গুৱাহাটী, 20 আগষ্ট : আৰম্ভ হৈছে পবিত্ৰ ভাদ মাহ । আজি ভাদ মাহৰ তৃতীয়টো দিন । ভাদ মাহৰ প্ৰথম দিনটোৰ পৰাই হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ । এমাহজুৰি ভকত বৈষ্ণৱ, আই মাতৃসকলে হৰিনামৰ শ্ৰৱণ-কীৰ্তন কৰি মুখৰিত কৰি তুলিব ৰাজ্যৰ প্ৰতিখন সত্ৰৰ লগতে নামঘৰসমূহ । প্ৰবাদ আছে যে হৰিৰ নামৰ শ্ৰৱণ-কীৰ্তন কৰিলেই পাব পৰা যায় বৈকুণ্ঠত স্থান ।
এই পবিত্ৰ ভাদ মাহতে দুয়োজনা গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ মহাপ্ৰয়াণ ঘটিছিল । আনহাতে এই মাহতে শ্ৰী কৃষ্ণৰো জন্ম হৈছিল । সেয়ে কেইবা শতিকাজুৰি প্ৰতিগৰাকী অসমীয়াই এই মাহটো পবিত্ৰ মাহ হিচাপে পালন কৰি অহা পৰিলক্ষিত হৈছে । ভাদ মাহতে স-পৰিয়ালে নামঘৰলৈ যোৱাটো এটা পৰম্পৰাৰ দৰেই হৈ পৰিছে ৷
পবিত্ৰ ভাদ মাহৰ লগত সংগতি ৰাখি জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই মুকলি কৰি দিছে এটি ভক্তিমূলক গীত "আঁহা প্ৰভু"। আচুৰ্য বৰপাত্ৰৰ লগতে গীতটিত কণ্ঠদান কৰিছে অপূৰ্ব জান, ৰাগদ্বীপ চেতিয়া, জনম কাশ্যপ, ৰুন্তি প্ৰশান্তই । গীতটোৰ কথা আৰু সুৰ শোণিত গগৈৰ, সংগীত কৰিছে অপূৰ্ব জানে । শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে । বাদ্যযন্ত্ৰত আছে লাচিত বৰুৱা, বিশ্ব গগৈ, পিতি বৰা, কৈলাশ ৰাভা, গৌতম শইকীয়া ।
উল্লেখ্য যে, বিগত বছৰটো পবিত্ৰ ভাদ মাহৰ লগত সংগতি ৰাখি কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ কণ্ঠত মুক্তি লাভ কৰিছিল ভক্তিমূলক গীত "ভগৱন্ত ক'ত"। গীতটি মুক্তিৰ পাচতে ভক্তগণ ৰাইজে গীতটোক যথেষ্ট সঁহাৰি আৰু সমাদৰ জনোৱা পৰিলক্ষিত হৈছিল । বিগত বৰ্ষৰ দৰে এইবছৰো ভাদ মাহৰ আৰম্ভণিতেই আচুৰ্য বৰপাত্ৰই মুকলি কৰি দিয়া এই নতুন ভক্তিমূলক গীত "আঁহা প্ৰভু" কো ৰাইজে সমানে সঁহাৰি জনাব বুলি আশাবাদী কণ্ঠশিল্পীগৰাকী ।
লগতে পঢ়ক : প্রকৃতি ৰক্ষা আৰু আদিবাসীৰ অধিকাৰৰ বাৰ্তা লৈ আহি আছে 'মৃগয়া' - NEW FILM MRIGAYAA