ETV Bharat / bharat

আকবৰ-সীতাক লৈ বংগত ৰাজনীতি - West Bengal

Lion Jodi in Bengal Safari Park: এটা সিংহ দম্পতীৰ নামকৰণক লৈ পশ্চিম বংগত চলিছে ৰাজনীতি ৷ সিংহটোৰ নাম আকবৰ আৰু সিংহিনীৰ নাম সীতা ৰখাক লৈয়ে সৃষ্টি হৈছে বিতৰ্ক পঢ়ক সবিশেষ ৷

Lion Jodi in Bengal Safari Park
Bengal Safari Park
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 9:58 PM IST

নিউজ ডেস্ক, 14 ফেব্ৰুৱাৰী: ত্ৰিপুৰাৰ পৰা বেংগল ছাফাৰী পাৰ্কলৈ সিংহ দম্পতীক আকবৰ আৰু সীতা নামেৰে পুনৰ নামকৰণ কৰাত কেইবাটাও ৰাজনৈতিক দল আৰু স্বেচ্ছাসেৱী সংগঠনে আপত্তি প্ৰকাশ কৰিছে । সিংহ দম্পতীৰ নাম সলনি কৰাৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ প্ৰেৰণ কৰা আবেদনৰ পিছত এই কথা প্ৰকাশ কৰিছে । এই পৰিস্থিতিৰ বাবে ৰাজনৈতিক সংঘাতৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে ২০১৬ চনত আকবৰৰ পিতৃ দুষ্মন্ত আৰু মাতৃ চিন্ময়ী ছিপাইজলাই তিনিটা পোৱালি জন্ম দিছিল । তদানীন্তন ত্ৰিপুৰাৰ বনমন্ত্ৰী তথা চিপিএমৰ নেতা নৰেশ জামাতিয়াই ৭০ৰ দশকৰ অমিতাভ বচ্চন আৰু ঋষি কাপুৰৰ জনপ্ৰিয় চিনেমা ‘অমৰ, আকবৰ, এণ্টনি’ৰ নামেৰে এই তিনিটা পোৱালিৰ নামকৰণ কৰিছিল ।

কেন্দ্ৰীয় চৰকাৰৰ পশু বিনিময় কাৰ্যসূচীৰ তত্বাৱধানত দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত সোমবাৰে ত্ৰিপুৰা আৰু পশ্চিম বংগৰ মাজত কেইবাটাও জীৱ-জন্তুৰ আদান-প্ৰদান কৰা হয় । সোমবাৰে ত্ৰিপুৰাৰ পৰা বেংগল ছাফাৰী পাৰ্কলৈ অনা হয় সিংহ দম্পতী আকবৰ আৰু সীতাৰ লগতে চশমা চকুৱা বান্দৰ, ব্লেকবাক হৰিণ আৰু নাহৰফুটুকী বাঘ ।

আনহাতে, বেংগল ছাফাৰী পাৰ্কে এটা নাহৰ ফুটুকী বাঘ, তেজল আৰু শ্বেৰা নামৰ দুটা শীলৰ পোৱালিক ত্ৰিপুৰাৰ ছেপাহিজালা জুল’জিকেল পাৰ্কলৈ বিনিময় কৰিবলৈ অনুমোদন জনায় ।

তিনিটা পোৱালীৰ ভিতৰত কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষ আৰু ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই কেৱল আকবৰক বেংগল ছাফাৰী পাৰ্কলৈ বদলি কৰিবলৈ বাছি লৈছিল । ২০১৮ চনত ত্ৰিপুৰা চিৰিয়াখানাত জন্মগ্ৰহণ কৰা সীতাৰ বয়স বৰ্তমান পাঁচ বছৰ ।

বছৰটোৰ ভিতৰতে নাহৰফুটুকী বাঘ, গঁড়, হাতী আৰু অন্যান্য বন্যপ্ৰাণী দৰ্শন কৰিবলৈ দৰ্শনাৰ্থীয়ে সংখ্যাত ভিৰ কৰে বেংগল ছাফাৰী পাৰ্কত । এইবাৰ সিংহৰ সংযোজনৰ লগে লগে দৰ্শকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ অনুমান কৰা হৈছে । আনহাতে, বেংগল ছাফাৰী পাৰ্কে সিংহৰ বাবে এটা সুকীয়া পিঞ্জৰাও নিৰ্মাণ কৰিছে ।

গ্ৰীষ্মকালত পশুৰাজ সিংহই পানী খোৱাৰ বাবে সৰু সৰু গাঁত স্থাপন কৰা হৈছে । সেই গাঁতবোৰ প্লাষ্টাৰ কৰিবলৈ চিমেণ্ট ব্যৱহাৰ কৰা হৈছে । গোটেই গ্ৰীষ্মকালত তাত পানী উপলব্ধ হ’ব সিংহবোৰে গা ধুবলৈ । প্ৰতিদিনে আকবৰে সাত কেজি গো-মাংস লাভ কৰাৰ বিপৰীতে সীতাই পাঁচ কেজি লাভ কৰিব ।

লগতে পঢ়ক: অবৈধ প্ৰব্ৰজনে মণিপুৰৰ উগ্ৰপন্থী গোটক সহায় কৰিছে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.