ETV Bharat / entertainment

অসমত সহ-অভিনয়ৰ পাতনি মেলা ব্ৰজনাথ শৰ্মাৰ বিষয়ে জানেনে ? জাতিয়ে সুঁৱৰিলে অভিনয়াচাৰ্যক - Abhinayacharya Brajanath Sarma

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 9:53 PM IST

Death anniversary of Brajanath Sarma : কি নাছিল তেওঁ ! নাটকৰ পৰা বিশ্বযুদ্ধলৈকে সকলোতে তেওঁৰ আছিল বিশেষ ভুমিকা ৷ অসমত নাৰীয়ে অভিনয় কৰিবলৈ ওলাই আহিছিল তেওঁৰ তৎপৰতাতে ৷ সেইগৰাকী বিশেষ ব্যক্তিৰ আজি স্মৃতি দিৱস ৷

Death anniversary of Brajanath Sarma
ব্ৰজনাথ শৰ্মাৰ ৬৪ সংখ্যক স্মৃতি দিৱস (ETV Bharat Assam)

তেজপুৰ, ১২ ছেপ্টেম্বৰ : প্ৰথম বিশ্বযুদ্ধৰ এগৰাকী সৈনিক, স্বাধীনতা সংগ্ৰামী, শিল্পী, নাট্যকাৰ ব্ৰজনাথ শৰ্মাৰ বিষয়ে জানেনে ? যিগৰাকী সৈনিক শিল্পী, অভিনয়াচার্য ব্ৰজনাথ শৰ্মাৰ আজি স্মৃতি দিৱস ৷ অসমৰ ৰংগমঞ্চত সহ-অভিনয়ৰ বাটকটীয়া শিল্পী, অভিনেতা, নাট্যকাৰ, নাট পৰিচালক, প্ৰথম বিশ্বযুদ্ধৰ সৈনিক আৰু স্বাধীনতা সংগ্ৰামী বিপ্লৱী শিল্পী ব্ৰজনাথ শৰ্মাৰ আজি মৃত্যু দিন ৷

১৮৯৪ খৃষ্টাব্দৰ ১৫ ছেপ্টেম্বৰত বজালীৰ শিলা গাঁৱত ব্ৰজনাথ শৰ্মাই জন্মগ্ৰহণ কৰে ৷ অসম নাট্য সন্মিলন, শোণিতপুৰ জিলা সমিতিৰ বাৰ্ষিক কৰ্মসূচী অনুসৰি তেজপুৰ সাহিত্য সভাৰ সহযোগিতাত বৃহস্পতিবাৰে শিল্পীগৰাকীৰ স্মৃতি দিৱস আয়োজন কৰা হয় ৷

নাটকৰ সহ-অভিনয়ৰ আৰম্ভণি :

ব্ৰজনাথ শৰ্মাই অসমত প্ৰথমবাৰৰ বাবে মঞ্চত সহ-অভিনয়ৰ দুৱাৰ মুকলি কৰিছিল ৷ যি সময়ত অসম অস্পৃশ্যতাৰ দোহাই দি মহিলা বা জীয়াৰীয়ে অভিনয় কৰাটো সমাজে ভাল নাপাইছিল, তেনে সময়তে ব্ৰজনাথ শৰ্মাই অসমীয়া নাটকত সহ-অভিনয় আৰম্ভ কৰাৰ চিন্তা কৰে ।

উপযুক্ত অভিনেত্ৰীত সন্ধানত নামনি অসমৰ পৰা উজনি অসমলৈ ঢাপলি মেলিছিল ব্ৰজনাথ শৰ্মা ৷ তথ্য মতে একেসময়তে জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী বোলছবি নিৰ্মাণৰ বাবে অভিনেত্ৰী বিচাৰি ফুৰিছিল । শৰ্মাই শিৱসাগৰ জিলাৰ নাজিৰা, আমগুৰি আদি ঠাইৰ পৰা কেবাগৰাকীও মহিলাক একত্ৰিত কৰি নাটকত অভিনয়ৰ বাবে পৰিয়ালৰ অনুমতি লাভ কৰে ৷ পৰৱৰ্তী সময়ত 1933 চনৰ নৱেম্বৰ মাহত ডুমডুমা নাট্য মন্দিৰৰ মঞ্চত প্ৰথমবাৰৰ বাবে ব্ৰজনাথ শৰ্মাই ছগৰাকী অভিনেত্ৰীৰে সহ-অভিনয়ৰ সূত্ৰপাত ঘটাবলৈ সক্ষম হয় । এই ছগৰাকী অভিনেত্ৰীৰ নাম আছিল- সৰ্বেশ্বৰী দাস, গোলাপী দাস, ফুলেশ্বৰী দাস, বিনোদা গগৈ, লাৱণ্য দাস আৰু শৈলবালা দেৱী ৷

