ETV Bharat / entertainment

বাফটা ২০২৪ বঁটা প্ৰদান অনুষ্ঠানত দেশী শৈলীৰে লাইমলাইট দখল দীপিকাৰ, চাওক ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 10:17 AM IST

Deepika Padukone at BAFTA 2024: দীপিকা পাডুকনে বাফটা ২০২৪ বঁটা প্ৰদান অনুষ্ঠানত ভাৰতীয়ে শৈলীৰে জিনিলে অনুৰাগীৰ হৃদয় । বাফটা বঁটা প্ৰদান অনুষ্ঠানৰ পৰা এতিয়া ভাইৰেল হৈ পৰিছে দীপিকাৰ ভিডিঅ’ ৷

After Oscars, Deepika Padukone Shines at Bafta 2024; Presents Glazer Awards in Sabyasachi Saree
দীপিকা পাডুকনে বাফটা ২০২৪ বঁটা প্ৰদান কৰে

চিটাৰা ডেস্ক, ১৯ ফেব্ৰুৱাৰী: লণ্ডনৰ ৰয়েল ফেষ্টিভেল হলত ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় ৭৭ সংখ্যক বাফটা বঁটা প্ৰদান অনুষ্ঠান । এই অনুষ্ঠানত সকলোৰে মাজত লাইমলাইট দখল কৰিবলৈ সক্ষম হয় বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে । দীপিকাই পৰম্পৰাগত সাজত এই অনুষ্ঠানত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। সব্যসাচিয়ে ডিজাইন কৰা সাজ পৰিধান কৰি দীপিকা উপস্থিত হৈছিল ব্ৰিটিছ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন আৰ্টছ বঁটাত । দীপিকাই বাফটা বঁটাও প্ৰদান কৰে । এতিয়া দীপিকাৰ বঁটা প্ৰদান কৰা ভিডিঅ’ সামাজিক মাধ্যমক ভাইৰেল হৈ পৰিছে ।

ভিডিঅ’টোত অভিনেত্ৰীগৰাকীক সোণালী ৰঙৰ শাৰী পৰিধান কৰা দেখা গৈছে । য’ত অভিনেত্ৰীগৰাকীক বৰ ধুনীয়া দেখা গৈছিল । দীপিকাই এই বঁটা প্ৰদান কৰে দ্য ইনক্ৰিডিবল ষ্ট’ৰীৰ শিতানত । ইয়াৰ পূৰ্বে তেওঁ মনোনয়নৰ কথাও উল্লেখ কৰে ।

কোনখন ছবিয়ে লাভ কৰিছে ‘দ্য ইনক্ৰিডিবল ষ্ট’ৰী’ বঁটা ?

দ্য ইনক্ৰিডিবল ষ্ট’ৰীৰ শাখাত বঁটা লাভ কৰে দ্য জোন অৱ ইন্টাৰেষ্টে । বিজয়ীৰ নাম ঘোষণা কৰাৰ লগতে দীপিকাই তেওঁক মঞ্চত মাতি বঁটাও প্ৰদান কৰে । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দীপিকাৰ এই ভিডিঅ’ । তেওঁৰ এই ভিডিঅ’টোত অনুৰাগীয়ে খুব মৰম দিয়া পৰিলক্ষিত হৈছে ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে বঁটা প্ৰদানৰ পূৰ্বে যেতিয়া দীপিকা পাডুকন ৰেড কাৰ্পেটত উপস্থিত হৈছিল, তেতিয়া তেওঁৰ লুক দেখি অনুৰাগীৰ মনলৈ আহিছিল ওম শান্তি ওমৰ শান্তি প্ৰিয়াৰ নাম । এই সময়চোৱাত দীপিকাই পৰিধান কৰিছিল বেকলেছ ব্লাউজৰ সৈতে জিলিকি থকা শাৰী । ৰেড কাৰ্পেটত পাপাৰাজীৰ বাবে পোজ দিছিল অভিনেত্ৰীগৰাকীয়ে ।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে দীপিকা পাডুকনক শেষবাৰৰ বাবে দেখা গৈছিল হৃত্বিক ৰোশনৰ সৈতে ‘ফাইটাৰ’ত । এই ছবিখনত দীপিকাক প্ৰচণ্ড একশ্যন কৰা দেখা গৈছিল । এতিয়া দীপিকাক অতি সোনকালেই প্ৰভাসৰ সৈতে দেখা যাব কলকী ২৯৮৯ AD ছবিখনত । এই ছবিখনৰ পৰা দীপিকাৰ প্ৰথম লুক ইতিমধ্যেই প্ৰকাশ পাইছে ।

লগতে পঢ়ক: বিদেশত ভাৰতীয় সংস্কৃতিৰে আলিয়াই জিনিলে অনুৰাগীৰ হৃদয়, পোচাৰৰ প্ৰদৰ্শনীত লাইমলাইটত আলিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.