ETV Bharat / bharat

নাৰীৰ সুৰক্ষাৰ বাবে পশ্চিমবংগত মুকলি ‘ৰাত্ৰিৰেৰ সাথী’ - Kolkata Doctor Rape murder

author img

By ANI

Published : Aug 18, 2024, 7:02 AM IST

West Bengal govt on RG Kar Rape Murder: পশ্চিমবংগত এগৰাকী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ উত্তাল সমগ্ৰ দেশ । কলকাতাৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যা কৰা ঘটনাৰ তাৎক্ষণিক ন্যায় দাবী কৰি দেশৰ ভিন্ন প্ৰান্তত অব্যাহত প্ৰতিবাদ ৷ নিশাৰ ভাগত কৰ্মৰত মহিলাসকলক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যৰে পশ্চিমবংগ চৰকাৰে মুকলি কৰিছে ‘ৰাত্ৰিৰেৰ সাথী’ নামৰ এক এপ ৷ কেনেকৈ, কিদৰে এই এপে নাৰীক সুৰক্ষা প্ৰদান কৰিব - জানো আহক বিস্তৃত প্ৰতিবেদনযোগে...

West Bengal govt launches 'Rattirer Shaathi' to safeguard night shift women
প্ৰতিবাদ (ETV Bharat Assam)

নেশ্যনেল ডেস্ক, 18 আগষ্ট: প্ৰশিক্ষাৰ্থী মহিলা চিকিৎসকক যৌন উৎপীড়ন চলাই হত্যা কৰা ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে সমগ্ৰ দেশজুৰি ৷ এই ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে পশ্চিমবংগ চৰকাৰে ‘ৰাত্ৰিৰেৰ সাথী’ নামৰ এক এপ মুকলি কৰিছে ৷ নিশাৰ ভাগত কৰ্মৰত মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই এপটো ।

শনিবাৰে এখন সংবাদমেলৰ জৰিয়তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা আলাপন বন্দ্যোপাধ্যায়ে এই পদক্ষেপ গ্ৰহণৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ।

এক প্ৰেছ বিজ্ঞপ্তিযোগে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা আলাপন বন্দ্যোপাধ্যায়ে কয়, "আৰ জি কৰ কাণ্ডৰ পিছত মহিলা নিৰাপত্তাৰ কথা চিন্তা কৰি মুকলি কৰা হৈছে নতুন এপ । নিশাৰ ভাগত কাম কৰা মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে পশ্চিমবংগ চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷"

বন্দ্যোপাধ্যায়ে পুনৰ কয়, "‘ৰাত্ৰিৰেৰ সাথী’ বা ‘হেলপাৰ্ছ অৱ দ্য নাইট’ নামেৰে নামকৰণ কৰা এই মোবাইল এপটো এলাৰ্ম ডিভাইচেৰে বিশেষভাৱে সজ্জিত হ’ব । এই এপটো সকলো কৰ্মৰত মহিলাৰ বাবে বাধ্যতামূলক হ’ব আৰু স্থানীয় আৰক্ষী থানা আৰু আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযুক্ত হ’ব । যিকোনো আতংকময়/জৰুৰীকালীন পৰিস্থিতিৰ সময়ত হেল্পলাইন নং 100/112 ব্যাপকভাৱে ব্যৱহাৰ কৰিব লাগে ৷"

এই পদক্ষেপৰ অধীনত মহিলাসকলৰ বাবে সুকীয়া প্ৰস্ৰাৱগাৰৰ সৈতে বিশ্ৰামগৃহ থাকিব ৷

বিজ্ঞপ্তিযোগে বন্দ্যোপাধ্যায়ে কয়, "চিচিটিভি আৰু ইয়াৰ নিৰীক্ষণৰ দ্বাৰা সম্পূৰ্ণ কভাৰেজৰ সৈতে মহিলাসকলৰ বাবে নিৰাপদজনক স্থান নিশ্চিত কৰা হ'ব । চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়, জিলা চিকিৎসালয়ত নিৰাপত্তা পৰীক্ষা আৰু ব্ৰেথালাইজাৰ পৰীক্ষা কৰা হ'ব । কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতন সম্বন্ধীয় গোচৰ নিষ্পত্তিৰ বাবে এখন বিশাখা সমিতি গঠন কৰিবলৈ সকলো সংস্থাক অনুৰোধ কৰা হ'ব যদিহে কৰা হোৱা নহয় ।"

লগতে মহিলা সুৰক্ষাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত সকলো চৰকাৰী প্ৰতিষ্ঠান আৰু ব্যক্তিগত সংস্থাসমূহক সংবেদনশীলভাৱে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে বুলিও তেওঁ জনায় ।

বিবৃতিটোত কোৱা হৈছে যে, "এই কাৰ্যসূচী জিলাসমূহৰ ভিতৰত গ্ৰহণ কৰা হ'ব । সংগঠনসমূহক এনে সূচী প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰা হ'ব যাতে মহিলাসকলে যুতীয়া বা দলীয়ভাৱে কাম কৰে আৰু ৰাতিৰ সময়ত ইজনে সিজনৰ গতিবিধি জানিব পাৰে ।"

ব্যক্তিগত প্ৰতিষ্ঠানসমূহকো ‘ৰাত্ৰিৰেৰ সাথী’ প্ৰট’কল স্থাপন কৰিবলৈ উৎসাহিত কৰা হ’ব ।

তদুপৰি তলত দিয়া পদক্ষেপসমূহো ল’ব পাৰে

  • সকলো চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, মহিলা হোষ্টেল আৰু তেনেবোৰ ঠাইত নিশা আৰক্ষীৰ টহলৰ ব্যৱস্থা
  • চিকিৎসালয় আদিৰ সকলো মহলাতে পৰ্যাপ্ত খোৱাপানীৰ সুবিধা থাকিব
  • চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়সমূহৰ সকলো অধ্যাপক, কৰ্মচাৰী, নিৰাপত্তাৰক্ষীৰ পৰিচয় পত্ৰৰ ব্যৱস্থা
  • মহিলা চিকিৎসককে ধৰি মহিলাসকলৰ কৰ্মৰ সময় 12 ঘণ্টাৰ অধিক হ’ব নালাগে ৷ যথা সম্ভৱ, মহিলাসকলক নিশা কৰ্তব্যত নিয়োজিত হ’বলৈ দিব নালাগে
  • চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা
  • জিলা চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয় আৰু চিকিৎসালয়ত পুৰুষ আৰু মহিলা নিৰাপত্তাৰক্ষীৰ মিশ্ৰণ হ’ব লাগে

লগতে পঢ়ক: অসমতো বন্ধ OPD সেৱা-অস্ত্ৰোপচাৰ: IMA ৰ আহ্বানৰ প্ৰতি সঁহাৰি অসমৰ চিকিৎসক-কৰ্মীৰ - IMA calls for 24 hours strike

কলকাতাত চিকিৎসক ধৰ্ষণ-হত্যা : অপৰাধত জড়িত কেইবাজনো ইন্টাৰ্ণ, চিকিৎসকৰ নাম CBI ক জনায় অভিভাৱকে - RG Kar Rape Murder

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.