ETV Bharat / entertainment

বিগ বিৰ বাসগৃহত কন্দল ! পৰিয়ালৰ পৰা একাষৰীয়া হ’ব নেকি অভিষেক বচ্চন ? - Abhishek Bachchan

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 12:45 PM IST

Abhishek Bachchan: বলীউডৰ তাৰকা অভিষেক বচ্চনৰ সন্দৰ্ভত পোহৰলৈ আহিছে এটি ডাঙৰ খবৰ ৷ ১৫ কোটিতকৈ অধিক ব্যয়ৰে একেলগে ৬ টা এপাৰ্টমেণ্ট ক্ৰয় কৰিছে অভিনেতাগৰাকীয়ে । অভিষেক বচ্চনে এৰিব নেকি বচ্চন পৰিয়ালৰ বাসগৃহ ?

Abhishek Bachchan buys six Apartments worth over 15 cr in Mumbai will actor shift with family
বিগ বিৰ বাসগৃহত ঘৰুৱা কন্দল! পৰিয়ালৰ পৰা একাষৰীয়া হ’ব নেকি অভিষেক বচ্চন ? (ETV Bharat)

চিটাৰা ডেস্ক, 19 জুন: পুনৰবাৰ বাতৰিৰ শিৰোনামত বলীউডৰ জুনিয়ৰ বচ্চন খ্যাত অভিষেক বচ্চন । তথ্য অনুসৰি, অভিনেতাগৰাকীয়ে মুম্বাইত ক্ৰয় কৰিছে ৬ টাকৈ এপাৰ্টমেণ্ট । এই আটাইকেইটা এপাৰ্টমেণ্টৰ দাম ১৫ কোটিতকৈও অধিক বুলি জানিব পৰা গৈছে । অভিষেক বচ্চনে মুম্বাইৰ বৰিবলী অঞ্চলত এই ৬ টা এপাৰ্টমেণ্ট ক্ৰয় কৰে ।

জানিব পৰা মতে, অভিষেক বচ্চনে অ’বেৰয় ৰিয়েল ইষ্টেটছৰ অ’বেৰয় স্কাই চিটি প্ৰজেক্টত ৬ টা এপাৰ্টমেণ্ট ক্ৰয় কৰিছে, যাৰ মূল্য ১৫.৪২ কোটি টকা ৷ যদি তথ্যসমূহত বিশ্বাস কৰা হয়, তেন্তে প্ৰতি বৰ্গফুটত ৩১,৪৯৮ টকা মূল্যত মুঠ ৪,৮৯৪ ৱৰ্কফুট এলেকা ক্ৰয় কৰিছে অভিনেতাগৰাকীয়ে । অভিষেক বচ্চনৰ এই আটাইকেইটা এপাৰ্টমেণ্ট বৰিবলী ইষ্টত পশ্চিম ঘাইপথৰ কাষত অৱস্থিত । এই সকলোবোৰ এপাৰ্টমেণ্ট বিল্ডিঙৰ ৫৭ নং মহলাত আছে ।

লগতে পঢ়ক: Karisma Kapoor Marriage: এই চৰ্ত মাজত নাহিলে অভিষেক বচ্চনৰ পত্নী হ’লহেঁতেন কৰিশ্মা, কিয় ভাঙিছিল তেওঁলোকৰ এংগেজমেণ্ট ?

অভিনেতাগৰাকীয়ে ২০২৪ চনৰ ২৮ মে’ত এই সকলোবোৰ এপাৰ্টমেণ্টৰ পঞ্জীয়ন কৰিছিল । য’ত ১০ খন গাড়ীৰ পাৰ্কিঙৰ সুবিধা আছে । এই ৬ টা এপাৰ্টমেণ্টৰ কথা ক’বলৈ গ’লে ইয়াৰে দুটা এপাৰ্টমেণ্টৰ আকাৰ ২৫২ বৰ্গফুট, দুটা এপাৰ্টমেণ্ট ১১০০ বৰ্গফুটৰ আৰু বাকী দুটা এপাৰ্টমেণ্ট ১০৯৪ বৰ্গফুটৰ ৷

বিগত সময়ত অৰ্থাৎ ২০২১ চনত অভিষেকে মুম্বাইৰ বৰিবলীত অ’বেৰয় ৰিয়েল ইষ্টেটৰ প্ৰজেক্ট ‘অ’বেৰয় ৩৬০ ৱেষ্ট’ ত ক্ৰয় কৰা এপাৰ্টমেণ্ট এটা ৪৫.৭৫ কোটি টকাত বিক্ৰী কৰিছিল । অভিনেতাগৰাকীয়ে ২০১৪ চনত ৪১ কোটি টকাত ক্ৰয় কৰিছিল এই এপাৰ্টমেণ্টটো ।

পৰিয়ালৰ পৰা আঁতৰি থাকিব নেকি অভিষেক বচ্চন ?

অভিষেক বচ্চনৰ গ্ল’বেল ষ্টাৰ পত্নী, মাতৃ আৰু ভগ্নীৰ মাজত হৈ থকা বিবাদ সকলোৰে মাজত পৰিচিত । বিগ বিৰ পৰিয়ালৰ অনুষ্ঠানসমূহতো ঐশ্বৰ্যক খুব কমেইহে দেখা যায় আৰু যিকোনো অনুষ্ঠানলৈ গ’লেও একেলগে দেখা নাযায় । গতিকে অভিষেকে বচ্চন পৰিয়ালৰ বাসগৃহ এৰি এই এপাৰ্টমেণ্টলৈ স্থানান্তৰিত কৰিব নেকি ? সেয়া সময়তহে জানিব পৰা যাব ৷

লগতে পঢ়ক: ভাগিনৰ প্ৰথম ছবিক লৈ আবেগিক হৈ পৰিল মোমায়েক অভিষেক বচ্চন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.