ETV Bharat / business

বেংকলৈ নাযাব; আজি নহয় কোনো বিত্তীয় লেনদেন - Eid e Milad 2024

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 10:50 AM IST

Eid e Milad holiday : আপুনি যদি ভাবিছে সাঁচতীয়া ধনকেইটা আজি বেংকত থোৱাৰ কথা, তেন্তে পিছুৱাই দিয়ক এই সময় ৷ আজি বেংকত নহ’ব কোনোধৰণৰ লেনদেন ৷ কিয় জানেনে বাৰু...

Eid e Milad holiday
বেংকলৈ যোৱাৰ কথা ভাবিছে নেকি ? (Getty Image)

নিউজ ডেস্ক, ১৬ ছেপ্টেম্বৰ : আপুনি বাৰু আজি বেংকলৈ যোৱাৰ কথা ভাবিছে নেকি ? যদিহে ভাবিছে, তেন্তে আমাৰ এই বাতৰিটো প্ৰথমতে পঢ়ি লওক ৷ কিয়নো আজি বেংক সম্পৰ্কত আপোনাৰ বাবে আছে এটা খবৰ ৷

সোমবাৰ অৰ্থাৎ বন্ধৰ বাৰ নহয় যদিও আজি বন্ধ হৈ থাকিব পাৰে আপোনাৰ নিচেই কাষৰ বেংকটো ৷ কিয়নো আজি মুছলমান সম্প্ৰদায়ৰ ঈদ-ই-মিলাদ-উন-নবী ৷ যাৰ বাবে বন্ধ থাকিব পাৰে একাংশ বেংক ।

ভাৰতত এই ঈদক চৰকাৰী বন্ধৰ দিন হিচাপে স্বীকৃতি দিয়া হৈছে । সেই হেতুকে গুজৰাট, মিজোৰাম, কৰ্ণাটক, তামিলনাডু, উত্তৰাখণ্ড, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, মণিপুৰ, জম্মু, কেৰালা, উত্তৰ প্ৰদেশ, নতুন দিল্লী, ছত্তীশগড় আৰু ঝাৰখণ্ডত আজি বন্ধ থাকিব বেংক সেৱা ।

  • ঈদ-ই-মিলাদ :

হজৰত মহম্মদক সন্মান জনোৱাৰ উদ্দেশ্যে ঈদ-ই-মিলাদক পালন কৰা হয় ৷ এই উৎসৱক মহম্মদৰ জন্মদিন, নবীৰ দিৱস বা মৌলিদ বুলিও কোৱা হয় । ভাৰতত ঈদ-ই-মিলাদক ৰাজহুৱা বন্ধৰ দিন হিচাপে স্বীকৃতি দিয়া হৈছে আৰু বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ইয়াক অতি আনন্দৰে পালন কৰে ।

RBI য়ে জনোৱা মতে, ১৮৮১ চনৰ ২৫ নং ধাৰাত মহাৰাষ্ট্ৰ চৰকাৰে ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰক চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰে । পূৰ্বে ঘোষণা কৰা ১৬ ছেপ্টেম্বৰ, ২০২৪ৰ চৰকাৰী বন্ধৰ দিন বাতিল কৰা হৈছে । সেই অনুসৰি ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰত চৰকাৰী ছিকিউৰিটি, বৈদেশিক মুদ্ৰা, মুদ্ৰা বজাৰ আৰু টকাৰ সুদৰ হাৰৰ ডেৰাইভেটিভত কোনো ধৰণৰ লেনদেন আৰু নিষ্পত্তি নহয় ।

১৮ ছেপ্টেম্বৰ, ২০২৪ (বুধবাৰ)ত কৰিবলগীয়া সকলো বাকী থকা লেনদেনৰ নিষ্পত্তি পৰৱৰ্তী কৰ্মদিনলৈ অৰ্থাৎ ১৯ ছেপ্টেম্বৰ, ২০২৪ (বৃহস্পতিবাৰ)লৈ পিছুৱাই দিয়া হ’ব ।

  • অনলাইন বেংকিং সেৱা উপলব্ধ হ’বনে ?

বেংকৰ শাখাসমূহ বন্ধ হৈ থাকিলেও অনলাইন বেংকিং সেৱা উপলব্ধ হ’ব যিবোৰ গ্ৰাহকে সহজেই লেনদেন, বেলেঞ্চ পৰীক্ষা আৰু অন্যান্য বিত্তীয় কাম-কাজ সম্পন্ন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব ।

লগতে পঢ়ক : এটা চেভিংছ একাউণ্টত কিমান নগদ ধন জমা কৰিব পাৰি ? - Savings Account Rules

লগতে পঢ়ক : কঠিন হ’লেও অবাস্তৱ নহয় কোটিপতি হোৱাৰ সপোন; প্ৰয়োজন সঠিক সিদ্ধান্তৰ - How to become crorepati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.