ETV Bharat / entertainment

এড শ্বীৰাণৰ পৰা অহান পাণ্ডেই লাভ কৰিলে বিশেষ উপহাৰ

author img

By ANI

Published : Mar 15, 2024, 10:34 PM IST

Ahaan Panday: হলিউডৰ গায়ক এড শ্বীৰাণ এইকেইদিন মুম্বাইলৈ তেওঁৰ এটা কনচাৰ্টৰ বাবে আহিছে । ভাৰতলৈ আহি তেওঁ বহু বলীউডৰ তাৰকাক লগ পাইছে । আয়ু্ষ্মান খুৰানা, আৰমান মালিক, শ্বাহৰুখ খান আৰু ফাৰাহ খানক লগ পোৱাৰ পিচত এতিয়া তেওঁ অনন্যা পাণ্ডেৰ ভাতৃ অহান পাণ্ডেকো লগ পায় । আহান পাণ্ডেক দিলে বিশেষ উপহাৰ ।

Ahaan Panday gets his guitar "bless-Ed" with autograph by Ed Sheeran, says "been prepping on this for my debut film"
এড শ্বীৰাণৰ পৰা অহান পাণ্ডেই লাভ কৰিলে বিশেষ উপহাৰ

চিটাৰা ডেস্ক, ১৫ মাৰ্চ: হলিউডৰ অন্যতম জনপ্ৰিয় গায়ক এডৱাৰ্ড ক্রিষ্টোফাৰ শ্বীৰাণ অৰ্থাৎ এড শ্বীৰাণ বৰ্তমান মুম্বাইত আছে ৷ আচলতে এড শ্বীৰাণ ইয়াত এটা কনচাৰ্টৰ বাবে আহিছে ৷ অৱশ্যে কনচাৰ্টলৈ এতিয়াও সময় আছে । ইফালে মুম্বাইত আয়ুষ্মান খুৰানা, আৰমান মালিক, শ্বাহৰুখ খান, ফাৰাহ খানকে ধৰি বহু তাৰকাক লগ পাইছে এডে ।

এতিয়া এড শ্বীৰাণক দেখা গ’ল অনন্যা পাণ্ডেৰ সম্পৰ্কীয় ভাতৃ অহান পাণ্ডেৰ সৈতে ৷ অহান পাণ্ডেই নিজৰ ইনষ্টাগ্ৰামত এডৰ সৈতে এখন ছবি শ্বেয়াৰ কৰাৰ লগতে কণ্ঠশিল্পীগৰাকীৰ পৰা লাভ কৰা বিশেষ উপহাৰৰ বিষয়েও কৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

অহান পাণ্ডেই পালে বিশেষ উপহাৰ

অহান পাণ্ডেই নিজৰ ইনষ্টাগ্ৰামত এড শ্বীৰাণৰ সৈতে কেইবাখনো ছবি আৰু এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । ফটোকেইখনত এড শ্বীৰাণ আৰু অহান পাণ্ডেক একেলগে পোজ দিয়া দেখা গৈছে । একে সময়তে এটা ভিডিঅ’ত এডে গীটাৰত অহানক অটোগ্ৰাফ দিয়া পৰিলক্ষিত হৈছে ।

এইসমূহ ফটো শ্বেয়াৰ কৰি অহানে কেপচনত লিখিছে, "মই মোৰ প্ৰথমখন ছবিৰ বাবে এই গীটাৰখন লৈ প্ৰস্তুতি চলাই আছিলো আৰু এতিয়া মই এডৰ পৰা এই আশীৰ্বাদ লাভ কৰিছো"। অহানে গীটাৰত এডৰ অটোগ্ৰাফ পাইছে ।

পিংকভিলাত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি অহান পাণ্ডেই কয়, "এড শ্বীৰাণক লগ পোৱাটো এটা সপোন পূৰণৰ দৰেই । মই গীটাৰত এডৰ অটোগ্ৰাফ পাইছিলোঁ, যিটো মই মোৰ ছবিখনৰ প্ৰস্তুতিৰ বাবে ব্যৱহাৰ কৰিবলৈ ওলাইছো । সঁচা কথা ক'বলৈ গ'লে, যেতিয়াই মই কিছু অনুশীলন পাওঁ, ইয়াক চোৱাটো মোৰ বাবে এক আত্মবিশ্বাস বৃদ্ধিকাৰী হৈ পৰে "।

এড শ্বীৰাণৰ কনচাৰ্ট

উল্লেখ্য যে, ১৬ মাৰ্চত মুম্বাইৰ মহালক্ষ্মী ৰেচ কোৰ্চত এড শ্বীৰাণে অনুষ্ঠান পৰিৱেশন কৰিব । অৱশ্যে এয়াই এডৰ প্ৰথম ভ্ৰমণ নহয়, ইয়াৰ পূৰ্বেও ভাৰতলৈ আহিছিল ৷

লগতে পঢ়ক: পুলকিত-কৃতিৰ বিয়াৰ মেনুত থাকিব দিল্লীৰ চাটৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰ-ৰাজস্থানৰ ব্যঞ্জনলৈকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.