ETV Bharat / business

চলিত বৰ্ষতেই দেশ এৰিব ৪,৩০০ গৰাকী কোটিপতিয়ে - Millionaires

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 6:28 PM IST

Millionaires to leave country: ক’ভিডৰ পিচত ভূ-ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক উত্থান-পতনৰ ফলত বহু কোটিপতিয়ে দেশ এৰাৰ বাবে আগবাঢ়িছে ৷ সৰ্বাধিক কোটিপতিয়ে দেশ এৰিব চীনৰ পৰা ৷ সংযুক্ত আৰৱ এমিৰেট তেওঁলোকৰ পছন্দৰ শীৰ্ষস্থানত আছে ৷ ই টিভি ভাৰতৰ সৌৰভ শুক্লাৰ এক প্ৰতিবেদন...

Millionaires to emigrate from country
প্ৰতিনিধিত্বমূলক ফটো (Getty Images Photo)

ইণ্টাৰনেশ্যনেল ডেস্ক, 20 জুন : শীঘ্ৰেই 4,300 গৰাকী ভাৰতীয় মিলিয়নাৰে এৰিব দেশ ৷ শেহতীয়াকৈ এই তথ্য প্ৰকাশ পাইছে হেনলী প্ৰাইভেট ৱেলথ মাইগ্ৰেচন প্ৰতিবেদন-2024ত ৷

আন্তৰ্জাতিক বিনিয়োগ প্ৰব্ৰজন পৰামৰ্শদাতা প্ৰতিষ্ঠান হেনলী এণ্ড পাৰ্টনাৰ্ছে প্ৰকাশ কৰা এই প্ৰতিবেদনত প্ৰকাশ পায় যে ভাৰতীয় কোটিপটিৰ দেশত্যাগৰ সংখ্যা এই বৰ্ষত পূৰ্বতকৈ কিছু হ্ৰাস পাব ৷ ফলত যুক্তৰাজ্যৰ পিচতে তৃতীয় স্থানত আছে ভাৰত ৷ উল্লেখ্য যে 2023 বৰ্ষত 5,100 গৰাকী ভাৰতীয় কোটিপটিয়ে দেশ ত্যাগ কৰাৰ বিপৰীতে 2024 চনত 4,300 কোটিপতিয়ে দেশ ত্যাগ কৰিব বুলি ধাৰণা কৰা হৈছে ।

প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে সৰ্বাধিত চীনৰ কোটিপতিয়ে বিশ্বৰ ভিন্ন দেশলৈ গমন কৰিব বুলি আশা কৰা হৈছে ৷ আনুমানিক 15,200 উচ্চ-নেট-মূল্যৰ ব্যক্তিয়ে (যিসকলৰ কমেও ১০ লাখ ডলাৰৰ লিকুইড সম্পত্তি আছে) এই বছৰ দেশ ত্যাগ কৰিছে ৷ বিপৰীতে 2023 চনত এই সংখ্যা আছিল 13,800 গৰাকী ।

লগতে পঢ়ক: ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ সৰ্বকালৰ উচ্চ স্তৰ স্পৰ্শ

ইফালে, যুক্তৰাজ্যই ২০২৪ চনত ৯,৫০০ গৰাকী কোটিপতিৰ দেশত্যাগৰ ফলত লোকচানৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷ ফলত যুক্তৰাষ্ট্ৰ চীনৰ পিচতে সৰ্ববৃহৎ ক্ষতিগ্ৰস্ত হোৱা দেশ হিচাপে পৰিগণিত হৈছে । যুক্তৰাষ্ট্ৰত এই সংখ্যা 2023 বৰ্ষতকৈ দুগুণতকৈও বেছি ৷ 2023 বৰ্ষত 4,200 গৰাকী মিলিয়নাৰে দেশ ত্যাগ কৰাৰ বিপৰীতে 2022 চনত এই সংখ্যা আছিল 1,600 গৰাকী ৷

সংযুক্ত আৰৱ এমিৰেট সাজু হৈছে বিশ্বৰ বিভিন্ন দেশৰ ধনী ব্যক্তিসকলক আদৰিবৰ বাবে ৷ বছৰটোৰ শেষলৈ 6,700 গৰাকী ধনাঢ্য প্ৰব্ৰজনকাৰীয়ে আৰৱত ঘৰ সজাৰ সম্ভাৱনা আছে । ইয়াৰ অধিকাংশই এই যুক্তৰাজ্য আৰু ইউৰোপৰ পৰা আগমন হ’ব ৷

হেনলী প্ৰাইভেট ৱেলথ মাইগ্ৰেচন প্ৰতিবেদন-2024ত প্ৰকাশ পাইছে যে বাস্তৱ জীৱনৰ ধাৰণাই কোটিপতিসকলৰ এই প্ৰৱণতা বৃদ্ধি কৰিছে ৷ কিমানজন কোটিপতিয়ে নিজৰ দেশ এৰি UAEলৈ যাব সেয়াও প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে ৷

