ETV Bharat / entertainment

কাঁ 2024 ত ঐশ্বৰ্য-আৰাধ্যাৰ মায়াজাল - AISHWARYA RAI BACHCHAN AT CANNES

author img

By ETV Bharat Entertainment Team

Published : May 17, 2024, 1:54 PM IST

Cannes 2024: 77 সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত ভাৰতৰ পৰা মাতৃ-কন্যা দুয়োৱে নিজৰ উপস্থিতিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ৰেড কাৰ্পেটত ঐশ্বৰ্যৰ মোহনীয় অৱতাৰে সকলোকে তেওঁতেই মগ্ন কৰি ৰাখিলে ৷

Cannes 2024: Aishwarya Rai Bachchan Stuns in Black and Gold Ensemble; Daughter Aaradhya Wins Hearts
ঐশ্বৰ্যৰ মায়া (etv bharat)

চিটাৰা ডেস্ক, 17 মে’ : বলীউডৰ আইকন ঐশ্বৰ্য ৰায় বচ্চনে ২০২৪ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত নিজৰ উপস্থিতিৰে পুনৰবাৰ বিশ্ববাসীক মোহিত কৰি তোলে । ১৬ মে’ত ৰেড কাৰ্পেটত ঐশ্বৰ্যক দেখি সকলোৰে চকু কপালত উঠিছিল ৷ তেওঁৰ উপস্থিতিয়ে দৰ্শকক মোহিত কৰিছিল । কেৱল তেওঁৰ সৌন্দৰ্য আৰু তেওঁৰ সাজেই নহয়, তেওঁৰ কাষত থকা কন্যা আৰাধ্যাইও ঐশ্বৰ্যক সংগ দি নেটিজেনৰ হৃদয় জয় কৰিছিল ।

এই সন্মানীয় অনুষ্ঠানটোত ভাৰতীয় অভিনেত্ৰী ঐশ্বৰ্য নিয়মীয়া অতিথি ৷ এই বছৰ কাঁ ত তেওঁৰ 21 সংখ্যক উপস্থিতি ৷ আশ্চৰ্যকৰ ক'লা আৰু সোণালী ৰঙৰ পোছাক বাছনি কৰি এইবাৰ কাঁ ত উপস্থিত হয় ঐশ্বৰ্য ৷ ৰেড কাৰ্পেটত অভিনেত্ৰীগৰাকীৰ সাজে সুন্দৰতা আৰু উজ্জ্বলতা কঢ়িয়াই আনে । প্ৰাক্তন মিছ ৱৰ্ল্ড গৰাকীয়ে বিস্তাৰিত সোণালী ৰঙৰ এটা গাউন পৰিধান কৰে, যিয়ে ফেশ্বন ডিজাইনাৰ ফাল্গুনী আৰু শ্বেনৰ কালজয়ী সুন্দৰতা প্ৰদৰ্শন কৰে ।

ঐশ্বৰ্যৰ গাউনটো পিছফাললৈ ৰে’লৰ যথেষ্ট দীঘলীয়া য'ত আড়ম্বৰপূৰ্ণ সোণৰ ফুল ডিজাইন কৰি দিয়া হৈছে ৷ গাউনটোৰ এটা নিজস্ব ৰাজকীয় আকৰ্ষণ আছিল । ডাঙৰ ডাঙৰ সোণালী ৰঙৰ কাণফুলিৰে ঐশ্বৰ্যই গাউনটোৰ সৈতে জাকজমকতা যোগ দিয়ে । গাউনটোৰ সন্মুখত এটা সুন্দৰ সোণালী আৰ্হি আছে আৰু গাউনটো ৰফল্ড শ্লীভৰ আছিল ।

ঐশ্বৰ্যৰ চমৎকাৰী লুকৰ পিচতো আৰাধ্যাৰ এটা মৰমলগা ভংগীমা লাইমলাইটলৈ আহিছে ৷ ঐশ্বৰ্যৰ প্ৰাৰম্ভিক ফটোবোৰ ইণ্টাৰনেটত ভাইৰেল হোৱাৰ ঠিক পিচতে গুণমুগ্ধসকল মাক-জীয়েকৰ যুটিটোক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰে । বাহুত আঘাতপ্ৰাপ্ত হৈ থকা স্বত্বেও অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে বহুতে তেওঁক প্ৰশংসা কৰে ৷ এতিয়া আৰাধ্যাৰ এটা ভিডিঅ' অনলাইনত ভাইৰেল হৈ পৰিছে ৷

আৰাধ্যা মাকৰ সৈতে কাঁ-ত উপস্থিত হৈছে ৷ ভিডিঅ' এটাত দেখা গৈছে যে তেওঁলোক গাড়ীৰ পৰা মূল অনুষ্ঠানলৈ হাতত হাত দি খোজ কাঢ়ি গৈছে । ইয়াৰ আগতে, আৰাধ্যাক মুম্বাই বিমানবন্দৰত ঐশ্বৰ্যৰ সৈতে দেখা গৈছিল, বাহুত আঘাত পোৱাৰ বাবে তাই মাকৰ বেগটো ধৰি আছিল । তাৰকাগৰাকীয়ে তেওঁৰ পেছাদাৰী আৰু ব্যক্তিগত জীৱন দুয়োটা সুন্দৰকৈ চলাই নিয়াৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰে ।

লগতে পঢ়ক : কাঁ 2024ৰ ৰেড কাৰ্পেটত প্ৰথম অতিথি চাৰিঠেঙীয়া নোমাল মেছি - Cannes Film Festival Red Carpet

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.