ETV Bharat / business

যোৰহাটত বিদেশী ৰাষ্ট্ৰৰ বিপনী

যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত 'যোৰহাট বাণিজ্য মেলা' । ১৬ অক্টোবৰ পৰা ২৯ অক্টোবৰলৈ ১৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই বাণিজ্য মেলা ।

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

Trade Fair begin with 14-day programme
যোৰহাটত বিদেশী ৰাষ্ট্ৰৰ বিপনী (ETV Bharat Assam)

যোৰহাট: ১৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ যোৰহাট বাণিজ্য মেলা । অসম চৰকাৰৰ উদ্যোগত, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অন্তৰ্গত অসম বাণিজ্য উন্নয়ন সংস্থা গুৱাহাটীৰ উদ্যোগত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে এই বাণিজ্য মেলা । ১৬ অক্টোবৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিত হৈছে উক্ত বাণিজ্য মেলাখন । ১৬ অক্টোবৰ পৰা আৰম্ভ হৈছিল যদিও শনিবাৰে AIDC অধ্যক্ষ শান্তনু পূজাৰী আৰু ATPO অধ্যক্ষ সুনীল ডেকাই উক্ত মেলাখন উদ্বোধন কৰে ।

আনহাতে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম বাণিজ্য উন্নয়ন সংস্থা অধ্যক্ষ সুনীল ডেকাই কয়, "অসমৰ থলুৱা উদ্যোগীসকলে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অন্য স্থানত তেওঁলোকে উৎপাদিত কৰা সামগ্ৰীয়ে বজাৰ দখল কৰা আৰু মুখ্যমন্ত্ৰী সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্যৰে হৈছে বাণিজ্য মেলা আয়োজন কৰা হৈছে ।" লগতে উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কৰা কামৰ কথাও তেওঁ উল্লেখ কৰে ।

অসম চৰকাৰৰ উদ্যোগত বানিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সহযোগত অসম বাণিজ্য সংস্থাই বিগত ২০২৩ আৰু ২০২৪ বিত্তীয় বৰ্ষত অসমৰ বিভিন্ন প্ৰান্তত ক্ৰমে ডিব্ৰুগড়, তেজপুৰ, নলবাৰী, গুৱাহাটী, শিলচৰ আৰু কোকৰাঝাৰত বাণিজ্য মেলা আয়োজন কৰিছিল, উক্ত বানিজ্য মেলাত প্ৰদৰ্শনী আৰু বিক্ৰীৰ লগতে স্থানীয় যুৱক-যুৱতীসকলে যাতে নিজৰ সংস্থাপনৰ বাট মুকলি কৰিব পাৰে তাৰ বাবে এক বিশেষ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছিল ।

এই প্ৰশিক্ষণৰ ফলত বহু শিক্ষিত যুৱক-যুৱতী উপকৃত হবলৈ সক্ষম হৈছিল । বিগত বিত্তীয় বৰ্ষৰ দৰে এইবাৰ ২০২৪-২৫ বিত্তীয় বৰ্ষত প্ৰথমখন তেজপুৰ চহৰত আৰু দ্বিতীয়খন বাণিজ্য মেলা যোৰহাটত আয়োজন কৰা হৈছে । এই বাণিজ্য মেলাৰ জৰিয়তে বিভিন্ন উদ্যোগৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ প্ৰসাৰ আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ।

বাণিজ্য মেলাৰ প্ৰধান উদ্দেশ্য হৈছে ৰাজ্যৰ ভিতৰৰ আৰু বাহিৰৰ উদ্যোগীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমTহ প্ৰদৰ্শন কৰা, বিভিন্ন ঠাইৰ পৰা অহা উদ্যোগী সকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শন, বিভিন্ন ঠাইৰ পৰা অহা উদ্যোগীসকলৰ মাজত মত বিনিময়ৰে নিজৰ ব্যৱসায়ক উন্নত কৰা ।

লগতে পঢ়ক: মীন পালনৰে কিদৰে লাভান্বিত হ'ব পাৰি ?

উপ-নিৰ্বাচন: তিনি সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণাৰ বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.