ETV Bharat / business

পান কাৰ্ড হেৰাইছে বা নষ্ট হৈছে নেকি ! ঘৰতে বহি 50 টকাতে কৰিব পাৰিব সমস্যাৰ সমাধান - Reprint PAN Card

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 12:33 PM IST

Request For Reprint PAN Card: যদি আপোনাৰ পান কাৰ্ড পুৰণা হৈ পৰিছে বা নষ্ট হৈ গৈছে তেনেহ’লে তাক এটা ডাঙৰ সমস্যাৰূপে নল’ব ৷ ঘৰতে বহি আপুনি কৰিব পাৰে ইয়াৰ সমাধান ৷ জানক কেনেকৈ…

Request For Reprint PAN Card
পান কাৰ্ড হেৰাইছে বা নষ্ট হৈছে ! (ETV Bharat Assam)

নিউজ ডেস্ক, 13 ছেপ্টেম্বৰ : আজিৰ তাৰিখত আধাৰ কাৰ্ডৰ পিচতেই এক গুৰুত্বপূৰ্ণ নথি হৈছে পান কাৰ্ড ৷ বেংক একাউণ্ট খুলিবলৈ হওক বা বিনিয়োগৰ কাৰণে, বিত্তীয় লেনদেনৰ বাবে পান কাৰ্ড খুবেই দৰকাৰী ৷ কিন্তু যদি আপোনাৰ পান কাৰ্ড হেৰাই যায়, বেয়া হৈ যায় বা ৰং বেয়া হৈ পৰে তেতিয়াহ’লে সেয়া কামত নাহিবও পাৰে ৷ কিন্তু ইয়াক লৈ চিন্তিত নহ’ব ৷

আপুনি ঘৰত বহি মাত্ৰ 50 টকা খৰচ কৰি পুনৰ পান কাৰ্ড প্ৰিণ্ট আৰু অৰ্ডাৰ দিব পাৰে । ইয়াৰ বাবে, আপুনি নেশ্যনেল চিকিউৰিটিজ ডিপজিটৰী লিমিটেড অৰ্থাৎ এন.এছ.ডি.এল.ৰ ৱেবছাইটত লগ ইন কৰিব লাগিব আৰু প্ৰয়োজনীয় তথ্য পূৰণ কৰিব লাগিব । ইয়াৰ পিছত, অনলাইনযোগে নিৰ্ধাৰিত মাচুল দাখিল কৰিব লাগিব ।

  • পান কাৰ্ড কি :

স্থায়ী একাউণ্ট নম্বৰ বা Permanent Account Number (পান) হৈছে 10-অংকৰ আলফানিউমেৰিক কোড যি প্ৰত্যেক ব্যক্তি/ প্ৰতিষ্ঠানৰ বাবে আবশ্যকীয় । ই এক ৰাষ্ট্ৰীয়কৃত পৰিচয় পত্ৰ । যিকোনো বিত্তীয় লেনদেন আৰু কাৰ্যকলাপৰ বাবে এই পৰিচয় পত্ৰৰ প্ৰয়োজন, যেনে কৰ পৰিশোধ আৰু আয়কৰ ৰিটাৰ্ণ দাখিল কৰা ।

কোনটো ৱেবছাইট লগ ইন কৰিব: https://www.onlineservices.nsdl.com/paam/ReprintEPan.html

পান কাৰ্ড পুনৰ মুদ্ৰণ অনুৰোধৰ বাবে এই তথ্য প্ৰয়োজনীয় :

  1. পান নম্বৰ
  2. আধাৰ নম্বৰ
  3. জন্ম মাহ
  4. জন্ম বৰ্ষ
  5. জিএছটিএন (বৈকল্পিক)
  • পান কাৰ্ড পুনৰ মুদ্ৰণ অনুৰোধৰ সম্পূৰ্ণ প্ৰক্ৰিয়া:

প্ৰথমে লগ ইন কৰক এনএছডিএল ৱেবছাইট - ত

  1. লগ ইন কৰাৰ পিছত, আপুনি তাত উল্লেখিত থকা পান ৰিপ্ৰিণ্টৰ বিকল্পলৈ যাব লাগিব ।
  2. পান নম্বৰ, আধাৰ নম্বৰ, জন্ম তাৰিখকে ধৰি অন্যান্য তথ্য সন্নিবিষ্ট কৰিব লাগিব ।
  3. তাৰ পিছত আপুনি অনলাইন প্ৰমাণীকৰণৰ বাবে সন্মতি দিব লাগিব ।
  4. সন্মতি দিয়াৰ পিছত, আপোনাৰ ম'বাইলত অ'টিপি আহিব ।
  5. অটিপি দাখিল কৰাৰ পিছত, প্ৰমাণীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব ।
  6. ইয়াৰ পিছত, অনলাইন ক্ৰেডিট/ডেবিট কাৰ্ড বা অনলাইন বেংকিঙৰ জৰিয়তে মাচুল পৰিশোধ কৰিব লাগিব ।
  7. ইয়াৰ উপৰিও, আপুনি এন.এছ.ডি.এল.-ৰ কৰ্তৃত্বপ্ৰাপ্ত কাউণ্টাৰৰ পৰাও আবেদন কৰিব পাৰে । কিন্তু অতিৰিক্ত কমিছন বা মাচুল পৰিশোধ কৰিব লগা হ’ব পাৰে ।
  • পেন কাৰ্ড পুনৰ মুদ্ৰণৰ বাবে কিমান মাচুল পৰিশোধ কৰিব লাগিব :
  1. ভাৰতৰ ভিতৰত পেন কাৰ্ড প্ৰেৰণ কৰাৰ বাবে (কৰ সহ) - 50.00 টকা
  2. ভাৰতৰ বাহিৰত পেন কাৰ্ড প্ৰেৰণ কৰাৰ বাবে (কৰ সহ) - 959.00 টকা

আয়কৰ বিভাগৰ ওচৰত দাখিল কৰা শেহতীয়া বিৱৰণ অনুসৰি মুদ্ৰিত নতুন পান কাৰ্ডখন ডাকযোগে আপোনাৰ যোগাযোগৰ ঠিকনালৈ প্ৰেৰণ কৰা হ'ব । মূল পান কাৰ্ডখন পাবলৈ 15 দিনলৈকে সময় লাগিব পাৰে ।

লগতে পঢ়ক : আপোনাৰ বাৰু পান কাৰ্ডখন হেৰাইছে নেকি; তেন্তে কেনেকৈ পুনৰ এই নথিখন লাভ কৰিব ? - Get PAN Card Online With Aadhaar

লগতে পঢ়ক : শীঘ্ৰেই বিনামূলীয়াকৈ আপডেট কৰক আধাৰকাৰ্ড; নহ’লে ভৰিব লাগিব জৰিমনা - UPDATE AADHAAR CARD

লগতে পঢ়ক : বিয়াৰ পিচত পান কাৰ্ডত উপাধি সলনি কৰিব বিচাৰিছে নেকি? - how to change surname online

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.