ETV Bharat / business

PF কৰ্তন কৰিলে কিমান পেন্সন লাভ কৰিব পাৰি ? কিমান বছৰ কাম কৰিলে পাব এই সুবিধা? জানো আহক - Employee Pension Scheme - EMPLOYEE PENSION SCHEME

PF Deduction For Pension: ১৯৯৫ চনৰ ১৯ ​​নৱেম্বৰৰ পৰা কৰ্মচাৰী পেঞ্চন আঁচনি আৰম্ভ কৰা হৈছিল । ইয়াৰ উদ্দেশ্য হৈছে সংগঠিত খণ্ডৰ কৰ্মচাৰীসকলৰ অৱসৰৰ পিছৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰা ৷

PF Deduction For Pension
PF কৰ্তন কৰিলে কিমান পেন্সন লাভ কৰিব পাৰি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 10:36 AM IST

নিউজ ডেস্ক, 4 ছেপ্টেম্বৰ: এজন সাধাৰণ ব্যক্তিৰ বাবে সঞ্চয় জীৱনৰ অন্যতম জৰুৰী দিশ ৷ বিশেষকৈ ব্যক্তিগত খণ্ডত কাম কৰা প্ৰায় প্ৰতিজন ব্যক্তিয়ে নিজৰ উপাৰ্জনৰ কিছু অংশ সঞ্চয় কৰিবলৈ চেষ্টা কৰে আৰু এই ধন এনে ঠাইত বিনিয়োগ কৰে য’ৰ পৰা তেওঁ উৎকৃষ্ট ৰিটাৰ্ণ পায়, যাতে অৱসৰৰ পিছত তেওঁ আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব নালাগে ।

এই ক্ষেত্ৰত পি এফ একাউণ্টেই হৈছে সৰ্বোত্তম বিকল্প, য’ত উৎকৃষ্ট ৰিটাৰ্ণৰ লগতে পেন্সনৰ চিন্তাও নাইকিয়া হৈ যায়। মন কৰিবলগীয়া যে পি এফ একাউণ্টধাৰীক ই পি এছ-৯৫ (EPS 95) ৰ অধীনত পেন্সনৰ সুবিধা দিয়া হয় । অৱশ্যে ইয়াৰ বাবে কিছু চৰ্ত আছে । এই চৰ্তসমূহ পূৰণ কৰাৰ পিছতহে আপুনি পেন্সন লাভ কৰিব পাৰিব ।

পেন্সন পাবলৈ কাম কৰিব লাগিব ১০ বছৰ

প্ৰায়ে বহুতো লোকৰ কৰ্মচাৰী পেন্সন আঁচনি- Employee Pension Scheme (EPS) কি তাক লৈ স্পষ্ট ধাৰণা নাথাকে। সেয়েহে, ইপিএছ (EPS) কি আৰু ইয়াৰ পৰা কি লাভ হয় সেই কথা জনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ । এইটো এটা পেন্সন আঁচনি, যি ইপিএফঅ/ Employees' Provident Fund Organisation (EPFO) ৰ দ্বাৰা পৰিচালিত হয় । কৰ্মচাৰী পেন্সন আঁচনিৰ সুবিধা লাভ কৰিবলৈ আপুনি মাত্ৰ এটা চৰ্ত পূৰণ কৰিব লাগিব । ইপিএফঅ’ৰ মতে যদি কোনো কৰ্মচাৰীয়ে ১০ বছৰ কাম কৰে তেন্তে তেওঁ পেন্সন পোৱাৰ অধিকাৰী ।

১৯৯৫ চনৰ ১৯ ​​নৱেম্বৰৰ পৰা কৰ্মচাৰী পেন্সন আঁচনি আৰম্ভ কৰা হয় । ইয়াৰ উদ্দেশ্য হৈছে সংগঠিত খণ্ডৰ কৰ্মচাৰীসকলৰ অৱসৰৰ পিছৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰা । এই আঁচনিখনে ৫৮ বছৰ বয়স সম্পূৰ্ণ কৰা যোগ্য কৰ্মচাৰীক পেন্সন সুবিধাৰ নিশ্চয়তা প্ৰদান কৰে । নিয়ম অনুসৰি যদি কোনো ব্যক্তিয়ে ৯ বছৰ ৬ মাহ সেৱা কৰে তেন্তে ইয়াক ১০ বছৰৰ সমান গণ্য কৰা হ’ব ।

