ETV Bharat / bharat

ভাৰতক স্বাধীনতা দিৱসৰ শুভেচ্ছা প্ৰদান বিশ্বৰ বিভিন্ন দেশৰ নেতাৰ - 78th Independence day

author img

By ANI

Published : Aug 16, 2024, 8:32 AM IST

World leaders Independence Day Greetings : ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা মুক্তিলাভৰ ৭৭ বছৰ পূৰ্তিত দেশে বৃহস্পতিবাৰে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে । এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে একাদশবাৰৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । এই বছৰৰ স্বাধীনতা দিৱসৰ বিষয়বস্তু হৈছে 'বিকশিত ভাৰত @ ২০৪৭' । আনহাতে, স্বাধীনতা দিৱস উপলক্ষে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰনেতাই ভাৰতক শুভেচ্ছা জনায় ।

World leaders Independence Day Greetings
ভাৰতক স্বাধীনতা দিৱসৰ শুভেচ্ছা প্ৰদান বিশ্বৰ বিভিন্ন দেশৰ নেতাৰ (ANI Photo)

নিউজ ডেস্ক, ১৬ আগষ্ট : বৃহস্পতিবাৰে ভাৰতে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে । এই বিশেষ দিনটোত সমগ্ৰ বিশ্বৰ নেতাসকলে ভাৰতক শুভেচ্ছা জনায় । লগতে অনাগত বছৰবোৰত নতুন দিল্লীৰ সৈতে আৰু অধিক শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ন হৈছে শুভেচ্ছা জনোৱা প্ৰথমগৰাকী নেতা । তেওঁ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই দুয়োখন ৰাষ্ট্ৰৰ মাজত কৌশলগত অংশীদাৰিত্বৰ বাবে নিৰ্ধাৰিত উচ্চাভিলাষী লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰে ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতক শুভেচ্ছা জ্ঞাপন কৰি কয় যে মস্কোৱে নতুন দিল্লীৰ সৈতে এক বিশেষ সুবিধাগত কৌশলগত অংশীদাৰিত্বৰ সম্পৰ্কক যথেষ্ট গুৰুত্ব দিয়ে আৰু সম্পৰ্ক অধিক বিকাশ কৰিব বিচাৰে ।

ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ'ৰ্জিয়া মেলনীয়ে ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সকলো ভাৰতীয়ক শুভেচ্ছা জ্ঞাপন কৰে আৰু এইটো নিশ্চিত কৰে যে ভাৰত-ইটালী কৌশলগত অংশীদাৰিত্ব ভৱিষ্যতৰ বাবে এক গুৰুত্বপূৰ্ণ স্তম্ভ ।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱেও ভাৰতক শুভেচ্ছা জনায় । তেওঁ কয় যে কানাডাত ভাৰতীয় মূলৰ ১.৩ নিযুতৰো অধিক লোকে বাস কৰে । ইণ্ডো-কানাডিয়ান সম্প্ৰদায় দেশখনৰ ৰাষ্ট্ৰীয় পৰিচয়ৰ এক অবিচ্ছেদ্য অংশ ।

ইৰাণেও ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতক শুভেচ্ছা জ্ঞাপন কৰে । লগতে এই কথা নিশ্চিত কৰে যে সৰ্বাংগীণ সম্পৰ্ক কঢ়িয়াই অনাটো দুয়োখন ৰাষ্ট্ৰৰ পাৰস্পৰিক কাৰ্যসূচী ।

ইউ এ ইৰ প্ৰধানমন্ত্ৰী শ্বেখ মহম্মদ বিন ৰছিদ আল মাকতুমে ভাৰতক ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই ইয়াক দেশৰ 'অবিশ্বাস্য উন্নয়নমূলক যাত্ৰা'ৰ প্ৰমাণ বুলি অভিহিত কৰে ।

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুৱে এই উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি নতুন দিল্লী আৰু মালেৰ মাজত 'স্থায়ী বন্ধুত্ব'ৰ প্ৰশংসা কৰে ।

নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে ভাৰতক ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই দুয়োখন ৰাষ্ট্ৰৰ মাজত বন্ধুত্ব আৰু সহযোগিতাৰ বান্ধোন শক্তিশালী কৰিবলৈ আহ্বান জনায় ।

ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টোবগেয়েও শুভেচ্ছা জ্ঞাপন কৰে আৰু ভাৰত আৰু ভূটানৰ মাজত বিশেষ বন্ধুত্ব অধিক শক্তিশালী হোৱাৰ কামনা কৰে ।

মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ যুগনাথে ভাৰতক শুভেচ্ছা জনাই কয়, "মৰিচাছ-ভাৰতৰ সম্পৰ্ক দীৰ্ঘজীৱী হওক ।"

গায়েনাৰ ৰাষ্ট্ৰপতি ইৰফান আলীয়েও শুভেচ্ছা জ্ঞাপন কৰে আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজত স্থায়ী বন্ধুত্ব অব্যাহত থকাৰ কামনা কৰে ।

লগতে পঢ়ক :স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ; লালকিল্লাত মোদীৰ ভাষণৰ শীৰ্ষ ১০ টা উদ্ধৃতি - Modis Independence Day Speech
লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোদী আৰু স্বাধীনতা দিৱসৰ বিশেষ পাগুৰি - PM Modi Special Turban

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.