ETV Bharat / entertainment

লগত স্বামী নাথাকিলেও য’লৈকে যায় লগত আৰাধ্যা থাকেই - Aishwarya Aaradhya IIFA 2024

author img

By ETV Bharat Entertainment Team

Published : 3 hours ago

Aishwarya Rai Bachchan: আই আই এফ এ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণৰ বাবে কন্যা আৰাধ্যাৰ সৈতে আবুধাবিত উপস্থিত হৈছে ঐশ্বৰ্য ৰায় বচ্চন । কন্যাৰ সৈতে এতিয়া অভিনেত্ৰীগৰাকীক ট্ৰ’ল কৰা হৈছে ।

aishwarya-rai-bachchan-arrived-abu-dhabi-with-her-daughter aaradhya-for-iifa-2024-trolled-watch
আৰাধ্যাৰ সৈতে ঐশ্বৰ্য (Photo: ANI)

চিটাৰা ডেস্ক, 27 ছেপ্টেম্বৰ : আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী বঁটা (IIFA 2024) আজি সন্ধিয়া অনুষ্ঠিত হ’ব । আবুধাবিৰ ইয়াছ দ্বীপত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে আই আই এফ এ এৱাৰ্ডছ । আই আই এফ এ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে শ্বাহৰুখ খান, কৰণ জোহৰ, শ্বাহিদ কাপুৰ, ৰেখা, কৃতি সেনন, বিকী কৌশলকে ধৰি বহু তাৰকা উপস্থিত হৈছে । এতিয়া শেহতীয়াকৈ পেৰিছ ফেশ্বন উইকত নিজৰ যাদু প্ৰদৰ্শন কৰা প্ৰাক্তন মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায় আই আই এফ এ এৱাৰ্ডছত অংশগ্ৰহণৰ বাবে আবুধাবিলৈ ৰাওনা হৈছে । ঐশ্বৰ্য কন্যা আৰাধ্যাৰ সৈতে আবুধাবিত উপস্থিত হৈছে । আবুধাবি বিমানবন্দৰৰ পৰা ঐশ্বৰ্য আৰু তেওঁৰ কন্যাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ।

বিমানবন্দৰৰ পৰা ভাইৰেল হোৱা ভিডিঅ’টোত ঐশ্বৰ্যক দেখা গৈছে সম্পূৰ্ণ ক’লা ৰঙৰ সাজত । আনহাতে, আৰাধ্যাক ক’লা-বগা স্প’ৰ্টছ লুকত দেখা গৈছে । এই ভিডিঅ’টোত আই আই এফ এত অংশগ্ৰহণ কৰিবলৈ পোৱাৰ সুখ তাৰকা মাতৃ আৰু কন্যাৰ মুখত দেখিবলৈ পোৱা গৈছে । ইমান সমালোচনাৰ পিছতো পুনৰ অভিষেক বচ্চনক দেখা পোৱা নগ’ল ঐশ্বৰ্যৰ সৈতে । এই ভিডিঅ’টোত এতিয়া মানুহে মন্তব্য কৰিছে ।

লগতে পঢ়ক : IIFA ৰ এটা অনুষ্ঠানত ৰাজহুৱাকৈ কৰণ জোহৰক ঠাট্টা শ্বাহৰুখৰ - SRK Karan Johar at IIFA

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “আৰাধ্যা সদায় মাকৰ লগত থাকে, আজিও তাই স্কুললৈ যোৱা নাই ।” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “ঐশ্বৰ্যৰ নিজৰ ছোৱালীৰ শৈশৱ কাঢ়ি লৈ ​​গৈছে ।” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “আমি SchoolforArdhya হেছটেগটোৰে এটা ট্ৰেণ্ড আৰম্ভ কৰিব লাগিব ।” আন এজনে প্ৰশ্নবোধকসূচক ৰূপত লিখিছে যে তেওঁ কিয় কন্যাৰ প্ৰতি ইমান সুৰক্ষামূলক ?

মন কৰিবলগীয়া যে, ঐশ্বৰ্য ৰায় তেওঁৰ জীয়েকৰ সৈতে শহুৰেকৰ ঘৰৰ পৰা আঁতৰি পৃথকে বাস কৰে । বহু সময় ধৰি অভিষেক আৰু ঐশ্বৰ্যক কোনেও একেলগে দেখা নাই ৷ দীৰ্ঘ সময় ধৰি তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বাতৰি প্ৰকাশ হৈ আছে ।

আই আই এফ এ 2024 উদযাপন 3 দিনলৈ চলিব

এইবাৰ 27 ছেপ্টেম্বৰৰ পৰা 29 ছেপ্টেম্বৰলৈ তিনিদিন ধৰি চলিব IIFA 2024 । প্ৰথম দিনা, আইফা 2024 উৎসৱৰ আয়োজন কৰা হ'ব, য'ত দক্ষিণ ভাৰতৰ তামিল, তেলুগু, কানাড়া আৰু মালায়ালম চলচ্চিত্ৰ উদ্যোগক বিশেষভাৱে উদযাপন কৰা হ'ব । দ্বিতীয় দিনা, আইফা বঁটা 2024-ৰ নিশাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব । একে সময়তে, তৃতীয় আৰু অন্তিম দিনটোত অৰ্থাৎ 29 ছেপ্টেম্বৰত, সংগীত উদ্যোগৰ বাবে আইফা বঁটা 2024 ৰকছৰ আয়োজন কৰা হ’ব ।

লগতে পঢ়ক : কাৰ শিৰত IIFA ৰ সন্মানীয় ৱ’মেন অফ দা ইয়েৰ বঁটা - IIFA Utsavam Woman Of The Year

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.