লগতে পঢ়ক: ইউনিফাইড পেঞ্চন আঁচনিত কেন্দ্ৰৰ অনুমোদন: ২৫ বছৰ সেৱাৰ ওপৰত ৫০% পেঞ্চন - Unified Pension Scheme

কিন্তু যদি কোনো ব্যক্তিয়ে ৯ বছৰ ৬ মাহতকৈ কম সময় কাম কৰিছে তেন্তে সেই ক্ষেত্ৰত মাত্ৰ ৯ বছৰহে গণ্য কৰা হ’ব। এনে পৰিস্থিতিত কৰ্মচাৰীজনে অৱসৰৰ বয়সৰ সীমাৰ (৫৮ বছৰ) আগতেই একাউণ্টত জমা কৰা ধন উলিয়াব পাৰে । কাৰণ তেওঁলোক পেন্সন লাভৰ অধিকাৰী নহয় ।

পি এফ কৰ্তনৰ হিচাপ

আচলতে ব্যক্তিগত খণ্ডত কাম কৰা লোকৰ দৰমহাৰ এক বৃহৎ অংশ পি এফ ৰূপত কৰ্তন কৰা হয় । এই কৰ্তন কৰা ধনৰাশি প্ৰতিমাহে কৰ্মচাৰীজনৰ পি এফ একাউণ্টত জমা হয় । এনে পৰিস্থিতিত যদি আপুনি ব্যক্তিগত খণ্ডৰ চাকৰিত ১০ বছৰ কাম কৰে তেন্তে আপুনি পেন্সন পোৱাৰ অধিকাৰী হৈ পৰে ।

নিয়ম অনুসৰি প্ৰতিমাহে কৰ্মচাৰীজনৰ মৌলিক দৰমহা (Basic) + ডি এ (DA) ৰ ১২ শতাংশ পি এফ (PF) একাউণ্টত জমা হয় । ইয়াৰে কৰ্মচাৰীৰ সমগ্ৰ অংশ ইপিএফলৈ যায়, আনহাতে নিয়োগকৰ্তাৰ অংশৰ ৮.৩৩ শতাংশ কৰ্মচাৰী পেন্সন আঁচনিলৈও যায় ।

চাকৰিৰ মাজত ব্যৱধান থাকিলে কি হ’ব?

যদি এজন কৰ্মচাৰীয়ে দুটা বেলেগ বেলেগ সংস্থাত ৫ বছৰকৈ কাম কৰিছে তেন্তে কি হ’ব ? বা চাকৰি দুটাৰ মাজত বিৰতি এটা লৈছে তেন্তে কি হ’ব ? সেই কৰ্মচাৰীজনে পেন্সন পাব নে নাপাব ?

নিয়ম অনুসৰি চাকৰিৰ মাজত ব্যৱধান থাকিলেও বা বিভিন্ন কোম্পানীত কৰ্মৰত সময় যোগ কৰি ১০ বছৰ সম্পূৰ্ণ কৰাৰ পিছত এজন কৰ্মচাৰীয়ে পেন্সনৰ সুবিধা লাভ কৰিব পাৰে ।

তাৎপৰ্যপূৰ্ণভাৱে, কৰ্মচাৰীজনে বিভিন্ন কোম্পানীত কাম কৰাৰ পিছতো তেওঁৰ ইউএএন (UAN) নম্বৰ সলনি কৰিব নালাগে । পেন্সনৰ সুবিধা লাভ কৰিবলৈ হ’লে কৰ্মচাৰীজনে নিজৰ চাকৰি জীৱনত একেটা ইউএএন নম্বৰ অব্যাহত ৰাখিব লাগিব ।

লগতে পঢ়ক: এন পি এছ বিতৰ্ক : ইউ পি এছ ব্যৱস্থাই উপকৃত কৰিবনে কৰ্মচাৰীক ? - Unified Pension Scheme

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.