সেয়েহে ডুমডুমা নাট্য মন্দিৰত আজিও শিল্পীগৰাকীক স্মৰণ কৰা হয় ৷ বৃহস্পতিবাৰে ব্ৰজনাথ শৰ্মাৰ স্মৃতি দিৱস উপলক্ষে ডুমডুমা নাট্য মন্দিৰত অসম নাট্য সন্মিলনৰ তৰফৰ পৰা এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সভাপতি তথা প্ৰাক্তন সাংসদ, প্ৰাক্তন মন্ত্ৰী কুমাৰ দীপক দাস ৷

অভিনেতা ব্ৰজনাথ শৰ্মা :

সুদক্ষ অভিনেতা আৰু গীত-বাদ্যত সুনিপুণ ব্ৰজনাথ শৰ্মাই চৈধ্য বছৰ বয়সতে এক যাত্ৰাদলত ‘হৰিশ্চন্দ্ৰ’ নাটকত ৰোহিতেশ্বৰৰ ভূমিকাত অভিনয় কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল । প্ৰাথমিক শিক্ষাৰ অন্তত গৌৰীপুৰৰ সংস্কৃত টোলত ভৰ্তি হৈছিল যদিও শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰি ১৯১৫ চনত ১৪৯ বেংগল ৰেজিমেণ্টত সৈনিক হিচাপে ভৰ্তি হয় ৷ ২১ বছৰ বয়সত প্ৰথম বিশ্বযুদ্ধৰ সময়ত সৈনিক হিচাবে আছিল তেওঁ ৷

অভিনয়ানুৰাগী শিল্পীগৰাকীয়ে নাট্যচৰ্চাৰ লগতে অভিনয় কৌশল গ্ৰহণ কৰিছিল । সামৰিক কৰ্তব্যৰ খাতিৰত যুদ্ধৰ বিভীষিকাৰ মাজে মাজে ঘূৰি ফুৰি তেওঁ বাগদাদ চহৰত থাকোতে মিঃ জৰ্জ নামৰ এগৰাকী ভাৰতীয় খৃষ্টান সংগীতজ্ঞৰ অধীনত প্ৰায় এবছৰ কাল সংগীত চৰ্চা কৰিছিল । পিছত তেওঁ বচেৰালৈ বদলি হৈ যোৱাত তাতে ভাৰতীয় বোলছবি জগতৰ বৰ্তমান প্ৰখ্যাত পৰিচালক হৃষিকেশৰ তত্ত্বাৱধানত পৰিচালিত Best Bengal Dramatic Club ৰ সভ্য হৈ প্ৰথমে বঙালী নাট ‘বাজীৰাও’ত চন্দ্ৰসেনৰ ভাও লৈ দৰ্শকক মোহিত কৰিছিল ৷

যাত্ৰা দল গঠন :

ইয়াৰ পিছত দুৰ্গা দাস, মিত্ৰ কুমাৰী, চন্দ্ৰ গুপ্ত, মোগল পাঠান, ৰাণা প্ৰতাপ, বলবীৰ, পৃথ্বীৰাজ, বংগে বৰ্গী, ধৰ্ম বিপ্লৱ আদি নাটত দক্ষতাৰে অভিনয় কৰি দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সমৰ্থ হৈছিল ৷ ১৯২১ চনত চাকৰি জীৱনৰ সমাপ্তি ঘটাত বিভিন্ন দেশৰ সভ্যতা সংস্কৃতিৰ জ্ঞানেৰে পৰিপক্ক হৈ ব্ৰজ শৰ্মাই কলকাতাত নাট্যকলাৰ বাস্তৱিক দিশ সম্পৰ্কে কিছু অধ্যয়ন কৰি নিজৰ ঠাই শিলালৈ আহি ওচৰ-চুবুৰীয়া গাঁৱৰ কিছু লোকক লৈ ‘শিলা কালিকা অপেৰা পাৰ্টী’ নামৰ এটা যাত্ৰাদল গঠন কৰে ।

