চিটাৰা ডেস্ক, ১৯ মাৰ্চ: বহুদিনৰ পৰা ছবিৰ পৰা আঁতৰি আছে অভিনেত্ৰী জৰীণ খান ৷ অৱশ্যে ছবিৰ পৰা আঁতৰি আছে যদিও ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় জৰীণ খান । নিজৰ সৈতে জড়িত প্ৰায় সকলো আপডেট ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে ৷
শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ৰমজানত জন্মদিন উদযাপন কৰে, যাৰ আভাস তেওঁ নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে । আচলতে ৰমজানৰ পঞ্চম দিনা জৰীণৰ জন্মদিন আছিল, যাৰ বাবে অভিনেত্ৰীগৰাকীয়ে ইছলামিক অনাথ আশ্ৰমৰ শিশুৰ সৈতে নিজৰ বিশেষ দিনটো পালন কৰে ।
জৰীণ খানে ইনষ্টাগ্ৰামত বহু ভিডিঅ’ শ্বেয়াৰ কৰিছে। ইয়াৰে এটা ভিডিঅ’ত অনাথ আশ্ৰমৰ শিশুৰ সৈতে জন্মদিনৰ কেক কাটি থকা দেখা গৈছে জৰীণক । এই সময়চোৱাত মূৰত বগা ৰঙৰ স্কাৰ্ফৰ সৈতে গোলাপী ৰঙৰ চিকানকাৰী চুট পৰিধান কৰা দেখা গৈছিল অভিনেত্ৰীগৰাকীক ৷ ন’ মেকআপ লুকত অতি মৰমলগা দেখা গৈছে জৰীণক । ভিডিঅ’টোত টেবুলত বহু কেইটা কেক থোৱা দেখা গৈছে, ইয়াৰ পিচত তেওঁ অনাথ আশ্ৰমৰ শিশুৰ সৈতে কেক কাটে ।
অনাথ আশ্ৰমৰ শিশুৰ সৈতে ইফতাৰ কৰে
অনাথ আশ্ৰমৰ শিশুৰ সৈতে অভিনেত্ৰী জৰীণ খানে জন্মদিন উপলক্ষে ইফতাৰ কৰিছিল । আন এটা ভিডিঅ’ত জৰীণ খানে নিজৰ হাতেৰে শিশুক খেজুৰ আৰু অন্যান্য ইফতাৰ সামগ্ৰী পৰিৱেশন কৰা দেখা গৈছে । ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে ইফতাৰৰ পিচত নামাজ আদায় কৰাও দেখা যায় ৷
জৰীণ খানৰ কেৰিয়াৰ
উল্লেখ্য যে, ২০১০ চনত মুক্তি পোৱা ‘বীৰ’ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল জৰীণ খানে । ছবিখনত তেওঁৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ছলমান খানে । এইখিনিতে উল্লেখ কৰিব লাগিব যে ছলমান খানেই তেওঁক এই উদ্যোগটোত লঞ্চ কৰিছিল । ‘বীৰ’ৰ পিচত জৰীণে বহু ছবিত অভিনয় কৰিছিল ।
ইয়াৰ ভিতৰত ‘হেট ষ্ট’ৰী ৩’, ‘আক্সাৰ ২’, ‘ৱাজাহ তুম হো’, ‘১৯২১’ আদি বহু ছবিত । ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকী পাঞ্জাবী, তেলুগু আৰু তামিল ছবিতো কাম কৰিছে ।
লগতে পঢ়ক : অভিনয় জগতত ভৰি দিয়াৰ পূৰ্বে দৰ্জীৰ কাম কৰিছিল, পিচত কেনেকৈ হ’ল কৌতুক অভিনেতা ?