নিউজ ডেস্ক, 18 এপ্ৰিল: টেক জায়ান্ট গুগলে "ইজৰাইলৰ সৈতে 1.2 বিলিয়ন ডলাৰৰ চুক্তি" সম্পন্ন কৰিছে ৷ এই চুক্তিৰ বিৰুদ্ধে গুগলৰ বহু কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ শেহতীয়াকৈ এই প্ৰতিবাদত অংশগ্ৰহণ কৰা 28 জন কৰ্মচাৰীক গুগলে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে ৷ নিউয়ৰ্ক আৰু কেলিফৰ্ণিয়াত বহু কৰ্মচাৰীয়ে প্ৰায় 10 ঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ইয়াৰে 9 গৰাকী কৰ্মচাৰীক অনধিকাৰ প্ৰৱেশৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ।
যোৱা 16 এপ্ৰিলত গুগলৰ কৰ্মচাৰীসকলে কেলিফৰ্ণিয়াৰ মাউণ্টেইন ভিউস্থিত গুগল ক্লাউডৰ মুখ্য সঞ্চালন বিষয়া থমাছ কুৰিয়ানৰ কাৰ্যালয়ৰ ভিতৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ তাৰ পিচতে কেইবাগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত এক আভ্যন্তৰীণ অনুসন্ধানৰ পিচত বুধবাৰে কৰ্মচাৰীকেইজনক কোম্পানীৰ পৰা বৰ্খাস্ত কৰে ৷
কৰ্মচাৰীসকলক দিয়া আভ্যন্তৰীণ স্মাৰক পত্ৰত উল্লেখ কৰা আছিল যে, "প্ৰতিষ্ঠানটোৱে কৰ্মচাৰীৰ এনে আচৰণ সহ্য নকৰে ৷ এনে আচৰণৰ আমাৰ কৰ্মক্ষেত্ৰত কোনো স্থান নাই ৷ আৰু আমি ইয়াক সহ্য নকৰো ।"
গুগলে কৰ্মচাৰীসকলৰ জ্ঞাতাৰ্থে কয়, "আমাৰ বেছিভাগ কৰ্মচাৰীয়ে তেওঁলোকৰ কামসমূহ নিয়াৰিকৈ পালন কৰি আহিছে ৷ যদি ইয়াৰে মাজত কোনো কৰ্মচাৰীয়ে ভাৱে যে আমাৰ নীতি উলংঘা কৰা আচৰণক আমি উপেক্ষা কৰিম, তেনেহ’লে পুনৰ চিন্তা কৰক ৷"
"আমাৰ কোম্পানীয়ে এইসমূহ ব্যৱহাৰক অত্যন্ত গুৰুত্ব সহকাৰে লয়, আমাৰ দীৰ্ঘদিনীয়া নীতি উলংঘন কৰা তথা এনে আচৰণ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব, ই নিলম্বনৰ পৰা বৰ্খাস্তলৈকে হ’ব পাৰে ৷"
গুগলে লগতে উল্লেখ কৰে যে, এক প্ৰাথমিক অনুসন্ধানৰ পিচত এই প্ৰতিবাদৰ লগত জড়িত থকা ২৮ জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে । আগন্তুক সময়ত এই প্ৰতিবাদৰ বিৰুদ্ধে অনুসন্ধান আৰু ব্যৱস্থা গ্ৰহণ অব্যাহত ৰখা হ’ব বুলি গুগলে জানিবলৈ দিয়ে ৷