১৯২৪ চনত ‘শিলা কালিকা অপেৰা পাৰ্টী’ ভাগি যায় যদিও সেই বছৰৰে নৱেম্বৰ মাহত অনাৰাম মহাজন নামৰ লোক এজনৰ সাহায্যত সৰহভোগৰ দক্ষিণ গণক গাড়ীগাঁৱত ‘দক্ষিণ গণক গাড়ী অপেৰা পাৰ্টী’ নামৰ আন এটি যাত্ৰাদল গঠন কৰে ৷ এই দলে ধাত্ৰী পান্না’, ‘কালা পাহাৰ, বাচষ্পতি’, ‘ৰণজিৎ সিংহ’ প্ৰমুখ্যে ঐতিহাসিক নাটসমূহত অভিনয় কৰি বিশেষকৈ নামনি অসমত দৰ্শকসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰিছিল । পৰৱৰ্তী সময়ত ব্ৰজনাথ শৰ্মা অসমীয়া জনসমাজত ‘ওস্তাদ’ৰূপে পৰিগণিত হৈছিল । ১৯২৯ চনত আগতকৈ কিছু উন্নত কলা-কৌশল প্ৰয়োগ কৰি ১৯৩০ চনত নগাঁৱৰ কচুবিল বাগানৰ বৰবাবু বিপিন চন্দ্ৰ বৰুৱা আৰু কেইজনমান বন্ধুৰ উদ্যোগত ‘কহিনুৰ অপেৰা পাৰ্টি’ গঠন কৰে । এই পাৰ্টীটোত তেজপুৰৰ বৰেণ্য শিল্পী নটসূৰ্য ফণী শৰ্মা, চন্দ্ৰ চৌধুৰী, সনাতন হাজৰিকা, আনকি ব্ৰজনাথ শৰ্মাৰ ককায়েক কৃষ্ণ শৰ্মায়ো অংশগ্ৰহণ কৰিছিল । অসমৰ নাট্য জগত তথা মঞ্চ জগতক এখোপ আগুৱাই নিবলৈ সক্ষম হৈছিল ব্ৰজনাথ শৰ্মা ।

ব্ৰজনাথ শৰ্মাই কেৱল যাত্ৰা দল খুলিয়েই ক্ষান্ত থকা নাছিল । অসমীয়া কলা-সংস্কৃতিৰ পথাৰখন চহকী কৰাৰ উদ্দেশ্যে কেবাখনো নাটক ৰচনা কৰিছিল ৷ সেই নাটকসমূহ হৈছে বৰ্জিতা, মনোমতী, পতিতা, বৰুণা, উৰ্ব্বশী আৰু সীতা ৷ ১৯৩৫-৩৬ চনত কলকাতাৰ মেগাফোন কোম্পানীৰ অনুৰোধত ‘মনোমতী’ ‘পতিতা’ আৰু ‘সীতা’ নামৰ তিনিখন নাট শিল্পীগৰাকীয়ে ৰেকৰ্ডিং কৰে ।

বিপ্লৱী ব্ৰজনাথ শৰ্মা :

ব্ৰজনাথ শৰ্মাৰ আন এক পৰিচয় হ’ল ‘মুক্তিকামী বিপ্লৱী বীৰ’ ৷ ১৯৪২ চনত স্বাধীনতা সংগ্ৰামত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি বৃটিছ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছিল ব্ৰজনাথ শৰ্মা । স্বাধীনতা লাভৰ পিছত ব্ৰজনাথ শৰ্মাই বনুৱা, হজুৱাৰ কল্যাণৰ হকে ছ’চিয়েলিষ্ট দলত যোগ দিছিল । ভাৰতবৰ্ষৰ লগতে অসমত অনুষ্ঠিত হোৱা প্ৰথম সাধাৰণ নিৰ্বাচনত তেওঁ দলৰ প্ৰাৰ্থীৰূপে বিধান সভাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হয় । ব্ৰজনাথ শৰ্মাই ১৯৬০ চনৰ ১২ ছেপ্টেম্বৰত গুৱাহাটীত ইহলীলা সম্বৰণ কৰে ৷

লগতে পঢ়ক : ব্রজনাথ শর্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ

"ট্ৰেজেডি কিং" খ্যাত মৃদুল ভূঞাৰ নাট্য যাত্ৰাৰ আৰম্ভণি কেনেদৰে হৈছিল ?

বিশ্ব নাট্য দিৱস উদযাপনৰ উদ্দেশ্য তথা ইয়াৰ আৰম্ভণি কেনেকৈ হ’ল জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.