ETV Bharat / business

পুনৰ শ্বেয়াৰ বজাৰত পতন : এতিয়ালৈ ৫ টা সৰ্ববৃহৎ খহনীয়া - Share Market Plunged

author img

By ANI

Published : Aug 5, 2024, 3:28 PM IST

Share Market Plunged: বিভিন্ন সময়ত কিছুমান ঘটনাৰ ফলত দেশত শ্বেয়াৰ বজাৰত বৃহৎ পতন হোৱা দেখা গৈছে । তাৰ ভিতৰত ৫ টা পতন অতি লক্ষ্যণীয় হিচাপে পৰিগণিত হৈছে । তাৰ ভিতৰত ৪ টা খহনীয়া ক'ভিড মহামাৰীৰ সময়ত হৈছিল ।

Share Market Plunged
পুনৰ শ্বেয়াৰ বজাৰত পতন; এতিয়ালৈ ৫ টা সৰ্ববৃহৎ পতন (ANI Photo)

নেশ্যনেল ডেস্ক,৫ আগষ্ট : ভাৰতৰ ষ্টক মাৰ্কেটত বৃহৎ পতন । ইকুইটিৰ বেঞ্চমাৰ্ক সূচক চেঞ্চেক্স সোমবাৰে অধিক পতন ঘটে । বিশ্বব্যাপী আৰু ঘৰুৱা অৰ্থনৈতিক ঘটনাৰ সঁহাৰি স্বৰূপে সূচকটোৱে কেইবাটাও সময়ত গুৰুত্বপূৰ্ণ হ্ৰাস দেখুৱাইছে । চেঞ্চেক্সৰ ইতিহাসৰ ৫ টা আটাইতকৈ বৃহৎ ইণ্ট্ৰাডে পতনৰ ভিতৰত আছে ২০২৪ চনৰ ৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিনটো আৰু আন ৪ টা ক'ভিড মহামাৰীৰ সময়ত হৈছিল ।

৪ জুন ২০২৪ :

২০২৪ চনৰ ৪ জুন আটাইতকৈ শেহতীয়া আৰু আটাইতকৈ তীব্ৰ পতন আছিল । সেই দিনটোত চেঞ্চেক্স ৭০,২৩৪.৪৩ পইণ্টৰ ইণ্ট্ৰাডেৰ সৈতে নিম্নতম স্থানলৈ অৱনমিত হৈছিল । বজাৰ ৭৬,২৮৫.৭৮ত মুকলি হৈছিল আৰু ৭২,০৭৯.০৫ত বন্ধ হৈছিল । ৬,০৫১.৩৫ পইণ্ট অৰ্থাৎ ৭.৯৩ শতাংশ হ্ৰাস পাইছিল । এই তীব্ৰ হ্ৰাস নিৰ্বাচনৰ ফলাফলৰ পিচত সৃষ্টি হোৱা অনিশ্চয়তাৰ দ্বাৰা পৰিচালিত হৈছিল । কিয়নো কোনো ভাৰতীয় ৰাজনৈতিক দলে সংসদীয় নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল ।

ক'ভিড মহামাৰী :

২০২০ চনৰ ২৩ মাৰ্চত চেঞ্চেক্স ২৫,৮৮০.৮৩ পইণ্টৰ ইণ্ট্ৰাডেৰ সৈতে নিম্নতম স্থানলৈ অৱনমিত হৈছিল । যিয়ে ক'ভিড-১৯ মহামাৰীৰ ফলত হোৱা আতংকক প্ৰতিফলিত কৰে । বজাৰ ২৭,৬০৮.৮০ ত মুকলি হৈছিল আৰু ১,৭২৭.৯৭ পইণ্ট অৰ্থাৎ ৬.২৩ শতাংশৰ এক গুৰুত্বপূৰ্ণ হ্ৰাস অনুভৱ কৰি ইণ্ট্ৰাডে নিম্নতম স্থানলৈ গৈছিল । ই ২৫,৯৮১.২৪ ৰ কিছু ওপৰত বন্ধ হৈছিল । এই সময়ছোৱা শেহতীয়া বজাৰ ইতিহাসৰ আটাইতকৈ অস্থিৰ সময়বোৰৰ এটাক চিহ্নিত কৰিছিল ।

ইয়াৰ মাত্ৰ এসপ্তাহ পূৰ্বে ২০২০ চনৰ ১৬ মাৰ্চত চেঞ্চেক্স আন এক বৃহৎ পতনৰ সন্মুখীন হৈছিল । যি ৩১,২৭৬.৩০ পইণ্টৰ ইণ্ট্ৰাডেৰ সৈতে নিম্নতম স্থানলৈ হ্ৰাস পাইছিল । সূচকটোৰ মতে ৩৩,১০৩.২৪ত বজাৰ মুকলি হৈছিল আৰু দিনৰ নিম্নতম স্থান হিচাপে ১,৮২৬.৯৪ পইণ্ট অৰ্থাৎ ৫.৫১ শতাংশ হ্ৰাস পাইছিল আৰু বজাৰ ৩১,৩৯০.০৭ত বন্ধ হয় । মহামাৰী আৰু ইয়াৰ অৰ্থনৈতিক প্ৰভাৱৰ বাবে চলি থকা অনিশ্চয়তাই শ্বেয়াৰ বজাৰত ব্যাপক প্ৰভাৱ পেলাইছিল ।

তাৰপূৰ্বে ১৩ মাৰ্চত চেঞ্চেক্সে আন এক গুৰুত্বপূৰ্ণ পতনৰ সন্মুখীন হৈছিল । যি ২৯,৩৮৮.৯৭ পইণ্টৰ সৈতে নিম্নতম স্থানত উপনীত হৈছিল । শ্বেয়াৰ বজাৰ ৩১,২১৪.১৩ত মুকলি হৈছিল আৰু ১,৮২৫.১৬ পইণ্ট অৰ্থাৎ ৫.৮৪ শতাংশ হ্ৰাস পাইছিল । কিন্তু শেষলৈ কিছু পৰিমাণে পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু বজাৰ ৩৪,১০৩.৪৮ত সমাপ্ত হৈছিল । ই বিশ্বৰ বজাৰৰ বিক্ৰী আৰু মন্দাৱস্থাৰ আশংকাক প্ৰতিফলিত কৰিছিল ।

তাৰ এদিন পূৰ্বে ১২ মাৰ্চত চেঞ্চেক্স ৩২,৪৯৩.১০ পইণ্টৰ ইণ্ট্ৰাডে নিম্নতম স্থানলৈ হ্ৰাস পাইছিল । শ্বেয়াৰ বজাৰৰ সূচকটো ৩৪,৪৭২.৫০ত মুকলি হৈছিল আৰু ৩২,৭৭৮.১৪ত বন্ধ হৈছিল । ১,৯৭৯.৪০ পইণ্ট অৰ্থাৎ ৫.৭৪ শতাংশ হ্ৰাস পাইছিল । ইয়াৰ কাৰণো আছিল ক'ভিড মহামাৰী ।

লগতে পঢ়ক :শ্বেয়াৰ মাৰ্কেটত বৃহৎ পতন; বিজেপিৰ নিৰ্বাচনী প্ৰদৰ্শনৰ প্ৰভাৱ - lok sabha election results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.