ETV Bharat / entertainment

কিমান কম মূল্যৰ শাৰী পিন্ধিব পাৰে এগৰাকী অভিনেত্ৰীয়ে ? - Adah Sharma saree price

Adah Sharma saree price: অভিনেত্ৰী অদা শৰ্মাই আচৰিত কৰি তুলিছে সকলোকে ৷ বৰ্তমান আলোচনাৰ বিষয় হৈ আছে অভিনেত্ৰীগৰাকী ৷ কিয় জানেনে ? অভিনেত্ৰী গৰাকীয়ে পৰিধান কৰা শাৰী এখনৰ কাৰণে ৷ কি বাৰু ঘটনাটো দৰাচলতে জানিবলৈ বাতৰিটো আগলৈ পঢ়ক-

author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 10:56 AM IST

Adah Sharma wore her grandmother's saree worth Rs 15
অভিনেত্ৰী অদা শৰ্মা

চিটাৰা ডেস্ক, 3 এপ্ৰিল : তাৰকা বুলিলে আমি সদায় বিলাসী জীৱন যাপন বুলিয়ে ভাবি আহিছো, দেখি আহিছো, শুনি আহিছো ৷ পেছাগত জীৱনত বাদেই দিয়ক, ব্যক্তিগত জীৱনটো কেতিয়াও ইয়াৰ ব্যতিক্ৰম দেখা নাই ৷ খুব কম সংখ্যকহে এনেকুৱা চেলেব্ৰিটী আছে যিয়ে সাধাৰণভাৱে থাকি ভাল পায় ৷ কিন্তু যি হ’লেও তেওঁলোকে ব্যৱহাৰ কৰা বস্তুবোৰতো আৰু কমদামী নহয় ৷ সকলোৱে অৱশ্যেই নিজৰ পছন্দৰ ব্ৰেণ্ড অনুসৰণ কৰে ৷

পিছে এগৰাকী অভিনেত্ৰী এতিয়া তেওঁ পৰিধান কৰা শাৰী এখনৰ বাবে চৰ্চালৈ আহিছে ৷ অভিনেত্ৰী অদা শৰ্মা ৷ প্ৰায়ে বিভিন্ন কাৰণত চৰ্চাত থাকে অভিনেত্ৰীগৰাকী ৷ পুৰুষসকলৰ মাজত যথেষ্ট জনপ্ৰিয় অদা শৰ্মা ৷ সাংঘাতিক মৰমলগা অভিনেত্ৰীগৰাকীৰ উপস্থাপন শৈলী ৷ অলপতে অভিনেত্ৰীগৰাকীক পাপাৰাজ্জীয়ে মুম্বাইৰ দোকান এখনৰ বাহিৰত প্ৰত্যক্ষ কৰিছিল ৷ শাৰী লুকত অহা অভিনেত্ৰীগৰাকীয়ে হাঁহি-মাতি পাপাৰাজ্জীৰ সৈতে মত বিনিময় কৰে ৷

অভিনেত্ৰী অদা শৰ্মাক তেওঁ শাৰী লুকটোৰ বাবে পাপাৰাজ্জীয়ে প্ৰশংসা কৰে ৷ প্ৰশংসাৰ লগতে ধেমালিতে শাৰীখনৰ দাম সোধে তেওঁলোকে অভিনেত্ৰীগৰাকীক ৷ সকলোকে আচৰিত কৰি অদা শৰ্মাই ক’লে যে শাৰীখনৰ দাম 15 টকা ৷ হয় আপুনি ঠিকেই পঢ়িছে, 15 টকা ৷ মাত্ৰ 15 টকা অদা শৰ্মাই পৰিধান কৰা শাৰীখনৰ দাম ৷ এখন শাৰীৰ দাম 15 টকা হ’ব পাৰেনে ? মুদ্ৰাস্ফীতিৰ যুগত অভিনেত্ৰীগৰাকীয়ে 15 টকীয়া শাৰী পিন্ধাৰ কথাটোৱে সকলোকে ভবাই তুলিছে ৷

এগৰাকী পাপাৰাজীয়ে অদা শৰ্মাৰ শেহতীয়া ভিডিঅ'টো শ্বেয়াৰ কৰিছে, য'ত তেওঁক এখন দোকানৰ বাহিৰত দেখা গৈছে । কমলা আৰু বগা ৰঙৰ শাৰী এখনেৰে তেওঁ সকলোকে মুহিছিল । শাৰীৰ লগত লৈছিল ক'লা ৰঙৰ বেকপেক ৷ লগতে একে ৰঙৰ জোতা আৰু ক'লা চানগ্লাছেৰে নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷

শাৰীখন আছিল অদাৰ আইতাকৰ । "এয়া নানীজীৰ শাৰী," তেওঁৰ মন্তব্য ৷ "মই এইখন বহু বছৰ আগতে পাইছিলো । যিহেতু এই শাৰীখন আইতাৰ, আপুনি ইয়াত দামৰ টেগ লগাব নোৱাৰে । ইয়াৰ মূল্য কোটিৰো অধিক ।", এইদৰে উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে ৷

অদা শৰ্মা ১৫ বছৰৰো অধিক সময় ধৰি চলচ্চিত্ৰ উদ্যোগটোত আছে । তেওঁ '১৯২০' আৰু 'হাছি তোহ ফছি' ৰ দৰে বহুতো চলচ্চিত্ৰত অভিনয় কৰিছে । বিগত বছৰ, বিপুল অমৃতলাল শ্বাহৰ দ্য কেৰালা ষ্টৰী ছবিখনেৰে তেওঁ প্ৰসিদ্ধি লাভ কৰে । তেতিয়াৰ পৰা তেওঁ শিৰোনামত আছে ।

লগতে পঢ়ক : প্ৰাক্তন নবৌৱেকৰ বৰ্তমানৰ প্ৰেমিকৰ সৈতে ছলমানৰ ইকুৱেশ্যন ! - Salman Khan Arjun Kapoor Relation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.