হেনলী এণ্ড পাৰ্টনাৰ্ছৰ ব্যক্তিগত গ্ৰাহক গ্ৰুপৰ মুৰব্বী ডমিনিক ভলেকে 2024 চনক বিশ্বব্যাপী কোটিপতিৰ প্ৰব্ৰজনৰ এক গুৰুত্বপূৰ্ণ বছৰ হিচাপে বৰ্ণনা কৰিছে ৷ তেওঁ কয়, ‘‘এই বছৰটো বিশ্বজুৰি কোটিপতিৰ দেশ স্থানান্তৰণৰ এক গুৰুত্বপূৰ্ণ বছৰ বিবেচিত হৈছে ৷ অভিলেখ সৃষ্টি কৰি ১,২৮,০০০ গৰাকী কোটিপতি লোক স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আছে ৷ বিপৰীতে ২০২৩ চনত এই সংখ্যা আছিল ১,২০,০০০ গৰাকী ৷’’

লগতে পঢ়ক: "মোৰ কোম্পানীত নিষিদ্ধ হ'ব এপল ডিভাইচ"; ইলন মাস্কে কিয় দিলে এই ভাবুকি ?

কোটিপতিসকলে নিজৰ দেশ ত্যাগ কৰি আন দেশলৈ প্ৰৱজিত হোৱাৰ কাৰণ সন্দৰ্ভতো বিশ্লেষণ ডাঙি ধৰিছে ডমিনিক ভলেকে ৷ তেওঁ কয় যে ভূ-ৰাজনৈতিক, অৰ্থনৈতিক অনিশ্চয়তা আৰু সামাজিক পৰিৱৰ্তনৰ পৰিণতিত কোটিপতিসকল ক্ৰমান্বয়ে স্থানান্তৰিত হ’বলৈ আৰম্ভ কৰিছে ৷ দেশৰ সম্পদৰ এই উল্লেখনীয় প্ৰব্ৰজনে বিশ্বব্যাপী এক পৰিৱৰ্তনৰ সংকেত বহন কৰিছে ৷ যাৰ প্ৰভাৱ পৰিব তেওঁলোকে এৰি যোৱা দেশবোৰৰ লগতে নতুনকৈ বসবাস কৰিবলৈ লোৱা দেশসমূহৰ ওপৰত ৷

প্ৰতিবেদনখনত প্ৰকাশ পাইছে যে শূন্য আয়কৰ, আকৰ্ষণীয় সোণালী ভিছা, বিলাসী জীৱনশৈলী আৰু অত্যাধুনিক কৌশলৰ বাসস্থানৰ বাবে আৰৱক বিশেষ লক্ষ্য কৰি লৈছে কোটিপতিসকলে ৷ 2024 বৰ্ষতেই 6,700 কোটিপতি UAEলৈ প্ৰৱজিত হৈ অভিলেখ সৃষ্টি কৰিব বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে ৷

উল্লেখ্য যে ভাৰত, মধ্য প্ৰাচ্য, ৰাছিয়া আৰু আফ্ৰিকাৰ পৰা ধাৰাবাহিকভাৱে কোটিপতিৰ আগমন ঘটে UAEলৈ ৷ তদুপৰি শেহতীয়াকৈ ব্ৰিটিছ আৰু ইউৰোপীয় নাগৰিকসকলৰ আগ্ৰহো বৃদ্ধি পাইছে UAEৰ প্ৰতি ৷ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ তুলনাত কোটিপতিৰ সংখ্যা প্ৰায় দুগুণ বৃদ্ধি হৈছে UAEত ৷ 2024 চনতে 3,800 কোটিপতি UAEলৈ প্ৰৱজিত হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: চাবাহাৰ বন্দৰৰ ওপৰত ভাৰত-ইৰাণ চুক্তিৰ প্ৰভাৱ

ইউনাইটেড আৰৱ এমিৰেটৰ পিচতে ছিংগাপুৰে আকৰ্ষণ কৰিছে কোটিপতিৰ দৃষ্টি ৷ 3,500 কোটিপতিৰ প্ৰৱজনেৰে এই বছৰৰ তৃতীয় জনপ্ৰিয় গন্তব্য স্থান হিচাপে বিবেচিত হৈছে ছিংগাপুৰ ৷ আনহাতে কানাডা আৰু অষ্ট্ৰেলিয়ালৈ সোঁত বৈছে কোটিপটিৰ ৷ এই বৰ্ষত কানাডালৈ 3,200 আৰু অষ্ট্ৰেলিয়ালৈ 2,500 গৰাকী কোটিপতিৰ প্ৰৱজন হ’ব বুলি ধাৰণা কৰা হৈছে ৷

আনহাতে ইউৰোপৰ ইটালী (2,200+), চুইজাৰলেণ্ড (1,500+), গ্ৰীচ (1,200+) আৰু পৰ্তুগাল (+800)ৰো শীৰ্ষ 10 টা স্থানত আছে কোটিপতিৰ প্ৰৱজনৰ ক্ষেত্ৰত ৷ তদুপৰি জাপানে আদৰিব 400 গৰাকী ধনী প্ৰব্ৰজনকাৰীক ৷ চীনৰ উচ্চ-নেট-মূল্যৰ ব্যক্তিসকলে কোভিড-19 মহামাৰীৰ পিচত টকিঅ'লৈ স্থানান্তৰিত হোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে ৷

লগতে পঢ়ক: ভাৰতে কিয় বিদেশী ভল্টত সোণৰ ভাণ্ডাৰ সঞ্চয় কৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.