ETV Bharat / entertainment

জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন - Jayanta Hazarika birth anniversary - JAYANTA HAZARIKA BIRTH ANNIVERSARY

Jayanta Hazarika: প্ৰেছ ক্লাব অভয়াপুৰীৰ উদ্যোগত কণ্ঠশিল্পী, সুৰকাৰ প্ৰয়াত জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন । বৰেণ্য শিল্পীগৰাকীৰ 81 সংখ্যক ওপজা দিনটো প্ৰেছ ক্লাব অভয়াপুৰীৰ উদ্যোগত অভয়াপুৰীৰ বৃদ্ধাশ্ৰমত উদযাপন কৰা হয় ।

abhayapuri-press-club-celebrates-jayanta-hazarika-birth-anniversary
জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Sep 20, 2024, 5:19 PM IST

মাণিকপুৰ, 20 ছেপ্টেম্বৰ : আজি 20 ছেপ্টেম্বৰ । কণ্ঠশিল্পী, সুৰকাৰ প্ৰয়াত জয়ন্ত হাজৰিকাৰ জন্মদিন । উভতি নহাৰ বাটেৰে আঁতৰি যোৱা ৰাণা দাৰ অৱৰ্তমানত ৰাণা দাক সুঁৱৰিছে আজি ৰাজ্যবাসীয়ে । বৰেণ্য শিল্পীগৰাকীৰ 81 সংখ্যক ওপজা দিন প্ৰেছ ক্লাব অভয়াপুৰীৰ উদ্যোগত অভয়াপুৰীৰ বৃদ্ধাশ্ৰমত উদযাপন কৰা হয় । আজি দিনজোৰা কাৰ্যসূৰীৰে পালন কৰা এই বিশেষ দিনটোত অভয়াপুৰীৰ আকাশে-বতাহে ৰাণা দাৰ কালজয়ী গীতসমূহ বাজি উঠে ।

প্ৰেছ ক্লাৱ অভয়াপুৰীৰ উদ্যোগত আয়োজন কৰা জয়ন্ত হাজৰিকাৰ ওপজা দিনৰ বিশেষ অনুষ্ঠানত পতাকা উত্তোলন কৰে আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিক্ষক ড৹ ছিৰখাত হুছেইনে ৷ ৰাণা দাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে অভয়াপুৰীৰ বিশিষ্ট ব্যক্তি ছৈয়দ ছাজিদ আলীয়ে ৷ গছপুলি ৰোপণ কৰে প্ৰেছ ক্লাৱ অভয়াপুৰীৰ সাধাৰণ সম্পাদক ৰাজীৱ সৰকাৰে । জয়ন্ত হাজৰিকাৰ জীৱনৰ ওপৰত আলোকপাত কৰে প্ৰেছ ক্লাৱ অভয়াপুৰীৰ সভাপতি বিনোদ বিহাৰী নাথ আৰু অভয়াপুৰীৰ বিশিষ্ট সমাজ সেৱক ৰিতু কুমাৰ দাসে ।

জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন (ETV Bharat Assam)

অসমৰ সংগীত জগতত এক নতুন ধাৰাৰ সৃষ্টিৰে নিজৰ সুন্দৰ সংগীতেৰে অসমৰ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল জয়ন্ত হাজৰিকা । বৰ্তমানেও তেওঁ সৃষ্টি কৰি যোৱা বহুতো কালজয়ী গীত অসমৰ ৰাইজৰ মাজত প্ৰচলিত । জয়ন্ত হাজৰিকাই অসমীয়া লোক-সংগীত, শাস্ত্ৰীয় সংগীতৰ লগত পশ্চিমীয়া যন্ত্ৰসম্ভাৰৰ সংযোগেৰে এক নতুন ধ্বনিৰ সৃষ্টি কৰিছিল যি তেখেতৰ সংগীতৰ এক বিশেষ বৈশিষ্ট্য আছিল । এইদৰেই আজি কণ্ঠশিল্পী, সুৰকাৰ প্ৰয়াত জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন কৰা হয় ।

লগতে পঢ়ক : তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ...জন্মবাৰ্ষিকীত স্ৰষ্টাক সশ্ৰদ্ধ স্মৰণ - Jayanta Hazarika Birth Anniversary

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.