ETV Bharat / bharat

ভোটগ্ৰহণৰ পূৰ্বে কাৰাগাৰৰ পৰা ওলাব নে চিছোদিয়া ? - Sisodia bail plea - SISODIA BAIL PLEA

Sisodia bail plea: দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত চিছোদিয়াৰ জামিন আবেদন সন্দৰ্ভত মঙলবাৰে দিল্লীৰ উচ্চ ন্যায়ালয়ে ৰায় ঘোষণা কৰিব । সন্ধিয়া ৫ বজাত ৰায় ঘোষণা কৰাৰ সম্ভাৱনা আছে । ১৪ মে'ত এই আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হৈছিল ।

Sisodia bail plea
জামিন নে কাৰাগাৰ, কি হ'ব চিছোদিয়াৰ ভৱিষ্যৎ ? (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 1:17 PM IST

নেশ্যনেল ডেস্ক, ২১ মে': দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত ইতিমধ্যে কাৰাগাৰত বন্দী হৈ আছে উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া । কিন্তু মঙলবাৰৰ দিনটো চিছোদিয়াৰ বাবে গুৰুত্বপূৰ্ণ । কিয়নো দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে কথিত সুৰা নীতি কেলেংকাৰী গোচৰত মনীষ চিছোদিয়াৰ জামিন আবেদনৰ ওপৰত ৰায় ঘোষণা কৰিব । আদালতে ৰায় দিব মনীষ চিছোদিয়াই জামিন পাব নে কাৰাগাৰতে থাকিব লাগিব । জামিন আবেদনৰ ওপৰত আদালতৰ নিৰ্দেশনা সন্ধিয়া ৫ বজাত আহিব বুলি আশা কৰা হৈছে ।

উচ্চ ন্যায়ালয়ৰ ৱেবছাইটত আপলোড কৰা তালিকা অনুসৰি ন্যায়াধীশ স্বৰানা কান্ত শৰ্মাই ২১ মে'ৰ সন্ধিয়া ৫ বজাত দুয়োখন জামিন আবেদনৰ ওপৰত ৰায় ঘোষণা কৰাৰ সম্ভাৱনা আছে । ১৪ মে'ত উচ্চ ন্যায়ালয়ে আপ নেতা আৰু চিবিআই-ইডিৰ দ্বাৰা দিয়া যুক্তি শুনি আবেদনসমূহৰ ওপৰত আদেশ সংৰক্ষিত ৰাখিছিল ।

শুনানিৰ সময়ত ইডিৰ অধিবক্তাই যুক্তি দিছিল যে ইডিয়ে দিল্লী সুৰা নীতি কেলেংকাৰী সম্পৰ্কীয় ধন আত্মসাৎ গোচৰত আম আদমি পাৰ্টীক পৰৱৰ্তী অভিযোগনামাত উল্লেখ কৰিব । ১৭ মে'ত ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ধন আত্মসাৎ গোচৰত অভিযোগনামা দাখিল কৰে আৰু আপকো অভিযুক্ত কৰা হয় ।

চিছোদিয়াৰ অধিবক্তাই কয় যে ইডি আৰু চিবিআইয়ে এতিয়াও উক্ত গোচৰত লোকসকলক গ্ৰেপ্তাৰ কৰি আছে আৰু বিচাৰৰ আগতীয়া সমাপ্তিৰ কোনো প্ৰশ্নই নাই । ইডি আৰু চিবিআইয়ে চিছোদিয়াৰ জামিন আবেদনৰ বিৰোধিতা কৰিছে । চিছোদিয়াই বিচাৰ আদালতৰ ৩০ এপ্ৰিলৰ আদেশক প্ৰত্যাহ্বান জনাইছে ।

দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰটোত ২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰিছিল । ইডিয়ে তেওঁক পুনৰ ২০২৩ চনৰ ৯ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল । ২০২৩ চনৰ ২৮ ফেব্ৰুৱাৰীত চিছোদিয়াই দিল্লীৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল । দিল্লী চৰকাৰে ২০২১ চনৰ ১৭ নৱেম্বৰত এই নীতি কাৰ্যকৰী কৰিছিল । কিন্তু দুৰ্নীতিৰ অভিযোগৰ মাজতে ২০২২ চনৰ ছেপ্টেম্বৰৰ শেষত ইয়াক প্ৰত্যাহাৰ কৰা হৈছিল ।

লগতে পঢ়ক :SIT এ উদঘাটন কৰিব স্বাতী মালিৱাল গোচৰৰ প্ৰকৃত সত্য - SWATI MALIWAL ASSAULT CASE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.