ETV Bharat / entertainment

প্ৰথমবাৰলৈ গুৱাহাটীত এছিয়ান চলচ্চিত্ৰ মহোৎসৱ - Guwahati Asian Film Festival

author img

By PTI

Published : Sep 5, 2024, 8:53 PM IST

Guwahati Asian Film Festival: আগন্তুক বৰ্ষত গুৱাহাটীত অনুষ্ঠিত হ’ব প্ৰথম এছিয়ান চলচ্চিত্ৰ মহোৎসৱ ৷ 7 ৰ পৰা 9 ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া উৎসৱটোৱে এছিয়া আৰু উত্তৰ-পূব ভাৰতীয় চলচ্চিত্ৰ উদযাপনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ।

Etv Bharat
Etv Bharat (Etv Bharat)

চিটাৰা ডেস্ক, 5 ছেপ্টেম্বৰ : আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব প্ৰথম গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ ৷ এই মহোৎসৱত অঞ্চলটোৰ কেইখনমান বিশিষ্ট চিনেমা প্ৰদৰ্শন কৰা হ’ব বুলি বৃহস্পতিবাৰে এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আয়োজকসকলে প্ৰকাশ কৰে ।

GAFF (1st Guwahati Asian Film Festival)ৰ পৰিচালক মনিতা বৰগোঁহায়ে কয়, “এই উৎসৱটো এক মাইলৰ খুঁটি হ’ব বুলি প্ৰতিশ্ৰুতি দিছো, এছিয়াৰ শ্ৰেষ্ঠ ছবিসমূহক একত্ৰিত কৰাৰ লগতে উত্তৰ-পূব ভাৰতৰ অনন্য কণ্ঠৰ ওপৰতো আলোকপাত কৰা হ’ব ।” এই মহোৎসৱটো অসমৰ সাংস্কৃতিক জগতৰ এক অপৰিহাৰ্য অংশ হিচাপে পৰিগণিত হ’ব বুলি আত্মবিশ্বাস প্ৰকাশ কৰি সকলোকে এই ঐতিহাসিক ছবিৰ উদযাপনৰ অংশ হ’বলৈ আহ্বান জনাই আয়োজকে ।

এই মহোৎসৱত উত্তৰ-পূব ভাৰতৰ ছবিৰ বাবে বিশেষভাৱে প্ৰতিযোগিতামূলক শিতান থাকিব, য’ত অঞ্চলটোৰ চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি দিবলৈ বিভিন্ন শিতানত নগদ ধনৰ বঁটা প্ৰদান কৰা হ’ব ।

প্ৰতিযোগিতা শাখাৰ উপৰিও এই মহোৎসৱত নিৰ্বাচিত এছিয়ান আৰু ভাৰতীয় চলচ্চিত্ৰ প্ৰদৰ্শন কৰা এক অ-প্ৰতিযোগিতা শাখা থাকিব, যিয়ে ব্যতিক্ৰমী চলচ্চিত্ৰৰ উজ্জ্বলতা উদযাপন কৰিব ।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰৰ পৰা আনুষ্ঠানিকভাৱে ছবি জমা দিয়াৰ ব্যৱস্থা মুকলি কৰা হৈছে ।

অসম চৰকাৰৰ পৃষ্ঠপোষকতাত গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (জি আই এফ এফ) প্ৰাক্তন উৎসৱ পৰিচালক বৰগোঁহাইৰ উপৰিও উপদেষ্টা মণ্ডলীয়ে চলচ্চিত্ৰ জগতৰ কেইবাজনো বিশিষ্ট সদস্যক লৈ গৌৰৱবোধ কৰে ।

প্ৰখ্যাত চলচ্চিত্ৰ সমালোচক আৰু মহোৎসৱ উপদেষ্টা শ্ৰীনিবাস সন্থানম, ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ সমালোচক আৰু চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰী আৰু বিশিষ্ট চলচ্চিত্ৰ সমালোচক, সংগীত সাংবাদিক আৰু সম্পাদক ডাল্টন ক্ৰিষ্টোফাৰো প্ৰথম GAFF ৰ অংশ ৷

লগতে পঢ়ক : যাৰ গঁতা খাই প্ৰথমটো অভিনয় কৰিছিল তেওঁকেই আজিলৈকে বিচাৰি নাপালে এইজন অভিনেতাই - Actor Dhananjay Debnath interview

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.