ETV Bharat / business

সাক্ষাৎকাৰ লওঁতাই বিশেষকৈ কি কথা লক্ষ্য কৰে জানেনে ? - how to impress interviewer

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 4:47 PM IST

How to impress Interviewer: কেতিয়াবা বহুত নম্বৰ পাইয়ো বহুতে চাকৰি ল’ব নোৱাৰে আৰু কেতিয়াবা বহুতৰ মাৰ্কশ্বীটত কম নম্বৰ থকাৰ পিচতো তেওঁলোকে তৎক্ষণাত চাকৰি এটা পাই যায় ৷ এনে হোৱাৰ কাৰণ কেতিয়াবা ভাবি চাইছেনে ? এক বিশেষ প্ৰতিবেদন আপোনালোকলৈ-

skills to get a job
সাক্ষাৎকাৰ লওঁতাই কি কথাত মন দিয়ে (ETV Bharat)

এই প্ৰতিযোগিতামূলক পৃথিৱীখনত উদ্যোগসমূহৰ প্ৰয়োজনীয়তা সকলো সময়তে সলনি হৈ আছে । তেনেক্ষেত্ৰত চাকৰি এটা পাবলৈ, কেৱল শিক্ষাগত অৰ্হতাই পৰ্যাপ্ত নহয়, উপযুক্ত কাৰিকৰী দক্ষতাৰো প্ৰয়োজন । ইয়াৰ উপৰিও, কোম্পানীবোৰে সাক্ষাৎকাৰৰ সময়ত কিছুমান অন্তৰ্নিহিত দক্ষতা থকা প্ৰাৰ্থীসকলৰ প্ৰতিহে যথেষ্ট আগ্ৰহ দেখুৱায় । আপোনাৰ আছেনে এনে ধৰণৰ দক্ষতা যাৰ বাবে কোম্পানী এটাই আপোনাক প্ৰত্যাখ্যান কৰাৰ আগতে ভাবিবলৈ বাধ্য হ’ব ? জানি লওক-

নতুন কিবা শিকাৰ আগ্ৰহ আছেনে ?

সেই দিন এতিয়া গ'ল যেতিয়া উচ্চ শিক্ষা শেষ কৰাৰ পিচত চাকৰি এটা গোটাই লোৱাটো সহজ আছিল । এতিয়াৰ দিনত যদি আপোনাৰ সঠিক দক্ষতা নাই, তেন্তে বছৰ বছৰ ধৰি কোম্পানীৰ দুৱাৰত টুকুৰিয়াই ঘূৰি ফুৰি একো লাভ নাই ৷ আমি পৰিৱৰ্তনশীল প্ৰযুক্তিৰ সৈতে নিজকে খাপ খুৱাই ল’ব পাৰিলেহে জীয়াই থাকিব পাৰিম । তাৰ বাবে আপুনি এজন নিৰন্তৰ শিক্ষাৰ্থী হ'ব লাগিব । যদি আপোনাৰ নতুন বস্তু শিকাৰ, নতুন কথা জনাৰ আগ্ৰহ আছে আৰু লগতে সেইদৰে আপুনি নিজকে আপডেট কৰি ৰাখে তেন্তে আপোনাৰ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ সুযোগ আছে ৷

কিবা এটা বিষয়ক লৈ আপুনি কৌতূহলী হয়নে ?

পৃথিৱীত নিতৌ আহি থকা ট্ৰেণ্ড অনুসৰি নতুন বস্তু শিকিবলৈ আগ্ৰহী হোৱা উচিত । কোম্পানীবোৰে সেইসকল লোককহে চাকৰি দি আছে যিসকল সদায় অভিনৱ চিন্তাৰে বিকশিত হৈ আছে আৰু নতুনকৈ যিকোনো কথা চিন্তা কৰাৰ দক্ষতা যাৰ আছে । এনে মানৱ সম্পদৰ সদায় চাহিদা থাকে । গতিকে সাক্ষাৎকাৰৰ সময়ত এই দক্ষতাৰ উদাহৰণ দিবলৈ চেষ্টা কৰক ৷

জীৱনত আগবাঢ়ি যোৱাৰ ইচ্ছা আপোনাৰ আছেনে ?

কেৰিয়াৰত আগবাঢ়ি যাবলৈ কেৱল ইচ্ছা কৰিলেই নহ’ব, হাতে-কামেও কৰিব লাগিব ৷ সৰু লক্ষ্য নিৰ্ধাৰণ কৰা আৰু সেইবোৰ অতিক্ৰম কৰাৰ লক্ষ্য গ্ৰহণ কৰিব লাগিব । জীৱনত বিকাশৰ আকাংক্ষাৰ লগতে অধ্যৱসায়, ধৈৰ্য্য, প্ৰতিযোগিতা আৰু নতুন সুযোগ গ্ৰহণ কৰাৰ সামৰ্থ্য থাকিব লাগিব ৷

এটা দলৰ নেতৃত্ব দিয়াৰ গুণ আপোনাৰ আছেনে ?

সকলোৱে জীৱনত সফল হ'ব বিচাৰে । কিন্তু, দুই এজনেহে নিজৰ সপোন বাস্তৱায়িত কৰিব পাৰে । আপোনাৰ মতামত নাকচ কৰা ব্যক্তিৰ প্ৰতি খং/ক্ষোভ উজাৰিলে আপুনি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে । আপোনাৰ মতামতৰ সৈতে মতানৈক্য থকাসকলৰ প্ৰতি খং/প্ৰতিশোধমূলক ভাৱ ল’লে আপুনি এটা দলৰ নেতৃত্ব দিব নোৱাৰে । চাৰিজন মানুহৰ লগত মোকাবিলা কৰাৰ মনোভাৱ লৈ ওলাই অহা ব্যক্তি এজনৰহে এটা দলক নিজৰ লগত লৈ যোৱাৰ ক্ষমতা থাকে ৷

বেলেগ বেলেগ দৃষ্টিভংগীৰে কথা চিন্তা কৰেনে আপুনি ?

বিষয় যিয়েই নহওক কিয়, সমালোচনাত্মকভাৱে চিন্তা কৰক । যিকোনো সমস্যাৰ সন্মুখীন হ’লে কেৱল নিজৰ দৃষ্টিকোণৰ পৰাই নহয়, আনৰ দৃষ্টিকোণৰ পৰাও কথাটো ভাবিবলৈ চেষ্টা কৰক ৷ তেতিয়াহে সমস্যা সমাধানৰ ক্ষমতা বিকাশ হ’ব ৷

লগতে পঢ়ক : গম নোপোৱাকৈয়ে সময় উৰি গৈছে নেকি আপোনাৰ হাতৰ পৰা ? - Time management tips

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.