৰ্চ: য়ামী গৌতমৰ ‘আৰ্টিকেল ৩৭০’ ছবিখন মুক্তিৰ পিচতে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে । মুক্তিৰ ১০ দিনৰ ভিতৰত এই ছবিখনে বাজেটতকৈ তিনিগুণ বেছি উপাৰ্জন কৰিছে । এতিয়া এই ছবিখন ছবিগৃহত চলি থকা অৱস্থাতে আন এখন প্ৰত্যাশিত ছবি মুক্তিৰ বাবে সাজু হৈছে ৷

অজয় ​​দেৱগন আৰু আৰ মাধৱন অভিনীত ছবি ‘চয়তান’ ছবিগৃহত মুক্তিৰ বাবে সাজু হৈছে । অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে এই ভৌতিক থ্ৰিলাৰ ছবিখনৰ বাবে । এই সকলোবোৰৰ মাজতে এতিয়া ছবিখনৰ অগ্ৰিম বুকিং আৰম্ভ হৈছে । প্ৰথম দিনাৰ অগ্ৰিম বুকিঙত এতিয়ালৈকে ছবিখনে কিমান উপাৰ্জন কৰিছে জানো আহক ।

'চয়তান'ৰ বাবে কিমান অগ্ৰিম বুকিং কৰা হৈছে ?

'চয়তান'ৰ অগ্ৰিম বুকিং আৰম্ভ হৈছে । ইয়াৰ পূৰ্বে সীমিত স্থানত ছবিখনৰ প্ৰি-টিকট বুকিং মুকলি কৰা হৈছিল যদিও এতিয়া অনলাইন টিকট বুকিং প্লেটফৰ্মত আৰু কিছু শ্ব’ সংযোজন কৰা হৈছে । প্ৰথম দিনাৰ বাবে ছবিখনৰ অগ্ৰিম বুকিঙৰ পৰিসংখ্যা পোহৰলৈ আহিছে ।

SACNILC ৰ প্ৰতিবেদন অনুসৰি, প্ৰথম দিনটোৰ বাবে সমগ্ৰ দেশতে হিন্দীত ২ডি ফৰ্মেটত ‘চয়তান’ৰ ১৫ হাজাৰ ১৪৫ টিকট বুকিং কৰা হৈছে । যাৰ পৰা ছবিখনে ৩৭.৪১ লাখ টকা সংগ্ৰহ কৰিছে । সম্প্ৰতি ছবিখন মুক্তিৰ মাজত পাঁচ দিন বাকী আছে ৷ এনে পৰিস্থিতিত ‘চয়তান’ ছবিখনে অগ্ৰিম বুকিঙৰ পৰা আৰু অধিক ধন উপাৰ্জন কৰাৰ সম্ভাৱনা আছে ৷

‘চয়তান’ৰ ট্ৰেইলাৰে যথেষ্ট সমাদৰ লাভ কৰিছিল

শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছিল । ‘দৃশ্যাম ২’ৰ ছুপাৰ সফলতাৰ পিচত অজয় ​​দেৱগনে পুনৰবাৰ ‘চয়তান’ ছবিখনত পৰিয়ালক ৰক্ষা দিয়া পুৰুষ হিচাপে পুনৰ আত্মপ্ৰকাশ কৰাৰ বিপৰীতে আৰ মাধৱনক খলনায়ক হিচাপে দেখা গৈছে ৷ মুঠৰ ওপৰত ট্ৰেইলাৰৰ পিচৰে পৰা ছবিখনক লৈ যথেষ্ট চৰ্চা চলিছে ।

উল্লেখ্য যে, 'চয়তান' ছবিখন পৰিচালনা কৰিছে বিকাশ বাহলে । ইয়াৰ পূৰ্বে বাহলে ‘কুইন’ আৰু ‘ছুপাৰ ৩০’ৰ দৰে ছবিও পৰিচালনা কৰিছিল । ‘চয়তান’ৰ তাৰকা অভিনেতাৰ কথা ক’বলৈ গ’লে অজয় ​​দেৱগৰ আৰু আৰ মাধৱনৰ উপৰিও এই ছবিখনত জ্যোতিকা, জানকী বডিৱালা আৰু অংগদ ৰাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

এই ছবিখন জিঅ’ ষ্টুডিঅ’, পেনোৰামা ষ্টুডিঅ’ আৰু দেৱগন ফিল্মছে যৌথ ভাৱে প্ৰযোজনা কৰিছে । অহা ৮ মাৰ্চত মুক্তি পাব এই ছবিখন ।

লগতে পঢ়ক: একনৰ ছম্মক চাল্লো গীতত নৃত্য শ্বাহৰুখ-ছলমানৰ, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.