ETV Bharat / bharat

চক পেঞ্চিলত সংবাদ সম্ৰাটক খোদিত কৰিলে এগৰাকী যুৱকে - Ramoji Rao Passes Away

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 10:27 PM IST

Tribute to Ramoji Rao: সংবাদ সম্ৰাট হিচাপে দেশজুৰি বিবেচিত ৰামোজী ৰাওৰ প্ৰতি এগৰাকী ছাত্ৰই যাঁচিলে বিশেষ ধৰণেৰে শ্ৰদ্ধাঞ্জলি ৷ ওড়িশাৰ যুৱকজন আশ্বৰ্যকৰ শিল্পকলাত খোদিত হ’ল ফিল্মচিটীৰ জনকৰ মুখমণ্ডল ৷

RAMOJI RAO CHALK ART
চক পেঞ্চিলত সংবাদ সম্ৰাটক খোদিত কৰিলে এগৰাকী যুৱকে (ETV Bharat)

নিউজ ডেস্ক, 9 জুন: দেশৰ সংবাদ মাধ্যমলৈ অনবদ্য বৰঙণি আগবঢ়াই সকলোৰে মনত এক সুকীয়া স্থান দখল কৰা ৰামোজী ৰাওৱে 8 জুনত পৃথিৱীৰ পৰা বিদায় মাগে ৷ সৰ্ববৃহৎ ফিল্মচিটী ‘ৰামোজী ফিল্মচিটী’ৰ শ্ৰষ্টাগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিল দেশৰ ৰাষ্ট্ৰপতিৰ পৰা খাটিখোৱাজনলৈকে ৷ ৰাজনীতিক, সাংস্কৃতিক কৰ্মী সকলোৱে জনালে শ্ৰদ্ধাঞ্জলি ৷ ইয়াৰ মাজতে ওড়িশাৰ এজন যুৱকে বিশেষধৰণেৰে শ্ৰদ্ধাঞ্জলি নিবেদিলে সংবাদ জগতৰ এক বিপ্লৱৰ সূচনা কৰি থৈ যোৱা ৰামোজী ৰাওলৈ ৷

কে বিজয় কুমাৰ ৰেড্ডী নামৰ ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ তথা ভাস্কৰ্যশিল্পীয়ে ৰামোজী ৰাওৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা জনাই কৰি এক আশ্বৰ্যকৰ চক কলা প্ৰদৰ্শন কৰে । প্ৰায় তিনি ইঞ্চিৰ চক পেঞ্চিলত মিডিয়া বেৰন ৰামোজী ৰাওৰ মুখমণ্ডলৰ প্ৰতিচ্ছবি নিৰ্মাণ কৰি সকলোকে আচৰিত কৰি তোলে বিজয় কুমাৰ ৰেড্ডীয়ে ৷

লগতে পঢ়ক: তেওঁ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ কল্পনাশক্তিক অনুপ্ৰাণিত কৰিছিল-বিজয় সেতুপতী

এই সন্দৰ্ভত শিল্পীগৰাকীয়ে কয়, ‘‘ইটিভি নেটৱৰ্কৰ প্ৰতিষ্ঠাপকগৰাকীৰ মৃত্যুৱে দেশৰ সংবাদ মাধ্যমৰ বাবে এক বৃহৎ ক্ষতি কৰিলে । ৰামোজী ৰাওৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি । মই চক আৰ্টৰ জৰিয়তে এই অমৰ আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ৷’’

লগতে পঢ়ক: উভতি নহাৰ বাটেৰে গ’ললৈ ৰামোজী ফিল্ম চিটীৰ জন্মদাতা, শোকসন্তপ্ত দাক্ষিণাত্য

উল্লেখ্য যে ২০১৬ চনত পদ্মবিভূষণ বঁটাৰে সন্মানিত ৰামোজী ৰাওৱে মৃত্যুপৰ্যন্ত যথেষ্ট খ্যাতি অৰ্জন লাভ কৰিছিল ৷ কৃষিভিত্তিক মধ্যবিত্ত পৰিয়ালৰ পৰা আহি নিজকে সুপ্ৰতিষ্ঠিত কৰিবলৈ কৰিবলৈ সক্ষম হৈছিল ৷ ৰাওৰ ব্যৱসায়িক উদ্যোগসমূহে তেওঁৰ বিবিধ মনোভাৱ পৰিস্ফূত কৰিছিল । অৱশ্যে, তেওঁ তেলেগু দৈনিক বাতৰি কাকত ‘ঈনাডু’ৰ বাবে বিশেষকৈ পৰিচিতি লাভ কৰিছিল ৷ যি ভাৰতৰ অন্যতম বৃহৎ আৰু শক্তিশালী মিডিয়া গোট হিচাপে খ্যাতি লাভ কৰে ।

লগতে পঢ়ক: ৰামোজী ৰাও : ছপা, বৈদ্যুতিন আৰু ডিজিটেল মিডিয়াত বিপ্লৱ ঘটোৱা এগৰাকী সংবাদ সম্ৰাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.