ETV Bharat / business

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে পাবনে ৭৫০০ টকাৰ মাহিলী পেন্সন? ৮ কোটি লোক হ'ব পাৰে লাভৱান - EPS Pension

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 11:16 AM IST

EPFO EPS Pension: চৰকাৰী কৰ্মচাৰীৰ বাবে একত্ৰিত পেন্সন আঁচনি (Unified Pension Scheme) এ অনুমোদন পোৱাৰ পিছত ব্যক্তিগত খণ্ডৰ বাবে পেন্সন সংস্কাৰৰ দাবী সবল হৈ পৰিছে ৷ ব্যক্তিগত খণ্ডৰ ন্যূনতম মাহিলী পেন্সন ৭৫০০ টকালৈ বৃদ্ধি কৰাৰ দাবী জনাইছে ইপিএছ-৯৫ ৰাষ্ট্ৰীয় সংঘৰ্ষ সমিতিয়ে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই দাবী বিবেচনা কৰাৰ আশ্বাস দিছে।

EPFO EPS Pension
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে পাবনে ৭৫০০ টকাৰ মাহিলী পেন্সন (ETV Bharat)

নিউজ ডেস্ক, 4 ছেপ্টেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে একত্ৰিত পেন্সন আঁচনি (UPS) ঘোষণা কৰাৰ পিছত ব্যক্তিগত খণ্ডৰ কোম্পানীত কৰ্মৰত কৰ্মচাৰীৰ পেন্সন বৃদ্ধিৰ দাবী জোৰদাৰ হৈ পৰিছে। ইউ পি এছৰ অধীনত চৰকাৰী কৰ্মচাৰীক প্ৰতিমাহে ন্যূনতম ১০ হাজাৰ টকাৰ পেন্সনৰ ব্যৱস্থা কৰা হৈছে আৰু যদি তেওঁলোকে ২৫ বছৰ সেৱা সম্পূৰ্ণ কৰি অৱসৰ লয় তেন্তে তেওঁলোকে মৌলিক দৰমহাৰ ৫০ শতাংশ পেন্সন হিচাপে লাভ কৰিব।

একে সময়তে ব্যক্তিগত খণ্ডত কৰ্মৰত কৰ্মচাৰীয়ে বৰ্তমান কৰ্মচাৰী পেন্সন আঁচনি ১৯৯৫ (ইপিএছ-৯৫) ৰ অধীনত গড়ে মাহিলী ১৪৫০ টকা পেন্সন লাভ কৰে, কিন্তু ইউ পি এছৰ ঘোষণাৰ পিছত ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে মাহেকীয়া পেন্সন ৭৫০০ টকালৈ বৃদ্ধি কৰা দাবী উত্থাপন কৰিছে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰীক সাক্ষাৎ পেন্সনাৰ প্ৰতিনিধি দলৰ

শেহতীয়াকৈ পেন্সনাৰসকলৰ সংগঠন ইপিএছ-৯৫ ৰাষ্ট্ৰীয় আন্দোলন সমিতিৰ এটা প্ৰতিনিধি দলে নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ কৰি ন্যূনতম পেন্সন প্ৰতিমাহে ৭৫০০ টকালৈ বৃদ্ধি কৰাৰ দাবী জনায়। সীতাৰমণে প্ৰতিনিধি দলৰ সদস্যসকলক আশ্বাস দিয়ে যে চৰকাৰ তেওঁলোকৰ দাবীক লৈ গম্ভীৰ আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ স্বাৰ্থৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব। ইপিএফঅ (EPFO) ৰ প্ৰস্তাৱসমূহো গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ আশ্বাস দিছে সীতাৰমনে।

আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ

উল্লেখ্য যে ইপিএছ-৯৫ ৰাষ্ট্ৰীয় আন্দোলন সমিতি (NC) ত প্ৰায় ৭৮ লাখ অৱসৰপ্ৰাপ্ত পেন্সনাৰ আৰু ঔদ্যোগিক খণ্ডৰ ৭.৫ কোটি কৰ্মচাৰী আছে । এনচিয়ে এক বিবৃতিত জনাইছে যে প্ৰতিনিধি দলটোক আশ্বাস দি বিত্তমন্ত্ৰী সীতাৰমণে এই কথা সদৰী কৰিছে যে ইপিএফঅ’ই পৰামৰ্শ দিয়া প্ৰস্তাৱসমূহৰ ওপৰত চৰকাৰে গুৰুত্বসহকাৰে বিবেচনা কৰি আছে। পেন্সনাৰসকলৰ আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু ইয়াৰ সমাধান সূত্ৰ উলিওৱা হ’ব বুলি বিত্তমন্ত্ৰীয়ে আশ্বাস দিছে।

উপকৃত হ’ব কোটি কোটি লোক

স্মৰ্তব্য যে ইয়াৰ পূৰ্বে আগষ্ট মাহত ইপিএছ-৯৫ এনএচিৰ প্ৰতিনিধিসকলে কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি মন্ত্ৰী মনসুখ মাণ্ডব্যকো সাক্ষাৎ কৰিছিল । মাণ্ডব্যই আশ্বাস দিছিল যে চৰকাৰে তেওঁলোকৰ দাবী পূৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'ব। যদি চৰকাৰে সমিতিৰ দাবী পূৰণ কৰে যে ইপিএফঅ'ৰ সৈতে জড়িত কোটি কোটি লোক উপকৃত হ'ব ৷

ইপিএছ পেঞ্চনাৰসকলৰ সম্পূৰ্ণ মেডিকেল কভাৰেজৰ দাবীও উত্থাপন হৈছে

ৰাষ্ট্ৰীয় আন্দোলন সমিতিয়ে দীৰ্ঘদিন ধৰি ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ পেন্সনৰ বৃদ্ধিৰ দাবী জনাই আহিছে। এই সন্দৰ্ভত সমিতিৰ সদস্যসকলে প্ৰতিবাদো সাব্যস্ত কৰিছে। পেন্সন সংস্কাৰৰ উপৰিও ইপিএছৰ সদস্যসকল আৰু তেওঁলোকৰ পত্নীসকলক সম্পূৰ্ণ চিকিৎসা কভাৰেজ প্ৰদান কৰিবলৈও সমিতিয়ে দাবী জনাইছে। সমিতিৰ অধ্যক্ষ অশোক ৰাউতে কয় যে বিগত আঠ বছৰ ধৰি পেন্সনাৰসকলে ন্যূনতম পেন্সন বৃদ্ধিৰ দাবী জনাই আহিছে যদিও চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি গুৰুত্ব দিয়া নাই।

লগতে পঢ়ক: PF কৰ্তন কৰিলে কিমান পেন্সন লাভ কৰিব পাৰি ? কিমান বছৰ কাম কৰিলে পাব এই সুবিধা? জানো আহক - Employee Pension Scheme

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.